Inferiority complex নীচাত্মিকাবোধ Digital Dream24

ধৰ্মকান্ত পেগু বনাম ধৰ্ম কেন্তাপেগু

Inferiority complex, নীচাত্মিকাবোধ


ধনী দুখীয়া, সৰু-বৰ সকলো লোকেই জীৱনত কেতিয়াবা নহয় কেতিয়াবা হীনমন্যতাত ভোগে৷ বহুতেই হয়তো সোনকালেই ইয়াৰ পৰা নিজক মুক্ত কৰি লয় আৰু আন বহুতকে ইয়াক অতিক্ৰম কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়৷ বহুতেই আকৌ কাৰণহীনভাৱে মৃত্যু পৰ্যন্ত বেতালৰ দৰে কান্ধত লৈ ফুৰে কিবা নহয় কিবা এক হীনমন্যতা৷ Digital Dream24


জনজাতীয় চুবুৰী এটাৰ জনজাতীয় পৰিয়াল এটাত জন্ম গ্ৰহণ কৰি শৈশৱ, কৈশোৰ, যৌৱন পাৰ কৰি আহিছো৷ জনজাতীয় লোকসকলৰ প্ৰতি সামগ্ৰিকভাবে সামাজিক যি হীন ধাৰণা সেই ধাৰণাৰ দ্বাৰা প্ৰভাৱিত হৈয়ে আমি বাঢ়িছিলো; সেয়া আজিৰ তাৰিখত অপ্ৰিয় হ’লেও সেই সময়ৰ সত্য কথা৷ প্ৰয়োজনতকৈ অধিক ভণ্ডামী নাথাকিলে এই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ আমি কেকোঁৰা খোৱা, আমি গাহৰী খোৱা, আমাৰ নাকবোৰ ফেঁচাৰ দৰে, আমাৰ মুখৰ ভাষা খালং গেলং৷ পৰিষ্কাৰ কৰি ৰাখিবলৈ যিমানেই যত্ন কৰা নহওক কিয়, আমাৰ পদূলি লেতেৰা, ঘৰ লেতেৰা..৷ আমি নীচ জাতৰ, আমি হীন জাতৰ৷ আমি কছাৰী, আমি ৰাক্ষস, আমি চণ্ডাল৷ .. এনে সামাজিক দৃষ্টিভংগীয়ে আমাক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল আৰু আমি হীনমন্যতাত ভুগিছিলো৷  নিজৰ প্ৰিয় খাদ্যাভ্যাসকলৈ আমাৰ হীনমন্যতা আছিল, নিজৰ চুটি নাকটোকলৈ হীনমন্যতা আছিল, ভাষাৰ উচ্ছাৰণকলৈ আমাৰ হীনমন্যতা আছিল...৷ আজিৰ তাৰিখত হয়তো সেই পৰিৱেশ আমাৰ সমাজত নাই৷ কিন্তু আমাৰ মাজৰ বহুতেই আজিও তেনে হীনমন্যতাৰ পৰা নিজক মুক্ত কৰিব পৰা নাই৷ 


সৰুতে মাজু ককাইদেৱে মৰমতে মোক প্ৰায়ে থপিয়াই ধৰি কাষলৈ ছপাই নিছিল আৰু ঢেমালীতে নাকটোত টিপা মাৰি ধৰি নাক দীঘল কৰা মন্ত্ৰ মাতিছিল৷ এম, ই, স্কুলত পঢ়ি থাকোঁতেই বড়ো সম্প্ৰদায়ৰ সহপাঠী এজনেও নিজৰ চুটি নাকটো টানি টানি দীঘল কৰাৰ যত্ন কৰিছিল৷ দাড়ি গজক বুলি ৰেজৰ আৰু ক্ৰীম আনি নিয়মিত চেভ কৰিছিল৷ তেওঁ বিচাৰিছিল দাড়ি গোফে ‘শুৱনি’ দীঘল নাকৰ অজনজাতীয় মুখ এখন৷ এইবোৰৰ অন্তৰালতো আছিল সমাজে জনজাতীয় লোকসকলৰ প্ৰতি পোষণ কৰা হীন দৃষ্টিভংগী, যাৰ পৰা মুক্ত হোৱাৰ প্ৰৱণতাই এইবোৰ কৰিবলৈ মনক প্ৰৰোচিত কৰিছিল৷ 

আমাৰ চুবুৰীৰে এজন ককাইদেউৰ বিয়া এখনৰ কথা এতিয়াও ঘানাক ঘুনুককৈ চৰ্চা হৈ থকা দেখো৷ তেতিয়া কিজানি আমি জন্মাই নাছিলো৷ ককাইদেউৰ কইনা আছিল তুলনামূলকভাৱে এটা আমাতকৈ অলপ ওপৰখাপৰ জাতৰ৷ ৰাতি নিৰ্দিষ্ট সময়ত দৰা সাজি ওলাল ককাইদেউ৷ পিছে লগত কোনসকল যাব? ককাইদেউজনে হেনো ঘোষণা কৰি দিলে– যিসকলৰ নাকবোৰ দীঘল দীঘল, সেইসকলহে যাব পাৰিব বৰযাত্ৰীৰ সৈতে৷ .. তেওঁৰ ঘোষণা শুনি হতবাক ৰাইজ৷ কেৱল হতবাকেই নহয়, বহুতৰেই ভীষণ খঙো উঠিল কথাটোত৷ বহুতেই বিয়াখনেই বৰ্জন কৰি আঁতৰি গ’ল৷ ককাইদেউজনৰ মনত এনে উদ্ভট চিন্তাৰ কিয় উদ্ৰেক হৈছিল সেয়া নিশ্চয় সহজেই অনুমান কৰিব পাৰিছে ।

এবাৰ মোৰ নিজৰ শাৰীৰীক সমস্যা এটাৰ বাবে স্বনামধন্য চিকিৎসক ডাঃ অশোক কায়েলৰ ৰিহাবাৰীত থকা চেম্বাৰলৈ গৈছিলো৷ লগত চুবুৰীৰে ভতিজা ল’ৰা এটা৷ বাটতে লগ দিলে এজনী খুলশালি ছোৱালীয়ে৷ গুৱাহাটীলৈ যাব৷ বাছ নাপালে৷ গতিকে আমি নিজৰ গাড়ীৰে গুৱাহাটীলৈ ওলোৱা গম পাই বাটত ৰৈ আছিল৷ ভালেই লাগিল৷ সম্পৰ্কীয় ছোৱালী, উঠাই ললো৷ তাই তেতিয়া গুৱাহাটীৰ এঠাইত ঘৰ ভাৰা কৰি থাকি কিবা এটা কোৰ্চ কৰি আছিল৷ কলো, ‘ব’লা ডাক্তৰৰ তালৈকে যাওঁ, ভাৰাঘৰলৈ গৈ আজি আৰু ৰুমতহে সোমাই থাকিবা৷ ..’ তায়ো মান্তি হ’ল৷ 

মোৰ সমস্যাটো আছিল নাৰ্ভৰ৷ হাতত লাখুটিদাল থাকেই৷ চেম্বাৰ পাই মই নামি গ’লো৷ ভতিজা ল’ৰাটোও নামিল৷ লক্ষ্য কৰিলো খুলশালিজনীয়ে মোৰ পৰা আঁতৰি ভতিজা ল’ৰাটোৰ কান্ধত কান্ধ মিলাই ঠিয় হৈছে৷ গাড়ীৰ পৰা নামি চেম্বাৰৰ ৱেটিং ৰুমলৈকে এই বাটছোৱা তাই ভতিজা ল’ৰাটোৰ সৈতে এনেভাবে গৈছে, দেখিলে এনে লাগে যেন দুয়ো প্ৰেমিক-প্ৰেমিকাহে৷ তলে তলে হাঁহিও উঠিল৷ বয়সৰেই দোষ বুলি নীৰৱে ৰস লৈ থাকিলো দৃশ্যটো চাই৷ Digital Dream24

ৰোগীৰ সংখ্যা সৰহ আছিল বাবে কমেও দুঘন্টা সময় অপেক্ষা কৰিব ল’গা হ’ল৷ বিশ্বাস কৰক এই সুদীৰ্ঘ দুই ঘন্টা সময় খুলশালিজনীয়ে মোৰ চকুলৈ এবাৰো নাচালে৷ আনকি এনে আচৰণ কৰিব বিচাৰিলে যেন তাই মোক চিনি নাপায়, মোৰ লগত অহাও নাই৷ ...অলপ আঁতৰৰ ফালে ভতিজা ল’ৰাটোৰ সৈতে বেলেগ এটা এটিটিউড লৈ বহি থাকিল৷ বুজিলো, ইয়াৰ কাৰণ মোৰ হাতত থকা লাখুটিডাল আৰু ৰোগে বিকৃতপ্ৰায় কৰা বেঁকা শৰীৰটো৷ গাভৰু ছোৱালী এজনীক তেনে এজন ল’ৰাৰ সৈতে দেখিলে ‘লেবেল’নো থাকিব ক’ত । কৃষ্ণহে বুলিছো আৰু৷ চিন্তাৰ কি যে দৈন্যতা ৷ এয়া কিন্তু হীনমন্যতা নহয়, উচ্ছাত্মিকাবোধহে৷ 


১৯৯২ চনৰ নবেম্বৰ মাহত ডিব্ৰুগঁড় চহৰত ১৫ দিন বিশেষ এটা কামৰ বাবে থাকিব লগা হৈছিল৷ তাতে আভ্যন্তৰীণ জলপৰিবহণ নিগমৰ অফিচত ধৰ্মকান্ত পেগু নামৰ এজন সুদৰ্শন চেহেৰাৰ যুৱকক বন্ধু হিচাপে পাইছিলো৷ দেখিছিলো তেওঁ কৰবাত নিজৰ নামটো লিখিব লগা হ’লে ‘Dharma Kantapegoo’ বুলি লিখে আৰু ক’ব লগা হ’লেও কান্ত আৰু পেগু দুয়োটাকে একাকাৰ কৰি ‘কেন্তাপেগু’ বুলি কয়৷  কেইবাদিনো একে অভিজ্ঞতাৰ সমুখীন হোৱাৰ পিছত কৌতূহল ৰাখিব নোৱাৰি এদিন আপঙৰ আড্ডাত সুধিয়ে পেলালো কথাটো৷ তেওঁ দোৰোল খোৱা জিভাৰে ক’লে– ‘তোক আৰু কি লুকুৱাম ভাই৷ সঁচা কথা, পেগু বুলি চিনাকি দিবলৈ লাজ লাগে অ’...৷ ’ Digital Dream24

বুজিলো, নিজৰ জন্মসূত্ৰে লাভ কৰা উপাধিটোকলৈয়ে তেওঁৰ সমস্যা । পেগু বুলি পৰিচয় দিবলৈ সংকোচ বা লাজ লাগে বাবে পেগুটোকেই কেন্তাপেগু কৰি পেলালে । 


সহজ ভাষাত– আপুনি যদি চাৰি অনাৰ মানুহ আৰু কিবা কাৰণত পাঁচ অনাৰ বুলি ভাবিবলৈ লৈছে তেন্তে সেয়াই উচ্ছাত্মিকাবোধ৷ আনহাতে পাঁচ অনাৰ মানুহ হৈ যদি আপুনি কিবা কাৰণত চাৰি অনাৰ বুলি ভাবিবলৈ লৈছে তেন্তে সেয়া নীচাত্মিকাবোধ বা হীনমন্যতা৷ দুয়োটাই কিন্তু সমানেই ক্ষতিকাৰক৷

No comments:

Powered by Blogger.