চায়ৱালা, চৌকিদাৰ আৰু মই
মানুহ হিচাপে জন্ম গ্ৰহণ কৰিছো যেতিয়া মৃত্যু নঘটা পৰ্যন্ত হাঁহি-আনন্দৰ মাজেৰেই
আমি জীয়াই থাকিব লাগিব৷ কিন্তু সেয়া ইমান সহজ কথাও নহয়৷ দৈনন্দিন জীৱনত আমি এনে
কিছু আপদ-বিঘিনিৰ সৈতে মোকাবিলা কৰি গৈ থাকিব লাগে যে সিয়ে আমাক বহু সময়ত জীৱন
বিমুখো কৰি তোলে৷ কিন্তু পৃথিৱীত এনে কিছু মানুহো আছে যিসকলে জীৱনলৈ নামি অহা কঠিনৰ
পৰা কঠিনতম বিপৰ্যয়ৰ মুহূৰ্ততো নিজক অটল কৰি ধৰি ৰাখিব পাৰিছে৷ এইসকল জীৱন যুঁজৰ
প্ৰকৃত যুঁজাৰুৱে কেৱল নিজকেই নহয়, সমাজ জীৱনকো বহুত কিবা দি যাবলৈ সক্ষম হৈছে৷
[আপুনি পঢ়ি আছে Digital Dream24] যি কি নহওক, এই প্ৰসংগতে আজি প্ৰথমেই যাৰ কথা ক’ব
খুৰিছো তেওঁ হৈছে বৰ্তমানৰ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডি৷ মই ভালদৰেই জানো যে
তেওঁ ৰাজনৈতিক পথাৰত যিহেতু এতিয়াও সক্ৰিয় হৈয়ে আছে সেয়ে বহুতেই তেওঁক উদাহৰণ
হিচাপে লোৱা কথাটোক প্ৰকাশ্যে সহজভাবে গ্ৰহণ কৰাত অসুবিধা পাব৷ কিন্তু যিয়ে যি নকওক
কিয়, দুযোৰ্গক সুযোগলৈ পৰিৱৰ্তন কৰি, নিগেটিভিটিক পজিটিভিটিলৈ কনভাৰ্ট কৰি প্ৰতিকুল
পৰিৱেশ- পৰিস্থিতিক নিজৰ অনুকূলে লৈ আহিব পৰাৰ যি দক্ষতা মই তেওঁৰ ওচৰত দেখা পাওঁ
সিয়ে মোক ব্যক্তিগতভাৱে অনুপ্ৰাণিত কৰি আহিছে৷ বহুতৰ বাবে সেয়া চতুৰালি হ’ব পাৰে৷
টেঙৰালি হ’ব পাৰে; কিন্তু ক্ষণিকৰ বাবে ৰাজনৈতিক ভাৱনাৰ পৰা মুক্ত হৈ যদি জুকিয়াই
চোৱা হয় তেন্তে দেখা যাব যে তেওঁৰ সেই দক্ষতা বা গুণ আমি নিজৰ জীৱনতো প্ৰয়োগ কৰি
সুফল লাভ কৰিব পাৰো৷ [আপুনি পঢ়ি আছে Digital Dream24] আমি সকলোৱে জানো যে তেওঁ
আহিছে এটা নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা৷ দেউতাক আছিল সাধাৰণ চাহ দোকানী৷ আমি বহুতেই
তেনে একোটা পৰিয়ালৰ পৰাই অহা৷ আন নালাগে, মন গ’লেই কণী এটা লপতকৈ মুখত ভৰাব পৰাৰ
আৰ্থিক ক্ষমতা নথকা এনে পৰিয়ালবোৰত এটা কণী দুডোখৰ কৰি দুজনক ভগাই দিয়া হয়৷ এনে এক
পৰিস্থিতিৰ মাজেৰে কিমান হীনমন্যতাৰে বাঢ়ি আহে একোটা শিশু সেয়া ভুক্তভূগীসকলৰ
বাহিৰে অনুমান কৰাটোও এটা কঠিন বিষয়৷ নৰেন্দ্ৰ মোডী ডঙৰীয়াৰ বিষয়ে যিখিনি তথ্য আমি
পাওঁ তাৰ ভিত্তিত ক’বলৈ গ’লে তেওঁলোকৰ পৰিয়াটোও আছিল একেধৰণৰ৷ মাকে আনৰ ঘৰত
বাচন-বৰ্তন ধুই কেনেকৈ তেওঁলোকক ডাঙৰ কৰিছিল সেই কথা কৈ তেওঁ জুকাৰবাৰ্গৰ সৈতে হোৱা
এটা সাক্ষাৎকালত কেনেদৰে উচুপি উঠিছিল সেয়া নি(য় আপুনিও দেখিছে৷ হীনমন্যতাৰ পৰা
নিজক মুক্ত কৰি এটা সময়ত নিজৰ আত্মীক শক্তিৰ বলত তেওঁ গুজৰাট প্ৰদেশৰ মুখ্যমন্ত্ৰী
হৈছিলগৈ৷ সেই সময়ছোৱাতে বিৰোধী দলৰ বহু নেতাই শুনা-নুশুনাকৈ ‘চায়ৱালা’ বুলি তেওঁক
উপলুঙা কৰিবলৈ লৈছিল৷ মানসিক বল নাথাকিলে, দৃঢ়তা নাথাকিলে বহু লোকেই এনে কথাত
ধৰাশায়ী হয়৷ নিজৰ দুৰ্ভাগ্যজনক শৈশৱক লৈ তুচ্ছ- তাচ্চিল্য কৰা কাৰ্য কাৰো বাবে
সহনীয় হ’ব নোৱাৰে৷ এনে পৰিস্থিতিৰ মুখামুখি হোৱাৰ পিছত বহুতেই নিজৰ ভাগ্যকে জগৰীয়া
কৰি নীৰৱে থাকিলেহেঁতেন৷ কিন্তু তেনে নহ’ল৷ তেওঁ সংকল্প ললে নিজকে চায়ৱালা বুলি
সদম্ভে ঘোষণা কৰাৰ৷ আৰু এদিন বিশাল সভা এখনত হাজাৰ হাজাৰ জনতাৰ সমুখত তেওঁ তাকেই
কৰিলে৷ যিটো কথাৰে প্ৰতিপক্ষই তেওঁক ধৰাশায়ী কৰিব বিচাৰিছিল, লাজ দিব বিচাৰিছিল,
সৰ্বোপৰি ছত্ৰভংগ দিয়াব বিচাৰিছিল, সেইটো কথাকে তেওঁ সগৌৰৱে ঘোষণা কৰিলে– হা মে
চায়ৱালা হু৷ [আপুনি পঢ়ি আছে Digital Dream24] প্ৰতিপক্ষৰ অভিপ্সা পুৰ নহ’ল৷ তাৰ
পৰিৱতে হিতে বিপৰীত হ’ল৷ ভাৰতবৰ্ষৰ আশী নব্বৈ শতাংশ মানুহেই চায়ৱালা পৰ্যায়ৰ৷ গতিকে
এই বৃহৎসংখ্যক মানুহে তেওঁৰ প্ৰতি পূৰ্বতকৈ অধিক আত্মীয়তা অনুভৱ কৰিব ধৰিলে৷ তেওঁ
গাওঁ-ভূঞিৰ কৃষক, শ্ৰমিক, চহা মানুহখিনিৰ মাজত হিৰোৰ দৰে হৈ পৰিল যিটোৱে তেওঁৰ ভাৱ
মূৰ্তিহে উজ্জ্বল কৰিলে আৰু পিছলৈ দেশৰ প্ৰধান মন্ত্ৰী হোৱাতো অৰিহণা যোগালে৷ এয়া
হৈছে নিগেটিভিটিক পজিটিভিতিলৈ ৰূপান্তৰ কৰিব পৰা এটা উত্তম উদাহৰণ৷ শৈশৱৰে পৰা
অতিক্ৰমী অহা জীৱনত এনে বহু উপহাস উপলুঙাৰ পাত্ৰ হৈ আহিছো মই নিজে৷ সেইবোৰে
পূৰ্বতকৈ মোক অধিক হীনমন্যতাত ভোগাইছে, নিজ কৰ্মৰ পৰা আঁতৰাই নিছে৷ কেতিয়াবা হয়তো
হাত, ভৰি, মূৰ খোলৰ ভিতৰত সুমুৱাই থৈ লুকাই থাকিব পৰাকৈ কাছ এটা হ’বৰ মন গৈছে৷
নৰেন্দ্ৰ মোডীৰ দৰে মানসিক দৃঢ়তা থকা হ’লে হয়তো ময়ো নিজৰ দুৰ্বলতাখিনিকে ভেটি
হিচাপে লৈ মূৰ দাঙি উঠিব পাৰিলোহেঁতেন আজি..../ [আপুনি পঢ়ি আছে Digital Dream24]
ক’বলৈ দ্বিধা নাই যে মোৰ শৈশৱটো মুঠেও সুখকৰ নাছিল৷ চুবুৰীটোত বেছি সংখ্যকেই আছিল
ভাত- কাপোৰৰ অভাৱে জুৰুলা কৰা পৰিয়াল৷ সৰুকৈ হ’লেও দেউতাৰ চৰকাৰী চাকৰী এটা আছিল
বাবে তুলনামূলকভাৱে আমাৰ অনাহাৰে থাকিব লগাকৈ অন্ততঃ ভাতৰ অভাৱ নাছিল৷ এনে বৈষম্যই
লগৰীয়া অনাহাৰী শিশুবোৰৰ অন্তৰত অহেতুকভাৱে হিংসাৰ উদ্ৰেক ঘটাইছিল৷ ঘৰখনৰ একেবাৰে
কনিষ্ঠজন হোৱা বাবে সেই হিংসাৰ বলি হৈছিলো মই৷ বয়সত ডাঙৰ দুই একৰ প্ৰৰোচনাত মোক
অহেতুকভাৱে এনে কিছমান কথাৰে নিৰ্যাতন কৰা হৈছিল যিবোৰ ভাবিলে মন এতিয়াও প্ৰতিশোধ
পৰায়ণ হৈ উঠিব খোজে৷ যোৱা ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ সময়ত খ্যাতি লাভ কৰা এটা শ্লোগান
আছিল ‘চৌকীদাৰ চোৰ হ্যে’৷ কাকো হয়তো কোৱাৰ প্ৰয়োজন নহ’ব এই শ্লোগান কাক উদ্দেশ্যি
কোনে কিয় ব্যৱহাৰ কৰিছিল৷ কিন্তু কিয় জানো এই শ্লোগানটো শুনিলেই মোৰ সেই শৈশৱৰ
দুভাৰ্গ্যজনক দিনবোৰলৈ মনত পৰিছিল আৰু মনটো বিষণ্ণ হৈ পৰিছিল৷ ... পিছে নৰেন্দ্ৰ
মোডীৰ মন বিষণ্ণ হোৱা নাছিল৷ তাৰ পৰিৱৰ্তে তেওঁ অধিক সক্ৰিয়তাৰে নিজক জনতাৰ মাজত
প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল৷ চকীদাৰ শব্দটোক সাধাৰণ ধাৰণাৰ পৰা ঊৰ্ধলৈ নি ‘দেশৰ
প্ৰহৰী’ হিচাপে মান্যতা প্ৰদান কৰিছিল আৰু চ’ছিয়েলে মিডিয়াত নামৰ সমুখত ‘চকীদাৰ’
লিখি দেশবাসীক অন্য এক বাৰ্তাহে দিবলৈ সক্ষম হৈছিল৷ কেৱল সিমানেই নহয়, তেওঁৰ সেই
কাৰ্যত উদ্বুদ্ধ হৈ দেশৰ হেজাৰ হেজাৰ মানুহে নিজৰ নামৰ আগত চকীদাৰ লিখিবলৈ লৈছিল৷
[আপুনি পঢ়ি আছে Digital Dream24] আকৌ কওঁ, মোৰ যদি সেই একেই মানসিক দৃঢ়তা
থাকিলহেঁতেন অথবা সেই দিনবোৰতে তেনে আৰ্হি কাৰোবাৰ পৰা পালোহেঁতেন তেন্তে হয়তো আজিৰ
দৰে মই জীৱন কটাবলগীয়া নহ’লহেঁতেন৷ কাৰোবাৰ কাৰণে নৰেন্দ্ৰ মোডীৰ এই দুটা কথা
সাধাৰণ হ’ব পাৰে৷ অথবা হ’ব পাৰে প্ৰতিপক্ষৰ উদ্দেশ্যক বিফল কৰাৰ কৌশলি অস্ত্ৰ৷ মোৰ
বাবে পিছে ই দুযোৰ্গৰ সময়তো ভাগি নপৰাৰ এক অমোঘ মন্ত্ৰ৷ সেই বুলিয়ে যে মই তেওঁৰ
সকলো কথাকে অন্ধৰ দৰে সমৰ্থন কৰো বা অনুকৰণ কৰো এনে নহয়৷ তেনে এটা উদাহৰণ হৈছে
পুলবামা কাণ্ড৷ পাকিস্তানী সন্ত্ৰাসবাদীয়ে যোৱা ’১৯ ৰ লোকসভা নিৰ্বাচনৰ আগে আগে
বোমা বিস্ফোৰণৰ দ্বাৰা দুকুৰিৰোধিক ভাৰতীয় জোৱানক হত্যা কৰিছিল৷ সেই বিয়টোতো তেওঁ
ওপৰত উল্লেখ কৰি অহা ফৰ্মূলা প্ৰয়োগ কৰিছিল যিটো মই আজিও সমৰ্থন নকৰো৷ ইমানবোৰ
গুপ্তচৰ সংস্থা, নিৰাপত্তাৰক্ষী থাকোঁতে খোদ নিৰাপত্তাত জড়িত লোকেই যদি এনেধৰণে
শত্ৰুৰ ষৰযন্ত্ৰৰ বলি হ’ব লগা হয় তেন্তে সেয়া প্ৰশাসনৰ বিফলতাৰ বাহিৰে আন একো নহয়৷
তেওঁ নৈতিক দায়িত্ব মূৰ পাতি লৈ পদত্যাগ নকৰিলেও দেশবাসীৰ ওচৰত ক্ষমা খোজাৰ প্ৰয়োজন
আছিল৷ তাকে নকৰি তেওঁ পাকিস্তানৰ বিৰুদ্ধে এনেকৈ সৰৱ আৰু প্ৰতিশোধৰ ভাৱ দেখুৱালে যে
দেশৰ হোজা জনতাই আঙুলি টোৱাবলৈয়ো পাহৰি গ’ল তেওঁৰ ফালে৷ একেই ফৰ্মুলাৰে তেওঁ নিজৰ
ফালে স্থিৰ হ’বলগীয়া জনতাৰ তৰ্জনী আঙুলিটো পাকিস্তানৰ ফালে ঘূৰাই দিলে¸ ফলত
পূৰ্বতকৈয়ো বেছি আসনেৰে তেওঁ জয় লাভ কৰি দখল কৰিলে দিল্লীৰ মছনদ৷ .... যি কি নহওঁ,
পিছত পাকিস্তানৰ ওপৰত লোৱা ব্যৱস্থাক লৈ আনসকলৰ লগতে ময়ো অৱশ্যে সমানেই সুখী৷
[আপুনি পঢ়িলে Digital Dream24] লেখাটি পঢ়া বাবে আপোনাক ধন্যবাদ জনাইছো৷ অনুগ্ৰহ কৰি
তাইক কৰক আৰু আনলৈ শ্বেয়াৰো কৰি দিয়ক৷ লেখাটি পঢ়ি আপোনাৰ মনত উদ্ৰেক হোৱা ভাৱখিনি
কমেKI× বাকচত লিখক৷ ধন্যবাদ৷
Subscribe to:
Post Comments
(
Atom
)


হয়, মোদী ডাঙৰীয়াকলৈ সকলোৰে মত বেলেগ কিন্তু আপোনাৰ এই অনুভৱ খিনিও নুই কৰিব নোৱাৰি। ভাল লাগিল পঢ়ি।
ReplyDeleteভাল লাগিল
ReplyDeleteসুন্দৰ .
ReplyDelete