দুগৰাকীকৈ নাবালিকা যুৱতীক ধৰ্ষন কৰি হত্যা কৰা কোকৰাঝাৰৰ ঘটনাটোৱে বৰ্তমান সমগ্ৰ ৰাজ্যকে কঁপাই ৰাখিছে৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ধৃত সাতোজন যুৱকৰ মাজৰে দুজনৰ পূৰ্বৰ পৰাই যুৱতী দুগৰাকীৰ সৈতে যোগাযোগ আছিল আৰু ঘটনাৰ দিনা পূৰ্ব পৰিকল্পিতভাবেই তেওঁলোক নিৰ্দিষ্ট স্থানত মিলিত হৈছিল৷ তাতে যুৱতী দুগৰাকীৰ সন্মতি অবিহনে সিহঁতে সিহঁতৰ পাশৱিক কামনা চৰিতাৰ্থ কৰে৷ নিজৰ কৌমাৰ্য হেৰুৱাই যুৱতী দুগৰাকী কান্দোনত ভাগি পৰে আৰু ঘৰত কথাটো প্ৰকাশ কৰি দিম বুলি কয়৷ সেয়াই অপৰাধ৷ তাৰ পিছত কি ঘটিল সেয়া সকলোৱে জানিছেই ইতিমধ্যে৷
![]() |
| Rape and murder at Kokrajhar |
প্ৰশাসনৰ তৎপৰতাত ঘটনাটো যেনিবা পোহৰলৈ আহিল৷ কিন্তু সমধৰণৰ কিমান যে ঘটনা লোকচক্ষুৰ অলক্ষিতে ৰৈ গৈছে সেয়া জানো কাৰোবাৰ হিচাপ আছে? প্ৰেমৰ নামত কৰা সিহঁতৰ সেই অপকৰ্মক অকাতৰে মানি লোৱাহেঁতেন, ঘৰত প্ৰকাশ কৰি দিম বুলি নকৈ সহযোগিতা কৰাহেঁতেন হয়তো তেওঁলোকো বাচি গ’লহেঁতেন৷ জটিলতাৰ মাজত সোমাই পৰাৰ ভয়ত, বদনামী হোৱাৰ আশংকাত কতই যে নিৰ্বিবাদে মানি লৈছে তেনে অত্যাচাৰ৷ পৰোক্ষভাবে মই নিজেই সাক্ষী তেনে একাধিক ঘটনাৰ৷ আজি তাৰে কিছু ব্যক্ত কৰাৰ প্ৰয়োজনবোধ কৰিছো৷
মোবাইল ফোনৰ প্ৰথম আগমন হৈছে মাথোঁঁ তেতিয়া৷ ফেচবুক, হোৱাটচএপ আহিছে যদিও এভলেবল হোৱা নাই তেতিয়াও৷ মই তেতিয়া গাঁৱৰ ঘৰত৷ মোৰ ভালকৈয়ে মনত আছে, মাহেকীয়া আলোচনী এখনত প্ৰকাশ পোৱা মোৰ “জোনাক ৰাতিৰ অভিসাৰিকা” নামৰ গল্প এটা পঢ়ি আন বহুতৰ দৰে দুধনৈৰ চিমি নামৰ ছোৱালী এজনীয়ে ফোন কৰিছিল৷ তাই তেতিয়া উচ্চতৰ মাধ্যমিকৰ ফাইনেল পৰীক্ষা দি উঠিছে মাথোঁঁ৷ জনজাতীয় ছোৱালী, কথাবোৰ খাৰাংখাচ দেখি তাইক মোৰ ঘৰৰে অথবা চুবুৰীৰে কোনোবা যেন লাগি গৈছিল৷ সেয়ে সেই যি প্ৰথম ফোনটো কৰিলে তাৰ পিছতো আমাৰ দুয়োৰে মাজত সুসম্পৰ্ক এটা চলিয়ে থাকিল পিছলৈয়ো৷ সময়ত তাই বিএ পাছ কৰিলে, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আইডলত পোষ্ট গ্ৰেজুৱেটো হ’ল৷ .. কিন্তু এইবোৰৰ মাজতে তাই প্ৰেমৰ নামত যি বৰ্বৰতাৰ সমুখীন হ’ব লগা হ’ল সেয়া সকলোৰে অলক্ষিতেই ৰৈ গ’ল৷ তাই আজি আন এখন ঘৰৰ বোৱাৰী৷ কিন্তু ঘটনাটো মনত পৰিলে এতিয়াও মোৰ মন বিষাদেৰে ভৰি পৰে৷ সেই ঘটনাৰ পৰোক্ষ সাক্ষী একমাত্ৰ ময়েই আছিলো৷ অনোশোচনাতো ভূগো প্ৰায়ে; কিয়নো মোৰ দৰে দাদা এজন থকাৰ পিছতো তাইৰ জীৱনত তেনে এক নিৰ্মম ঘটনা ঘটিবলৈ পালে৷ Digital Dream24
মংগলদৈৰ ফালৰ নিজকে ৰাজু কলিতা বুলি পৰিচয় দিয়া এটা ল’ৰাৰ সৈতে প্ৰেম গঢ়ি উঠিছিল চিমিৰ৷ ল’ৰাজনৰ সৈতে মোকো ফোনতে চিনাকি কৰাই দিছিল চিমিয়ে৷ কথাই বতৰাই মোৰো বেয়া লগা নাছিল তাক৷ চিমি তেতিয়া বিএ পাছ কৰি ওলোৱা মেচিউৰড্ ছোৱালী৷ তাইৰ পচন্দত হস্তক্ষেপ কৰাৰ কোনো কথাই আহিব নোৱাৰে৷ মাথোঁঁ এষাৰ কথা সদায়ে কৈছিলো তাইক-- এনেকুৱা কোনো কাম নকৰিবা যিটো কামে তোমাক পিছলৈ অনুতপ্ত কৰিব পাৰে৷ ...
ল’ৰাজনৰ সৈতে চিমিৰ চাক্ষুস দেখা দেখিও হ’ল এদিন৷ সি চিমিৰ দুধনৈৰ ঘৰলৈ আহি গ’ল মাজতে৷ চিমিৰ আনন্দিত মন দেখি মোৰো যথেষ্ট ভাল লাগিল৷ তাই ৰাজু কলিতা নামৰ এই ল’ৰাজনৰ সৈতে জীৱনৰ দীঘল বাটটো বুলিবলৈ সাজু হ’ল৷ দুয়োৰে মাজত লগা সৰু সৰু খুট খাটবোৰ, অভিযোগ প্ৰতি অভিযোগবোৰৰ মাজত ক’ব নোৱাৰাকৈয়ে সোমাই পৰিলো ময়ো৷
এদিন চিমিয়ে হঠাতে মোৰ আগত কও নকওকৈ ব্যক্ত কৰিলে এক গোপন মনৰ অভিলাষ৷ সিহঁত দুয়ো দুয়োকে এদিনৰ বাবে নিবিড়ভাবে পাব বিচাৰে৷ মোৰ ক’বলগীয়া একো নাছিল৷ প্ৰেমত পৰা যুৱক যুৱতী এহালৰ মনলৈ তেনে অভিলাষ নহাটোহে হ’ব অস্বাভাৱিক৷ কিন্তু চিমিৰ পিছৰ কথাবোৰে মোক বিপাঙত পেলালে৷ সিহঁতে মই ভৱাৰ দৰে কাৰো ঘৰত নহয়, লগ হ’ব বিচাৰিছে মহানগৰৰ কোনো ল’জ বা হোটেলত৷ কেবল সেয়াই নহয়, তাই মাকক কৈ আহিব মোৰ ঘৰলৈ আহিম বুলি৷ মই দুৰ্ঘোৰ আপত্তি কৰিলো৷ স্পষ্টভাবে জনাই দিলো যে মাকক মই কোনো কাৰণতে মিছা ক’ব নোৱাৰো আৰু হোটেলত ৰাত্ৰি যাপন কৰা সস্তীয়া প্ৰেমৰ প্ৰতিও মোৰ কোনো সদ্ভাৱ নাই, সহযোগিতা দূৰৰ কথা৷
চিমি নাচোৰবান্দা৷ অৱশেষত যি কৰা বুলি মই সেই প্ৰসংগ সিমানতে এৰিব খুজিলো৷
এনেকৈয়ে গুচি গ’ল চাৰি মাহমান সময়৷ এইখিনি সময়তে মোৰ জীৱনলৈয়ো যথেষ্ট পৰিৱৰ্তন আহিল৷ সংসাৰো পাতিলো৷ এওঁৰ লগত পূৰ্বৰে পৰাই চিনাকি আছিল চিমিৰ৷ দুয়ো কথা পাতে৷ ময়ো ধৰো কেতিয়াবা ফোনটো৷ পূৰ্বৰ প্ৰসংগ নুলিয়াও৷ ভাল নলগা কথাবোৰ এমেয়েও এৰাই চলো মই৷
কিন্তু ইয়াৰ মাজতে তাই কওঁ নকওকৈ যিষাৰ কথা ক’লে শুনি মই মৰ্মাহত হ’লো৷ ৰাজু কলিতা বোলা তাইৰ প্ৰেমিকজন আচলতে ৰাজু কলিতা নাছিল৷ আছিল তাইৰ মনে কাহানিও কল্পনা নকৰা এক অন্য সম্প্ৰদায়ৰ৷ মোৰ অসন্মতিলৈ কৰ্ণপাত নকৰি এদিন দুয়ো গৈ উপস্থিত হৈছিল মহানগৰীৰ এখন সৰু ল’জত৷ প্ৰথমৰ পৰাই আচহুৱা আচহুৱা লাগিছিল হেনো তাইৰ পৰিৱেশটো৷ ল’ৰাজন টয়লেটলৈ যোৱা কিঞ্চিতমান সমযখিনিতে খুলি থৈ যোৱা পেন্টটোৰ পকেট খেপিয়াই উদ্ধাৰ কৰিছিল তাই তাৰ পানকাৰ্ডখন আৰু তাত থকা নামটো পঢ়ি শিয়ৰি উঠিছিল৷ ... Digital Dream24
তাইৰ কোনো উপাই নাছিল৷ অপৰিচিত ঠাই, অপৰিচিত পৰিৱেশ৷ ঘটনা অধিক বেয়ালৈ যোৱাৰ আশংকাত তাই একো নজনাৰ ভাও ধৰিছিল৷ ... নিজৰ প্ৰয়োজন শেষ হোৱাৰ পিছত তাইৰ শৰীৰটো আন এজন আদহীয়া লোকক গটাই দি দোভাগ নিশা ওলাই গৈছিল পাপীষ্ট প্ৰেমীক৷ ... আকলুৱা প্ৰেমৰ কৰুণ পৰিণতিৰ দুখে তাইক বোবা কৰি পেলাইছিল৷ ...
সিদিনা চিমিয়ে ঘটনাটোৰ সৈতে কম্প্ৰমাইজ নকৰাহেঁতেন তাইৰো মৃতদেহটো হয়তো পিছদিনা উদ্ধাৰ হ’লহেঁতেন মহানগৰীৰ কোনো নৰ্দমাত৷ ...
আন এটা অভিজ্ঞতা উজনিৰ ফালৰ এখন ভিতৰুৱা গাঁৱৰ৷ হিন্দী চিনেমাৰ কাহিনীতকৈয়ো লোমহৰ্ষক এটা চূড়ান্ত প্ৰতাৰণাৰ কাহিনী৷
একেধৰণেই চিনাকি হৈছিল মোৰ বীণা নামৰ আন এগৰাকী যুৱতীৰ সৈতে৷ ক’বলৈ লোৱা কাহিনীটো মোৰ সৈতে চিনাকি হোৱাৰ আগৰ কাহিনী৷ মই তাইৰ মুখে শুনা । তাঁতত ফুল বাছি জীৱনৰ সপোন ৰচা ছোৱালী৷ মেট্ৰিক পাছ কৰি পঢ়া এৰিছিল৷ গাহৰী- কুকুৰা পুহি ঘৰো চলাইছিল, নিজেও চলিছিল৷ হঠাৎ চিনাকি হ’ল বংকিম নামৰ এজন নিজকে গোলাঘাটৰ বুলি পৰিচয় দিয়া ল’ৰাৰ সৈতে৷ চিনাকিৰ পৰা গৈ পিছলৈ গঢ়ি উঠিল প্ৰেম৷ তাৰ পিছত শাৰীৰীক সম্পৰ্ক৷ এদিন বংকিমে তাৰ বন্ধু মাণিকৰ বাবে ছোৱালী এজনী বিচাৰিলে৷ মাণিক ভাল ল’ৰা৷ পচন্দ হ’লে সোনকালে বিয়াও পাতি পেলাব হেনো৷
বীনাই তাইৰ মৰমৰ বান্ধৱী গীতাৰ নম্বৰটো দি দিলে তাক৷ পিছদিনাই গীতালৈ মাণিকৰ ফোন আহিল৷ দুই এদিনৰ ভিতৰতে সিহঁতৰ মাজতো গঢ়ি উঠিল প্ৰেম আৰু তাৰ পিছত শাৰীৰীক সম্পৰ্ক৷ ...
এদিন মাণিকেও আন এগৰাকী বন্ধু দীপৰ বাবে ছোৱালী এজনী বিচাৰিলে গীতাৰ ওচৰত৷ গীতায়ো নিসংকোচে প্ৰেমাস্পদৰ বন্ধুৰ বাবে তাইৰ মৰমৰ বান্ধৱী নয়নাৰ নম্বৰটো দি দিলে৷ এইবাৰ দীপ আৰু নয়নাৰ মাজতো চলিবলৈ ধৰিলে একেই সম্পৰ্ক৷ ... এনেকৈয়ে বন্ধুৰ বাবে বান্ধৱী সংগ্ৰহৰ অভিযান চলি থাকিল৷ এনেদৰে আৰু কিমান দিন গ’লহেঁতেন ঠিক নাই; কিন্তু এদিন সকলো কথা পৰিষ্কাৰ হৈ ওলাই পৰিল বীণাহঁতৰ সমুখত৷ ..
এই যে বংকিম, মাণিক অথবা দীপ, সিহঁত আন কোনো নহয়, বেলেগ বেলেগ চিম ব্যৱহাৰ কৰি বেলেগ বেলেগ নামেৰে সিয়েই আছিল গেটেইকেইজন মানুহ৷ তেতিয়া ফেচবুক বা হোৱাটচএপ একোৱেই নাছিল বীণাহঁতৰ সাধাৰণ মোৱাইলবোৰত৷ তদুপৰি এনেকুৱা কোনো সুবিধাও সি দিয়া নাছিল যাৰ দ্বাৰা বীণাহতৰ মনত সন্দেহৰ উদ্ৰেক হ’ব পাৰে৷ সি আছিল লগাতকৈ অধিক চালাক, অন্ততঃ বীণাহঁতৰ দৰে আজলি সহজ সৰল ছোৱালীৰ বাবে৷ জনজাতীয় সৰলতাৰ সুযোগ লৈ নিৰ্মমভাবে সি সকলোকে লুটিছিল মাথোঁ লুটিছিল৷
এদিন মাণিকৰ ৰূমত আহি ভুলবশতঃ সি গীতাৰ ঘৰত হেলমেটটো এৰি গৈছিল৷ এই হেলমেটটোৰ পৰাই গোটেইকেইজনীৰ মনত সন্দেহৰ সূত্ৰপাত হ’বলৈ ধৰে৷ কিন্তু কি হ’ব, কিবা ব্যৱস্থা লোৱাৰ আগতেই ধান খাই কাৰ্শলা গছৰ ডালত৷ ...Digital Dream24
বীণাই জনোৱা মতে সিয়ো আছিল তাই কামনা নকৰা অন্য এক সম্প্ৰদায়ৰ৷ এই কথা তাই বহু পিছত গম পাইছিল যদিও হৃদয়ত তাৰ প্ৰতি গঢ়ি উঠা অকৃত্ৰিম স্নেহৰ বাবেই তাই সেই কথাটোকো মানি লৈছিল৷ বিনিময়ত কি পালে তাই ভাৱকচোন৷
উল্লিখিত দুয়োটা ঘটনাতে এটা বিষেষ সম্প্ৰদায়ৰ লোক জড়িত থকাৰ কথা উল্লেখ কৰা হৈছে৷ অপৰাধিৰ কোনো ধৰ্ম, সম্প্ৰদায় অথবা দেশ-কাল নাথাকে৷ কোকৰাঝাৰৰ ঘটনাটোতে শংকৰদেৱ বৰ্মনো আছে৷ তথাপি শেহতীয়াভাবে পোহৰলৈ অহা অসামাজিক কামসমূহত জড়িতসকলৰ সৰহসংখ্যকেই যে উক্ত সম্প্ৰদায়টোৰ লোক সেয়া অনস্বীকাৰ্য আৰু অপ্ৰিয় সত্য৷ কথাটোক অন্যধৰণে নলৈ কিছু বাস্তৱিক দৃষ্টিৰে গ্ৰহণ কৰি যদিহে ই সঁচা হয় তেন্তে তাৰ কাৰণ নিৰ্ণয় কৰি ফলপ্ৰসূ সমাধানৰ সূত্ৰ উদ্ভাৱনৰ যত্ন কৰাতনো কি অসুবিধা !৷ আমি একেলগে আছো, একেলগে থাকিয়ে আগুৱাব লাগিব৷ ভিন্ন চিন্তা, ভিন্ন মানসিকতাৰ এজাক মানুহ একেখন আকাশৰ তলত কেতিয়াও সুস্থভাবে জীয়াই থাকিব নোৱাৰে৷
সকলো বিষয়তে এনেধৰণৰ সাম্প্ৰদায়িকতাৰ ভূত দেখা এচামৰ ভূমিকাই কেৱল সংশ্লিষ্ট সম্প্ৰদায়টোকে নহয়; বৰঞ্চ সমগ্ৰ জাতিটোকে পতনৰ ফালে লৈ যাব৷
আমাৰ যুৱতী বাই-ভনীসকলেও প্ৰেমৰ নামত পগলা হ’বলৈ এৰক৷ মানসিকভাবে মজবুত হ’বলৈ উপৰঞ্চি শক্তি আহৰণৰ চিন কৰক৷ য’লৈকে নাযাওক পৰিয়ালৰ লোকৰ সৈতে যোগাযোগত থাকক৷ উপাই নাই, আমি যে সভ্য মানুহ৷ ...Digital Dream24
[নিজক IPS বিষয়া বুলি পৰিচয় দিয়া গুৱাহাটীৰে আবু চুফিয়ান নামৰ ব্যক্তিগৰাকীৰ লেখা এটা পালো ফেচবুকত৷
“চিন্তা নকৰিবলগীয়া চিন্তাঃ কেইটামান প্ৰশ্ন” শীৰ্ষক নিমোৰ্হ লেখাটি বৰ সময়োপযোগী বুলি ভাবিছো৷ কপি ৰাইট সম্পৰ্কীয় সমস্যাৰ বাবে ইয়াত সাঙুৰি দিব নোৱাৰো৷ কমেণ্ট বক্সত বিচাৰিলে ব্যক্তিগতভাবে দি পঠাব পাৰিম৷ লেখাটিত উল্লেখ কৰা চৰিত্ৰসমূহৰ নামবোৰ সঁচা নহয়, সংশ্লিষ্টসকলৰ ভাবমূৰ্তি বিনষ্ট নহওক- এয়াই তাৰ কাৰণ৷ ]
c-Ratul Das Sarania

No comments: