Male torture পুৰুষ নিৰ্যাতন আৰু পিশাচিনী মুক্তি পূজা Digital Dream24

পুৰুষ নিৰ্যাতন, male torture
Male torture


 ভাৰতবৰ্ষৰ দৰে পুৰুষতান্ত্ৰীক সমাজ ব্যৱস্থাত পুৰুষ নিৰ্যাতনৰ ধাৰণাটো আভঁজা, খাপ নোখোৱা, বহুতৰে বাবে বিশ্বাস কৰিব নোৱাৰা ধৰণৰ৷ তেনে হোৱাই স্বাভাৱিক৷ যিখন সমাজত নাৰীয়ে নিজৰ পৰিয়াল- পৰিজন, ঘৰ বাৰী এৰি আন এখন ঘৰৰ এগৰাকী পুৰুষক জীৱন সংগী হিচাপে গ্ৰহণ কৰে, যিখন সমাজত নাৰীৰ নিজস্ব বুলি একো নাথাকে, বিবাহিত পুৰুষজনৰ উপাধি, ধৰ্ম, সমাজ, সংস্কাৰ, মান-সন্মানেই যাৰ পৰিচয় বহন কৰে, যিখন সমাজত পুৰুষগৰাকীয়েই পৰিয়ালৰ কৰ্তা, সম্পদৰ উত্তৰাধিকাৰো পুৰুষৰ হাততেই সেইখন সমাজত পুৰুষ নিৰ্যাতন বোলা কথাষাৰ নিশ্চয় অবিশ্বাস্যই হ’ব৷ আমাৰ সাধাৰণ দৃষ্টিত নাৰীহে নিৰ্যাতিত হয়, অথবা নিৰ্যাতিত হোৱাৰ আশংকা থাকে৷ নাৰী অৱলা, সৰলা৷ ...Digital Dream24

আজিৰ পৰা কেইটামান দশক আগলৈকে কথাবিলাক তেনেকুৱাই আছিল৷ পিতৃ মাতৃ, আত্মীয় স্বজন- সৰ্বস্ব ত্যাগ কৰি অহাৰ পিছতো স্বামীৰ ঘৰখনত অধিকাৰ সাব্যস্ত কৰাৰ বাবে নাৰীয়ে সংগ্ৰাম কৰিব লগা হৈছিল৷ স্বামীৰ দ্বাৰা প্ৰত্যাখিতা হোৱা বহু নাৰীয়ে কটাব লগা হৈছিল পৰিত্যক্ত জীৱন৷ পিছে সময় সলনি হ’ল৷ লগে লগে সলনি হ’ল সমাজ ব্যৱস্থা৷ দেশৰ শাসন ব্যৱস্থাত এনে কিছুমান আইন অন্তৰ্ভুক্ত হ’ল,  যাৰ বাবে এগৰাকী নাৰীয়ে সমঅধিকাৰেই কেবল নহয়, ইচ্ছা কৰিলে স্বামী বা স্বামীৰ পৰিয়ালক আঙুলি ঠাৰত নচুৱাব পৰা ক্ষমতাও অৰ্জন কৰিলে আৰু এনেকৈয়ে যেন পুৰুষ নিৰ্যাতনৰ ধাৰণাটোৱেও প্ৰাসংগিকতা পাবলৈ ধৰিলে৷ 

পুৰুষ নিৰ্যাতনৰ বিষয়টো আজি সমগ্ৰ বিশ্বতে আলোচিত হ’বলৈ লোৱা এটা সৰৱ বিষয়৷ বিশেষ¸কৈ ভাৰতবৰ্ষৰ দৰে তৃতীয় বিশ্বৰ দেশবোৰত ই অধিক ৰূপত প্ৰকট হ’ব ধৰিছে৷ আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত যোৱা বছৰ পুৰুষ নিৰ্যাতনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদে গণ আন্দোলনৰ ৰূপ পায়৷  ‘বাংলাদেশ মেনচ ৰাইটছ ফাউণ্ডেশ্যন’ নামৰ সংগঠনটোৱে নেতৃত্ব লোৱা এই আন্দোলনে নিৰ্যাতিত পুৰুষসকলক একত্ৰিত কৰে আৰু নাৰী সুৰক্ষাৰ বাবে প্ৰণিত আইনসমূহৰ দৰে নিৰ্যাতিত পুৰুষসকলৰ বাবেও নতুন আইন প্ৰণয়ন কৰাৰ দাবী তোলে৷ দেশত পুৰুষ নিৰ্যাতন ৰোধ সম্পৰ্কীয় আইনৰ দাবীৰে সংস্থাটোৱে প্ৰতি বৰ্ষৰ ১৯ নৱেম্বৰ দিনটোৰ আন্তৰ্জাতিক পুৰুষ দিৱস বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে৷ 

নিৰ্যাতনৰ সন্মুখিন হোৱা পুৰুষসকলৰ সহযোগিতাৰ বাবে গঠিত হোৱা সংস্থাটোৱে দাঙি ধৰা তথ্য অনুসৰি বাংলাদেশত প্ৰতিদিনে অতিকমেও পাঁচগৰাকী বিবাহিত পুৰুষ নিজ পত্নীৰ দ্বাৰা নিৰ্যাতিত হ’বলগীয়া হয়৷ দেশৰ বিবাহিত পুৰুষসকলৰ ৮০ শতাংশই কোনোবা মহিলাৰ দ্বাৰা নিৰ্যাতনৰ সন্মুখিন হৈ আহিছে বুলিও সংস্থাটোৱে নিজৰ তথ্যত উল্লেখ কৰে৷ সংস্থাটোৰ মহাসচিৱ ফাৰুক চাজেদৰ মতে– ‘‘সামাজিক কাৰণৰ পৰিণতিত পুৰুষসকলে এইকথা মুকলিভাৱে ক’ব নোৱাৰে যাৰবাবে তেওঁলোকে ক্ৰমাগতভাৱে এই নিৰ্যাতন সহ্য কৰিবলগীয়া হয়৷ ’’ এই পুৰুষসকলৰ ভিতৰত উচ্ছ মধ্যবিত্ত প্ৰশাসনিক বিষয়াৰ লগতে নিম্ন মধ্যবিত্ত শ্ৰেণীৰো পুৰুষ আছে৷ পুৰুষ সদস্যৰ ওপৰত নিৰ্যাতনৰ সন্দৰ্ভত সংগঠনটোৰ মহা সচিবগৰাকীয়ে আৰু কয়– ‘ভুক্তভোগীসকলৰ পৰা ফোন তথা ফেচবুকযোগে লাভ কৰা তথ্য অনুসৰি পৰিয়ালকেন্দ্ৰিক অশান্তিক কেন্দ্ৰ কৰি বিবাহিত পুৰুষসকলৰ ওপৰত শাৰীৰিক, মানসিকভাৱে অথবা আইনৰ ভয় দেখুৱাই নিয়মীয়াভাৱে নিৰ্যাতন চলাই যোৱা হৈছে৷ ’ Digital Dream24

ভাৰতবৰ্ষৰ তুলনাত বাংলাদেশ এখন সৰু দেশ৷ সেই হাৰত আমাৰ দেশৰ নিৰ্যাতিত পুৰুষ কিমান হ’ব ভাবকচোন ! সাধাৰণতে মুছলমান সমাজত নাৰীক তুলনামূলকভাবে অধিক অৱহেলিত বুলি কোৱা হয়৷ সেই ভাব অমূলকো নিশ্চয় নহয়৷ কিয়নো মন গলেই তালাক দিব পৰা, মন গলেই একাধিক নাৰী বিয়া কৰাব পৰা আদি কাৰ্য মুছলমানসকলৰ মাজত আজিকোপতি বিদ্যমান৷ তেনে এক সামাজিক অৱস্থাৰ দেশ বাংলাদেশতে যদি ৮০ শতাংশ পুৰুষ নাৰীৰ দ্বাৰা নিৰ্যাতিত তেন্তে ভাৰতবৰ্ষত সেই হিচাপ কিমান হ’ব পাৰে ভাবকচোন৷ 

আমাৰ দেশত হেনো নাৰীক দেৱী আখ্যা দিয়া হয়৷ পিছে এইখন দেশতে ‘পিশাচিনী মুক্তি পূজা’ও অনুষ্ঠিত হয়৷ উল্লেখ্য যে পুৰুষৰ অধিকাৰ ৰক্ষাৰ কাৰণে মাত মাতি অহা ‘ছেভ ইণ্ডিয়ান ফেমিলি ফাউণ্ডেশ্যন’ নামৰ সংগঠনটোৰ দশম প্ৰতিষ্ঠা দিৱস উপলক্ষে বাৰাণসীৰ গংগাৰ পাৰত ২০১৮ চনৰ আগষ্ট মাহত আয়োজন কৰা হৈছিল বিশেষ ‘পিশাচিনী মুক্তি পূজা’ৰ৷ পূৰ্বৰ স্ত্ৰীসকলে নৰক কুণ্ডত পৰিণত কৰি যোৱা জীৱনৰ পৰা সম্পূৰ্ণৰূপে মুক্তি পাবলৈকে এই পূজা তথা আদ্যশ্ৰাদ্ধৰ আয়োজন কৰিছিল দেশৰ ১৫০জনকৈ হতভগীয়া পুৰুষে৷ সংগঠনটোৰ প্ৰতিষ্ঠাপক সদস্য ৰাজেখ ভাখাৰিয়াই এই আদ্যশ্ৰাদ্ধৰ পিছত ১৫০ গৰাকী পুৰুষক মুক্তপুৰুষ আখ্যা দি নিজৰ ভাষণত আক্ষেপ প্ৰকাশ কৰি কৈছিল– গণতান্ত্ৰিক দেশ ভাৰতত পশুৰ কাৰণে পশু কল্যাণ মন্ত্ৰণালয় আছে, নাৰীৰ বাবেতো কিমান কি আছে তাৰ লেখ-জোখ নাই, পিছে পুৰুষসকলৰ নিৰাপত্তাৰ বাবে নাই কোনো বিভাগ৷ ’ ভাৰতীয় আইনক নাৰীপ্ৰেমী আখ্যা দি তেওঁ দেশৰ আইন প্ৰণেতাসকলক উদ্দেশ্যি প্ৰশ্ন কৰিছিল, ‘পুৰুষসকল কি পশুতকৈয়ো অধম? ’ ...

২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত উত্তৰ প্ৰদেশৰ ‘সমন্বয়’ নামৰ এটা বেচৰকাৰী সংস্থাই স্থানীয় আৰক্ষীৰ সহযোগত ৫০টা ৰেজিষ্ট্ৰিভুক্ত অভিযোগকলৈ [যৌতুক সম্পৰ্কীয়] এক ব্যতিক্ৰমী আভিযান চলাইছিল৷ ইয়াৰ বাবে তেওঁলোকে এক বিশেষ¸ পদ্ধতি অৱলম্বন কৰিছিল৷ অভিযুক্ত পুৰুষজনৰ দ্বাৰা অভিযোগকাৰী পত্নীক এক বিশেষ¸ প্ৰলোভনেৰে নিৰ্দিষ্ট ঠাইলৈ মতাই অনাৰ ব্যৱস্থা কৰা হৈছিল আৰু দুয়োকে কথা পতাৰ সুবিধা দিয়া হৈছিল৷ দূৰত লগাই থোৱা হৈছিল গোপন কেমেৰা৷ কাষৰে পাজৰে থাকি সংস্থাটোৰ সদস্যৰ লগতে আৰক্ষীৰ লোকেও লক্ষ্যত ৰাখিছিল দুয়োকে৷ অভিযানৰ অন্তত ইয়াৰে ৪০টা অভিযোগেই মিছা প্ৰমাণিত হৈছিল আৰু বাকি ১০টা কেচ সঁচা আছিল যদিও যৌতুকজনীত নাছিল, আন বিষয়ৰ মনোমালিন্যজনিতহে আছিল৷ বুজা গৈছিল যে অভিযোগটো জটিল কৰিবলৈকে যৌতুকৰ প্ৰসংগটো সাঙুৰি দিয়া হৈছিল৷ 

উক্ত অভিযানত যিকেইটা অভিযোগ ভুৱা বুলি প্ৰমাণিত হৈছিল সেইকেইটাৰ সাৰ কথা জানিলে আপোনাৰ চকু কপালত উঠিব৷ তাৰে এটা কেচৰ বিষয়ে আপোনালোকক জনাব খুজিছো৷ মন কৰিব৷ 

 প্ৰয়াগৰাজৰ এখন চৰকাৰী কলেজৰ কেৰাণী ৰমেশ বাবু৷ দুবছৰীয়া কন্যা সন্তান এটি আৰু মৰমৰ পত্নীৰে সৈতে বৰ সুখেৰেই পাৰ হৈছিল দিনবোৰ৷ হঠাত এদিন পত্নীৰ অকাল বিয়োগ হ’ল৷ কণমানি সন্তানটোক লৈ ৰমেশ বাবুৱে অন্ধকাৰ দেখিলে৷ চোৱা চিতা কৰিবলৈ তেনেকৈ নিকট আত্মীয়ও কোনো নাই৷ কণমানিটিক পাৰাৰ কাৰোবাৰ হাতত গটাই থৈ গৈ ডিউটি কৰাৰ কথাও তেওঁ ভাবিবই নোৱাৰে৷ যেন এক অসহায় অৱস্থা৷ 

এনেতে তেওঁৰ এই শলঠেক অৱস্থাৰ কথা অনুভৱ কৰি তেওঁৰ সৈতে বিবাহ পাশত আবদ্ধ হ’বলৈ মন মেলিলে কলেজখনৰেই ছাত্ৰী এগৰাকীৰ বায়েক ৰিচা ৷ ৰমেশ বাবুৱে যেন হাততে সৰগ ঢুকি পালে৷ ছাত্ৰীগৰাকী আৰু তেওঁৰ বায়েকৰ মহানুভৱতাত যেন তেও আপ্লুত হৈ পৰিল৷ এদিন কণমানিটিক নিজৰ সন্তানৰ দৰে পালন কৰিম বুলি শপত দি ছাত্ৰীগৰাকীৰ বায়েক ৰিছাই ৰমেশ বাবুৰ ঘৰ শুৱালেগৈ৷ 

এমাহমান ভালেই চলিল সংসাৰ৷ পিছে তাৰ পিছৰ পৰাই আৰম্ভ হ’বলৈ ধৰিলে ৰমেশ বাবুৰ বাবে দুৰ্দিন৷ বায়েকক বিয়া দি ছাত্ৰীগৰাকীয়ে যেন বহুত ডাঙৰ এহচানহে কৰিলে ৰমেশ বাবুৰ৷ প্ৰথমে সৰু সৰু, পিছলৈ বিয়াগোম দাবী কিছুমান আহিবলৈ ধৰিলে৷ খুলশালী বুলি যিমান পাৰি দাবীবোৰ পুৰাই গৈছিল ৰমেশ বাবুৱে৷ পিছে ভনীয়েকৰ সকলো দাবীৰ অভিলেখ ভংগ কৰি এদিন নৱবিবাহিতা পত্নী ৰিচাই ৰমেশ বাবুৰ সকলো প্ৰপাৰ্টি তেওঁৰ নামত কৰি দিবলৈ দাবী জনালে৷ অন্যথাই ভাবুকি প্ৰদান কৰা হ’ল, ভয়ংকৰ পৰিণতিৰ সমুখিন হ’ব লাগিব তেওঁ৷ মান হেৰুৱাব লাগিব, চাকৰি হেৰুৱাব লাগিব, জীৱনটো কটাব লাগিব কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত৷ Digital Dream24

এয়া যে বায়েক-ভনীয়েকৰ পূৰ্বপৰিকল্পিত ষড়যন্ত্ৰ আছিল সেয়া বুজিবলৈ পলম নালাগিল ৰমেশ বাবুৰ৷ তেওঁ অসহায় হৈ পৰিল৷ বিভিন্ন প্ৰকাৰে বুজনি-বাজনি দি, অনুনয়-বিনয় কৰিও তেওঁৰ একো ফল নধৰিল৷ একমাত্ৰ সন্তানটোৰ ভৱিষ্যৎ চিন্তা কৰিয়ে তেওঁ কোনো কাৰণতে সমস্ত সম্পত্তি পত্নীৰ নামত কৰি দি লাওলোৱাও হ’ব নিবিচাৰিলে৷ ফলত যি ঘটিব লগা আছিল সেয়াই ঘটিল৷ ৰিচাই নিজৰ মূৰটো ক্ষত-বিক্ষত কৰি লৈ স্থানীয় পুলিচ থালালৈ গৈ অভিযোগ দাখিল কৰিলে৷ যৌতুকৰ নামত নিৰ্মমভাৱে নিৰ্যাতন কৰাৰ অভিযোগ৷ ...

...সমন্বয় নামৰ সংস্থাটোৱে চলোৱা অভিযান কালত আৰক্ষী আৰু সংস্থাটোৰ পৰামৰ্শ মৰ্মে ৰমেশ বাবুৱে সমস্ত সম্পত্তি হস্তান্তৰ কৰি দিয়াৰ প্ৰলোভনেৰে ৰিচাক এখন জনশূন্য পাৰ্কলৈ মাতি পঠিয়ালে৷ দূৰত সাজু হৈ থাকিল গোপন কেমেৰা৷ অডিঅ’ ৰেকৰ্ডৰ বাবে ৰমেশ বাবুৰ লগত সংযুক্ত থাকিল মিনি মাইক্ৰ’ফোন৷ যথা সময়ত ভনীয়েকৰ সৈতে আহি ওলাল ৰিচা৷ আহিয়েই উলিয়ালে সম্পত্তিৰ প্ৰসংগ৷ ৰমেশ বাবুৱে বিনয়েৰে বুজাব যত্ন কৰিলে যে তেওঁ দেৱ শিশুটিৰ ভৱিষ্যতলৈ চাই কোনোপধ্যেই নিজৰ সম্পত্তি আনলৈ হস্তান্তৰ কৰাৰ কথা ভাবিব নোৱাৰে৷ তেওঁ যিহেতু তেওঁৰ পত্নী সেয়ে উত্তৰাধিকাৰ সূত্ৰে তেৱেই সকলো সম্পত্তিৰ গৰাকী৷ 

যৌতুক বিচাৰি নিৰ্যাতন চলোৱা বুলি মিছাকৈয়ে কেচ দি থৈ তেওঁৰ প্ৰতি ঘোৰ অন্যায় কৰা হৈছে বুলি ৰমেশ বাবুৱে কেচটো উঠাই ল’বলৈয়ো কাকূতি মিনতি কৰিলে৷ ইফালে সম্পত্তিৰ আশাত পগলা হৈ থকা দুই ভগ্নীৰ উৎপাত বাঢ়ি গ’ল৷ পাৰ্কলৈ মাতি পঠোৱাৰ পিছত ৰমেশ বাবুৰ মানসিক পৰিৱৰ্তনকলৈ তেওঁলোক নিশ্চিত আছিল৷ কিন্তু সেই আশাত চেঁচা পানী পৰাত যেন দুয়ো ক্ৰুদ্ধা বাঘিনীৰ দৰে হৈ পৰিল৷ হিতাহিত পাহৰি বিভিন্ন আইনী ভয় দেখুৱাই দুয়ো উপৰ্যুপৰি প্ৰহাৰ কৰি গ’ল ৰমেশ বাবুক৷ সাপৰ মুখেৰে যেন বিষ নামিল৷ নিজৰ অজ্ঞাতেই দুই ভগ্নীৰ মুখৰ পৰা সকলো ষড়যন্তৰ কথা স্পষ্টভাৱে ওলাই পৰিল৷ ....

এয়া মাথোঁ এটা উদাহৰণ৷ সংস্থাটোৱে চলোৱা বাকিবোৰ অভিযোগৰ ঘটনাও সমানেই লোমহৰ্ষক আৰু নিকৃষ্ট, ঘৃণনীয়৷ ইয়াত আটাইবোৰ বৰ্ণনা কৰা সম্ভৱ নহয়৷ কিন্তু ‘পুৰুষ নিৰ্যাতন’ বোলা কথাষাৰ হৃদয়ংগম কৰিবলৈ এইটো উদাহৰণেই নিশ্চয় যথেষ্ট৷ Digital Dream24

দুষ্ট লোক সকলক নাৰী বা পুৰুষ, এনে শ্ৰেণীৰ দ্বাৰা বিভাজন কৰি চাব নোৱাৰি৷ তেওঁলোক নিজেই এটা শ্ৰেণী৷ এই শ্ৰেণীত নাৰীও আছে, পুৰুয়ো আছে৷ কিন্তু তথাপি কওঁ, যুগ যুগ ধৰি শোষণ, বঞ্চনা, বৈষম্যৰ বলি হৈ অহা নাৰীয়ে বহু সংগ্ৰামৰ পিছত সমঅধিকাৰ প্ৰতিষ্ঠাৰ নামত লাভ কৰা আইনগত সুবিধাসমূহক সুযোগ হিচাপে লোৱা কাৰ্য সমগ্ৰ মানৱ সমাজখনৰ বাবেই দুৰ্ভাগ্যজনক৷ এনে হ’বলৈ হ’লে পুৰুষে সদায়েই পাতিব লাগিব ‘পিশাচিনী মুক্তি পূজা’৷ .....


c- Ratul Das Sarania

1 comment:

Powered by Blogger.