প্ৰত্যাৱৰ্তন
প্ৰাতঃভ্ৰমণ কৰি আহি জগৎ মাষ্টৰে পদূলিৰ বকুলজুপিৰ তলতে খন্তেক ৰৈ দীঘলকৈ দুটামান উশাহ টানিলে। বকুলজুপিৰ গুৰিৰ অংশত ফাপৰে ধৰাৰ দৰে ছালবোৰ ঠায়ে ঠায়ে এৰি গৈ দেখাত অশুৱনি হৈ পৰিছে। ডাল-পাতবোৰৰ শ্ৰীশ্রীবৃদ্ধিও আগৰ দৰে হৈ থকা নাই। কিছুবছৰ আগলৈকে বছৰৰ বেছিভাগ সময় ফুলেৰে জাতিষ্কাৰ হৈ আছিল বকুলজুপি। তলসৰা ফুলৰ বাবে খোজ দিবলৈয়ে ঠাই নাথাকিছিল।
বকুলজুপিৰ বয়স হ'ল। জগৎ মাষ্টৰে মনতে হিচাপ কৰিলে—পাঠশালা এবি এম ই স্কুললৈ প্ৰথম যিদিনা তেওঁ গৈছিল, সেইদিনাই দেউতাকে তেওঁৰ দ্বাৰা ৰুৱাইছিল এই বকুলজুপি। তেতিয়া তেওঁৰ বয়স আছিল দহ কি এঘাৰ। তেওঁৰ বয়সেই এতিয়া সত্তৰৰ ডেওনা চোওঁ চোওঁ। গোটেই জীৱনকাল জগৎ মাষ্টৰৰ পদূলিত সৌন্দৰ্য আৰু সুৰভি বিলাই এতিয়া সি যেন ক্লান্ত আৰু শ্ৰান্ত।
বকুলজুপিৰ ছাল এৰা অংশত গভীৰ আত্মীয়তাৰে এবাৰ হাত বুলাই দিলে জগৎ মাষ্টৰে। কিবা এক অজান বিষাদত ভৰি উঠিল তেওঁৰ মনটো। বকুলজুপিৰ গুটিৰ পৰাই গজি উঠা আন এটা পুলি শলখাডালৰ আনটো ফালে ঠন ধৰি উঠিব ধৰিছে। কুশলে মাজে মাজে কোৱা কাণ পাতি শুনে জগৎ মাষ্টৰে। পুলিটো আৰু অলপ বুজন হ'লে হেনো পুৰণিজোপা কাটি পেলাব সি। তেওঁ একো মাতিব নোৱাৰে। বকুলজুপিৰ প্ৰতি সমবেদনাত তেওঁৰ মনটো মোচৰ খাই উঠে। তজবজীয়া হৈ বাঢ়ি অহা পুলিটোৰ প্ৰতি প্ৰচণ্ডভাৱে ঈৰ্ষাকাতৰ হৈ পৰে তেওঁ।
বকুলজুপিৰ কথা মনৰ পৰা আঁতৰাই জগৎ মাষ্টৰ এইবাৰ খৰখোজেৰে বাৰাণ্ডা উঠিলগৈ। শলখাৰ পৰা মূল ঘৰৰ বাৰাণ্ডালৈ এই ঠাইখিনি বেছ আহল-বহল। এইখিনি ঠাইত তেওঁ সৰুৰে পৰাই দেখি আহিছিল এখন জকমকীয়া ফুলনি। এই ফুলনিৰ মাজে মাজে লবি-ঢাপৰিয়েই জগৎ মাষ্টৰে পাৰ কৰি আহিছে তেওঁৰ শৈশৱ-কৈশোৰ। পিছৰ দিনবোৰত মনোৰমায়ো বৰ হাবিয়াসেৰে সজাই-পৰাই ৰাখিছিল গোটেইখন। এতিয়া তাত ফুল বুলি একো নাই। যেনিয়ে-তেনিয়ে গজি উঠা অপতৃণৰ মাজে মাজে এতিয়া উদগু নাতিহঁতৰ দৌৰাত্ম্য। বনৰীয়া বান্দৰৰ দৰে সিহঁতৰ অতপালি।
বাৰাণ্ডালৈ উঠা অংশৰে চিকুণ ঠাইখিনিত কিবা আঁক-বাক কৰি কুশলৰ ল'ৰা-ছোৱালীকেইটাই কিবা খেলি আছিল। খৰ খোজেৰে আগবাঢ়োঁতে অন্যমনস্কতাৰ বাবে কোনোবা পাকত মাষ্টৰৰ খোজ তাতে পৰিল হ'বলা, আটায়ে চিঞৰ-বাখৰ কৰি মাকক গোচৰ দিলে। লগে লগে ভিতৰ ফালৰ পৰা মাষ্টৰক কটাক্ষ কৰি ভাহি আহিল মাকৰ অবাঞ্ছিত কাঁইটীয়া শব্দৰ বৰষুণ। সেইটো মৰিশালিলৈ যোৱা বাট। তাত কিয় খেলিব লাগে সিহঁতে?
নিজৰ অসংযত খোজটোৰ বাবে এক মুহূর্ত অনুশোচনাৰে ভৰি পৰা মনটো সামৰি-সুতৰি জগৎ মাষ্টৰ নিজৰ কোঠাত সোমাল। এনেকুৱা অসহনীয় শব্দৰ বৰষুণত তিতি থাকিব নোৱাৰিয়েই মনোৰমা আঁতৰি গ'ল ঘৰখনৰ পৰা। এনে কথাবোৰে তেওঁকো হুলে বিন্ধাদি বিন্ধে একেবাৰে বুকুৰ গভীৰলৈকে। পিছে তেওঁ একো কৰিব নোৱাৰে। তেওঁ মনোৰমা হ'ব নোৱাৰে।
এসময়ত এইটো কোঠা অত্যন্ত নিভৃত আৰু আছুতীয়া আছিল। এতিয়া কুশলৰ ল'ৰা-ছোৱালীকেইটাৰ অবাধ বিচৰণভূমি। বেৰত ওলোমাই থোৱা ৰাইদাং বেতৰ লাখুটিডাল এতিয়া সিহঁতৰ কাৰণে টিভিত দেখা হকী খেলৰ মাৰি। সযতনে জাপি-জুপি থোৱা আলনাৰ কাপোৰ-কানিবোৰ সিহঁতৰ ওমলা ঘৰৰ ৰভাত ত্ৰিপাল-স্ক্ৰীন। কোঠাৰ কোনো এটা বস্তুৱেই সঠিক ঠাইত সঠিকভাৱে ৰাখিব নোৱাৰে তেওঁ। আগতে মনোৰমাৰ চিকুণ হাতৰ পৰশত সজীৱ হৈ থাকিছিল গোটেই কোঠাটো। পঢ়া-শুনা কৰা টেবুলখন, আৰামী চকীখন অথবা ফুলাম বিছনা চাদৰে আৱৰা বৃহৎ পালেংখন, ক'তোতেই কোনো বিশৃংখলা নাছিল। এতিয়া তেনেবোৰ কথা অতীত। খন্তেক আগতেহে যেন এদল দস্যুৱে কিবা গুপ্তধন বিচাৰি চলাথ কৰি থৈ গৈছে কোঠাটো। অৱসৰ লোৱাৰ দিনা ছাত্ৰহঁতে উপহাৰ দিয়া ফুলাম জাপিটো এতিয়া সিহঁতৰ খেলনাৰ ভঁৰালত এক আপুৰুগীয়া সম্পদ। সেইদিনাই ছাত্ৰহঁতে দিয়া কৃষ্ণগীতাখন কাষলতিৰ তলত লৈ কোনোবাটোৱে প্ৰায়েই পাঠশালালৈ যোৱাৰ আখৰা কৰোঁতে কৰোঁতে সেইখনো উৱলি গৈ তেনেই তথৈবচ হৈ পৰিছে।
জগৎ মাষ্টৰ কোঠাত সোমাই অহাৰ লগে লগে কোনোবা এটাই টিটকাৰী মাৰি ভিৰাই লৰ মাৰিলে বাহিৰলৈ। সেইটোৱে মাষ্টৰৰ চশমাযোৰ লিৰিকি-বিদাৰি আছিল হ'বলা। লৰ মাৰোঁতে দলিয়াই দিয়াত পকী মজিয়াত পৰি গ'ল। তেওঁ ততাতৈয়াকৈ তুলি ল'লে সেইযোৰ। ডাঠ ফ্ৰেম। বিশেষ একো নহ'ল চশমাযোৰৰ। লিখা-পঢ়াৰ সময়ত বাদে আন সময়ত তেওঁ সেইযোৰ ব্যৱহাৰ নকৰে যদিও ল'ৰাটোৱে দলিয়াই দিয়াৰ পিছত ঠিকে-ঠাকে থাকিলে নে নাই চাবলৈকেই যেন সেইযোৰ নাকৰ ওপৰত পিন্ধি চালে জগৎ মাষ্টৰ।
এইযোৰ চশমা পিন্ধিয়েই জগৎ মাষ্টৰে পাৰ কৰি আহিছে শিক্ষক জীৱনৰ বহুকেইটা বছৰ। এইযোৰ চশমা পিন্ধাৰ পিছত ফুটি উঠা জগৎ মাষ্টৰৰ ব্যক্তিত্বই সম্মোহিত তথা ভীত কৰি আহিছে বহু খটাসুৰ ছাত্ৰক। এনেও জগৎ মাষ্টৰ মানুহজন ওখ-পাখ, স্বাস্থ্যবান চেহেৰাৰ। জীৱনৰ প্ৰায় মধ্য বয়সৰ পৰাই মূৰটোৰ আগফালে আধামানলৈ চুলি নাই তেওঁৰ। এই চুলিহীন তালুখনৰ তলতে ভাটোৰ ঠোঁটটোৰ লেখীয়া নাকটোৰ ওপৰত বহি থাকে চশমাযোৰ। পিন্ধনত ধুতী-পাঞ্জাবী, ভৰিত সাধাৰণ হাৱাই চপ্পল। এই বেশভূষাৰে গহীন খোজেৰে আগবাঢ়ি যোৱা জগৎ মাষ্টৰক দেখি বহু চেলেপু বয়সস্থ লোকো সংযত হয়। প্ৰাক্তন ছাত্ৰবোৰৰ মস্তক নত হয়। অৱসৰ লোৱাৰ পিছতো অঞ্চলটোৰ আটায়ে তেওঁক আগৰ সন্মানীয় দৃষ্টিৰেই সমীহ কৰে। আশীৰ্বাদ ল'বলৈ আহে। তেনেবোৰ মুহূৰ্তত অনন্য জ্যোতিৰে উজ্জ্বল হৈ থাকে তেওঁৰ দেহ-মন। কিন্তু তেওঁলোকৰ অনুপস্থিতিত নিজৰ ঘৰতে তেওঁ নিৰাপত্তাহীনতাত ভোগে। নিজা আছুতীয়া কোঠাটোলৈ যেন নামি আহে অস্তিত্বৰ সংকট। আৰু... আৰু তেওঁৰ ব্যক্তিত্বক তুলি ধৰা চশমাযোৰ আলাই-আথানি হৈ পৰি থাকে পকী মজিয়াত।
বহু আশা আৰু উৎসাহেৰে তেওঁ তুলি ধৰিবৰ যত্ন কৰিছিল নিজৰ ল'ৰা-ছোৱালীকেইটাক। ছাত্ৰ হিচাপে লগ পোৱা আন বহুতো ল'ৰা-ছোৱালীৰ লগতে নিজৰ তিনিজনীকৈ ছোৱালীক তেওঁ হয়তো কিবা এটা শিকাব পাৰিলে। কিন্তু ছোৱালী তিনিজনীৰ পিছত বহু আৰাধনাৰ ফলত লাভ কৰা পুত্ৰ সন্তান কুশলক তেওঁ কোনোপধ্যে মানুহ কৰি গঢ়ি তুলিব নোৱাৰিলে। তাক কৰা মৰমত কিজানি বিবেক-বুদ্ধি একো নাছিল। আছিল অন্ধ আবেগ, যি আবেগৰ বশৱৰ্তী হৈ তাৰ দোষবোৰ নেদেখিলে তেওঁ। যাৰ বাবে ক্ৰমান্বয়ে অবনমিত হ'বলৈ ধৰা তাৰ অধঃপতনৰ বাটত সবল ভেটা এটা তেওঁ থিয় কৰাই দিব নোৱাৰিলে। সৰ্বোপৰি যৌৱনৰ ধুমুহাত পৰি ভুল বাটে আগবঢ়া পুত্ৰক তেওঁ ভাল পথ এটা আঙুলিয়াই দিব নোৱাৰিলে।
কুশল এতিয়া চাৰিটাকৈ ল'ৰা-ছোৱালীৰ বাপেক। মেট্ৰিকটো লেলাই-ধেন্দাই পাছ কৰিয়েই নিজ খুচি মতে চপাই ল'লে সি মনৰ মানুহ। পিতৃ অথবা মাতৃৰ প্ৰতি যেনেদৰে তাৰ শ্ৰদ্ধা বা সন্মানীয় ভাব নাই, তেনেদৰে তাৰ মনৰ মানুহজনীৰো নাই তেওঁলোকৰ প্ৰতি কোনো সন্তাৰ অথবা পূজনীয় মনোভাব। একে সাঁচতে বাঢ়িছে তাৰ চাৰিটাকৈ অঘাইতং ল'ৰা-ছোৱালী। অবাঞ্ছিত, অবাইচ মাত-কথাৰে মুখৰিত আজি জগৎ মাষ্টৰৰ সপোনৰ গৃহস্থালি।
চশমাযোৰ ঠিকে আছে নে নাই চাবৰ বাবেই যেন কোঠাটোৰ বস্তুবোৰলৈ এফালৰ পৰা চাই পঠিয়ালে জগৎ মাষ্টৰে। বিশৃংখল হৈ থকা কোঠাটোৰ আলমাৰিৰ ওপৰত মনোৰমাই সযতনে আঁৰি থোৱা যুগল ফটোখনলৈ চকু গ'ল। বিয়াৰ পিছতে তোলা ক'লা-বগা ফটো, কোনো ধৰণৰ হানি-বিঘিনি নোহোৱাকৈ সজীৱ হৈ আছে নিৰ্জীৱ ফটোখন। মনোৰমা থাকোঁতে সদায় নহ'লেও মাজে মাজে চাফা কাপোৰেৰে মচি পৰিষ্কাৰ কৰি ৰাখিছিল। এতিয়া ধূলিৰ আৱৰণ পৰি অস্পষ্ট হৈ পৰিছে। ফটোখন হাতলৈ আনি ধুতীৰ আঁচল এটাৰে মচি পেলালে জগৎ মাষ্টৰে। যৌৱনপুষ্ট মনোৰমাৰ মুখৰ সুশ্ৰীখিনি যেন স্পষ্ট ৰূপত উদ্ভাসি উঠিল। কপালৰ সেন্দুৰৰ ৰেখাডালো প্ৰকট হৈ আছে মনোৰমাৰ। পত্নীত্বৰ স্বীকৃতিত উজ্জ্বল হৈ থকা এখন সৰল মুখ। ভালকৈ চাই পঠিয়ালে জগৎ মাষ্টৰে। ঠিক কাষতে নিজৰ বুকুৰ এফাল মনোৰমাৰ পিঠিত লগাই এমোকোৰা হাঁহিৰে বৈ আছে তেওঁ নিজে। কপালখনলৈ চালে তেওঁ। এতিয়াৰ দৰে কপালখন তেতিয়া চুলিহীন উকা নাছিল। ঢাক খাই থকা একপাল চুলি কেনি জানো সৰি থাকিল! এই চুলিখিনিৰ দৰেই তেওঁৰ বুকুৰ পৰাও বং-ৰস-গন্ধ সকলো হেৰাই গৈছে এটা এটাকৈ। সৰ্বোপৰি ফটোত জিলিকি থকা তেওঁৰ মনোৰম হাঁহিটো আজি এক প্ৰাচীন স্মৃতি। ঠিক বকুলজুপিৰ দৰেই কিজানি তেওঁ এতিয়া সকলোৰে কাৰণে অপ্ৰাসংগিক হৈ পৰিল। মনোৰমাৰ বাবেও আজি তেওঁ অপ্ৰাসংগিক। মনোৰমাৰ বাবেও!...
কথাবিলাক মনৰ পৰা জোকাৰি পেলাবলৈকে জগৎ মাষ্টৰ বাথৰুমত সোমাল। একেবোৰ কথাকে পাগুলি থাকি অযথা মনটোক অশান্ত কৰি ৰখাৰ কি প্ৰয়োজন। ইতিমধ্যে শেষ সিদ্ধান্ত প্ৰায় কৰি পেলাইছে তেওঁ। এতিয়া বাকী মাথোঁ তাক কাৰ্যকৰী কৰাৰ।
তেওঁ পুনৰ খৰধৰ কৰিলে। ঠাণ্ডা পানীৰেই সাধাৰণভাৱে গাটো পখালিলে। পুত্ৰ-বোৱাৰীৰ পৰা গৰম পানী আশা কৰাৰ ধৃষ্টতা তেওঁৰ নাই। মনোৰমা থাকোঁতে তেৱেঁই কৰিছিল সকলো। এতিয়া মনোৰমা নাই, মনোৰমা নাই এতিয়া।
বাথৰুমৰ পৰা ওলায়েই সাধাৰণভাৱে ধুতী-পাঞ্জাবীযোৰ পিন্ধি ল'লে জগৎ মাষ্টৰে। বাথৰুমত থকা অৱস্থাতে কোনোবাটো পাকত কোনোবা এটাই টেবুলৰ ওপৰত থৈ যোৱা চাহৰ কাপটোলৈ পৰম বিতৃষ্ণাৰে চাই পঠিয়ালে। খাবলৈ আগ্ৰহ নাই। নাখালেও ওলোটা প্ৰতিক্ৰিয়া হোৱাৰ ভয়। অগত্যা চেঁচা হৈ পৰা চাহকাপ একে শোহাই শেষ কৰি তেওঁ ওলাই আহিল কোঠাৰ পৰা।
নিজৰ অশান্ত-অস্থিৰ মনটোৰ বহিঃপ্ৰকাশ যাতে খোজ-কাটলত নঘটে তাৰ বাবে জগৎ মাষ্টৰে যথেষ্ট সচেতন হ'বৰ যত্ন কৰিলে। পায়চাৰী কৰাৰ ভংগিমাৰে তেওঁ লাখুটিত ভৰ দি ধীৰ খোজেৰে গৈ থাকিল। চন্দ্ৰৰ ঘৰ বেছি দূৰত নহয়। খৰধৰ কৰাৰ কোনো প্ৰয়োজন নাই।
চুবুৰিটো পাৰ হৈয়ে গাঁৱৰ সমূহীয়া নামঘৰটো। তাৰ পৰা দক্ষিণে দুহালিচামান মাটিৰে সৰু পথাৰ এখন। পথাৰখনৰ সিপাৰেই চন্দ্ৰহঁতৰ চুবুৰিটো।
জগৎ মাষ্টৰৰ একালৰ ছাত্ৰ চন্দ্ৰ, ডিম্বেশ্বৰৰ ল'ৰা। প্ৰথম যেতিয়া ডিম্বেশ্বৰে তাক স্কুলত ভৰ্তি কৰাই দিছিলহি, তেতিয়া আছিল সি মস্ত এটা গোটগৰু।
জগৎ মাষ্টৰে 'চেকনিৰ আগত বিদ্যা' সূত্ৰ প্ৰয়োগ কৰি তাক যেনে-তেনে মধ্যমীয়া ৰূপত গঢ় দি তুলিছিল। বি এটো পাছ কৰি সি চাকৰিত সোমাল। এতিয়া সি এজন ভাল গিৰিহঁত হোৱাই নহয়, সমাজৰো এজন সৰবৰহী ব্যক্তি। কুশলৰ স'তে তাৰ কোনো কথাতেই তুলনা নহয়। আচলতে কুশল কাৰোৰেই তুল্য হ'ব নোৱাৰে।
চন্দ্ৰই বাৰু তেওঁৰ মনৰ উৎকণ্ঠাখিনি ধৰিব পাৰিছে নেকি? নামঘৰটো পাৰ হৈয়ে দক্ষিণে ঘূৰা কেঁকুৰিতে থিয় হৈ এখন্তেক ভাবিলে জগৎ মাষ্টৰে। ইয়াৰ আগতেও তেওঁ এদিন আহি গৈছে তেওঁৰ ওচৰলৈ। একেটা কাৰণতে।
নাহিও উপায় নাই। ম'বাইল ফোন এটা নিজাকৈ লওঁ বুলিও আজিলৈকে লোৱা নহ'ল তেওঁৰ। পিলিঙাবোৰৰ পৰা আদি কৰি যিয়ে-যিয়ে বস্তুটো এনেকৈ অপব্যৱহাৰ কৰিবলৈ ল'লে যে এই বস্তুটোৰ প্ৰতিয়েই মাষ্টৰী ইমেজটোৰ বিৰাগ উপজিব ধৰিলে। আজিৰ এই মুহূৰ্তত তেওঁৰ ভাব হ'ল, ম'বাইল ফোন এটা নিজাকৈ থাকিব লাগিছিল তেওঁৰ। থাকিব লাগিছিল।
পদুলিতে চন্দ্ৰৰ ল'ছালী দুটাৰ স'তে উমলি আছিল ডিম্বেশ্বৰে।
কোনোবাটো কান্ধত, কোনোবাটো কোলাত। মাষ্টৰক দেখি তেওঁ আথে-বেথে আদৰি নি বহুৱালেগৈ। চন্দ্ৰয়ো আগবাঢ়ি আহি নমস্কাৰ দিলে। ডিম্বেশ্বৰৰ দুজন পুতেকৰ দুজনী বোৱাৰী। দুয়োজনীকে চাহ দে, তামোল দে কৰি হৈ-চৈ লগালে ডিম্বেশ্বৰে। বোৱাৰীহঁতে যতনাই দিয়া গৰম পানীৰে ৰ'দত বহি ডিম্বেশ্বৰৰ ঘৈণীয়েকে গা পখালি আছিল। মাষ্টৰক দেখি তেওঁ তাৰ পৰাই গাত লোৱা চাদৰখন বিচাৰি কোনোবাজনী বোৱাৰীয়েকক উদ্দেশ্যি চিঞৰিলে।
চহৰৰ পৰা আগদিনা গধূলি আহি ঘৰ পাইছে মাথোঁ চন্দ্ৰই। প্ৰতি সপ্তাহৰ শনিবাৰে গধূলিয়েই এনেদৰে ঘৰলৈ আহে চন্দ্ৰ। দেওবাৰৰ দিনটো ঘৰত থাকি পিছদিনাই পুনৰ গুচি যায়। আজি এই দেওবাৰৰ দিনটো সি ঘৰতে থাকিব। জগৎ মাষ্টৰে খৰধৰ কৰাৰ প্ৰয়োজন নাই। প্ৰয়োজন নাই খৰধৰ কৰাব। কিন্তু...
জগৎ মাষ্টৰে নিজকে বৰ অস্থিৰ অনুভৱ কৰিলে। মনোৰমাৰ খবৰ জানিবৰ বাবে তেওঁ যেন উদগ্ৰীৱ হৈ পৰিল। পিছে তীব্ৰ ইতস্ততঃবোধ এটায়ো তেওঁক আহুকালত পেলালে। তথাপি এই ইতস্ততঃ ভাবটো আঁতৰ কৰিবৰ বাবে তেওঁ একালৰ বাধ্য ছাত্ৰ চন্দ্ৰক কুশল-মংগল, ভাল-বেয়া আদি সুধি কিছু সহজ হ'বৰ যত্ন কৰিলে। পূৰ্বৰ অভিজ্ঞতাৰে হয়তো চন্দ্ৰয়ো অনুমান কৰি লৈছিল ছাৰ অহাৰ আচল কাৰণটো। সি লাহেকৈ ক'লে—“ছাৰ, কালি আহিবৰ আগে আগে জোনালী বাইদেৱে মাতি পঠিয়াইছিল।”
জগৎ মাষ্টৰৰ চহৰত বিয়া দিয়া ছোৱালী জোনালী।
“হয় নেকি? আমাৰ তেওঁ অহা-নহাৰ কথা একো নক'লেনে?”
তেওঁ মানে মনোৰমা। মাষ্টৰৰ জিভাৰ আগতহে আছিল যেন প্ৰশ্নটো। আৰু চন্দ্ৰৰ কথাৰ লগে লগে সৰি পৰিল টপকৈ। কথাটো উপলব্ধি কৰি ক্ষণিকৰ বাবে নিজে অপ্ৰস্তুত হ'ল তেওঁ। সেয়ে পুনৰ সহজভাৱে ক'লে কথাটো—“মানে—আমাৰ তেওঁক লগ পোৱা নাছিলা জানো?”
“পাইছিলোঁ ছাৰ। তেখেত হেনো আহিব নোৱাৰে। পাৰিলে আপোনাকহে লগতে লৈ যাবলৈ মোক পঠিয়াইছে। ফোনটো লগাই দিওঁ নেকি ছাৰ।”
“নাই... নাই। নালাগে... নালাগে। হ'ব... হ'ব। তুমি কৈছাই যেতিয়া হ'ব দিয়া নালাগে...।”
মৃদুভাৱে আপত্তি কৰি হাত জোকাৰিলে জগৎ মাষ্টৰে আৰু অহেতুকভাৱে হাঁহিবৰ যত্ন কৰিলে। মনোৰমাৰ অলৰ সিদ্ধান্তটোৰ কথা পুনৰবাৰৰ বাবে জানিব পাৰি ভিতৰি খন্তেকৰ বাবে বিচলিত হৈ পৰিল যেন জগৎ মাষ্টৰ। অন্ততঃ কিবা এটা আশা যেন গুপুতে পুহি ৰাখিছিল তেওঁ—মনোৰমাই নিশ্চয় এতিয়া মানে সিদ্ধান্ত সলনি কৰিছে। তেওঁ ঘূৰি অহাৰ কথা চন্দ্ৰক কৈ পঠিয়াব। তেওঁৰ মৰমে মনোৰমাক ঘূৰি আহিবলৈ বাধ্য কৰাব।
...অভিমানত গধুৰ হৈ পৰা মনটো সামৰি-সুতৰি আন কথা উলিয়াবৰ যত্ন কৰিলে জগৎ মাষ্টৰে। তথাপি আহিবৰ সময়ত তেওঁ ক'লে—“চোৱাচোন চন্দ্ৰ, তেওঁ পাৰিলে বুলিয়েই ময়ো এইটো বয়সত জী-জোঁৱাইৰ ঘৰে ঘৰে ফুৰিব পাৰোঁনে...!”
পদুলিলৈকে আগবঢ়াই দিয়া চন্দ্ৰৰ পৰা বিদায় লৈ জগৎ মাষ্টৰ যেতিয়া নামঘৰৰ কেঁকুৰিটো পায়হি তেতিয়া বেলি মূৰৰ ওপৰত। জাৰকালিৰ ৰ'দ। চুবুৰিৰ মাজৰ ছাঁ পৰা বাটটোৰ পিছত মুকলি পথাৰৰ দৰে ঠাইখিনিৰ সুত লগা ৰ'দজাক বেয়া নালাগিল জগৎ মাষ্টৰৰ। ঘৰলৈ ঘূৰা বাটটো এৰি আনটো দিশে যোৱা বাটটো ল'লে তেওঁ। কিয় জানো সৰুৰে পৰা ৰং-ধেমালি, হাঁহি-আনন্দ কৰি লৰি-চাপৰি ডাঙৰ হোৱা চুবুৰিটোৰ পদূলিয়ে পদুলিয়ে এপাক মাৰিবৰ প্ৰবল হেঁপাহ হ'ল তেওঁৰ। নাহৰ, বকুল, কৰবীৰে শুৱনি পদূলিবোৰ পাৰ হৈ যাওঁতে মনোৰমাৰ কথাবোৰেই পাকঘূৰণি খাই ঘূৰি থাকিল তেওঁৰ অন্তৰত। মনোৰমা যে আৰু কাহানিও ঘূৰি নাহে এই কথা বুজিবলৈ আৰু বাকী নাই তেওঁৰ। পুত্ৰ-বোৱাৰীৰ দুৰ্ব্যৱহাৰে বাৰুকৈয়ে শালিছে তেওঁক। পাৰিলে তেৱোঁ যাব লাগে। হেঁপাহৰ ঘৰখন এৰি জীৱনৰ বাকী দিনকেইটা কটাব লাগে জী-জোঁৱাইৰ ঘৰত। যাব লাগে তেওঁ... যাব লাগে!
মনোৰমা ঘূৰি নাহে। মনোৰমাই নিজৰ সিদ্ধান্ত সলনি নকৰে। বাৰে বাৰে নিজক পতিয়ন নিয়াবৰ যত্ন কৰি অৱশেষত যেন মাষ্টৰ আশ্বস্ত হ'ল। ঠিকেই, মনোৰমাই সিদ্ধান্ত সলনি নকৰাই ভাল। সিদ্ধান্তবোৰ হ'ব লাগে শেষ সিদ্ধান্ত। সিদ্ধান্তবোৰ সলনি নোহোৱাই ভাল।
স্কুলঘৰৰ চৌহদ পাই মাষ্টৰ ৰ'ল। দেওবৰীয়া স্কুলৰ নিমাওমাও পৰিৱেশ। জীৱনৰ সুদীৰ্ঘকাল শিক্ষকতা কৰাৰ পিছত বহুজনৰ হৃদয়ত সন্মানীয় আসন এখন দখল কৰিবলৈ সুবিধা কৰি দিয়া এই স্কুলখনৰ বাকৰিত বহু সময় টহল দিলে তেওঁ। তাৰ পিছত চৰকাৰী ৰিজাৰ্ভখনত থকা খেলপথাৰ, হাস্পতাল চৌহদ আদি ঘূৰি চেঁচা নৈৰ পাৰৰ নিৰ্মল বতাহ ল'লে। এইখন নদীৰ স'তে শৈশৱ-কৈশোৰৰ বহু তিতা-মিঠা স্মৃতি জড়িত হৈ আছে তেওঁৰ। নৈখনৰ সমান্তৰালকৈ সৌখন জাৰণি। জাৰণিৰ মাজত মৰিশালিখন, য'ত নিঃশব্দে শুই আছে তেওঁৰ নিজৰেই ককা-আইতা, মা-দেউতা, দাদা-খুৰী, মাহী-পেহীৰ লগতে চুবুৰিৰ আন বহুতৰে স্মৃতি। তেৱোঁ স্মৃতি হৈ যাব বিচাৰে। তেৱোঁ নিঃশব্দে শুই থাকিব বিচাৰে মৰিশালিৰ নীৰৱতাৰ মাজত। কোনেও আঘাত কৰিব নোৱাৰাকৈ। মনোৰমায়ো....
গোটেই আবেলিটো কৌতূহলী চকুৰ আঁৰ হ'বৰ যত্নেৰে অনাই-বনাই ফুৰি গধূলি ঘৰ সোমোৱাৰ বাটত জগৎ মাষ্টৰে গণেশৰ দোকানৰ পৰা চকলেট এপেকেট কিনি ল'লে। কালৈকো একো দি যাবলগীয়া নাই তেওঁৰ। মাথোঁ এপেকেট ৰঙীন চকলেট এৰি যাব তেওঁ কেইটামান উদঙীয়া নিগনিৰ বাবে। এয়াও যেন এক অদ্ভুত সিদ্ধান্ত জগৎ মাষ্টৰৰ। প্ৰাচীন কালৰ ধ্বংসস্তূপত পৰিণত হোৱা তেওঁৰ শোৱনি কোঠাৰ অলিয়ে-গলিয়ে আজি কিছুদিনৰ পৰা এজাক নিগনিৰ অবাধ বিচৰণ। কুটি কুটি পঢ়িব নোৱাৰা কৰি পেলাইছে সিহঁতে জগৎ মাষ্টৰ বোলা মানুহজনৰ ডায়েৰী, বহীৰ পাত। সিহঁতো একমত তেওঁৰ স'তে, জগৎ মাষ্টৰ বোলা মানুহজন পৃথিৱীৰ পৰা সমূলি নিঃচিহ্ন হৈ যাওক। বৰ ভাল সিহঁত! বৰ ভাল...!
নিগনিৰ জাকটোক পৰম আত্মীয়তাৰে জগৎ মাষ্টৰে অনুভৱ কৰিবলৈ যত্ন কৰিলে....
গধূলিৰ কানিমুনি পোহৰত পদূলিৰ বকুলজুপিৰ তলত আহি থিয় হ'ল জগৎ মাষ্টৰ। দীঘলকৈ দুটামান উশাহ ল'লে। ওপৰলৈ মুখ কৰি ডিঙিত ফাঁচ লগাই ওলমিব পৰাকৈ মজবুত আৰু নিৰাপদ ডাল এটা নিৰ্বাচন কৰি থ'বৰ যত্ন কৰিলে তেওঁ। হেদালিত উঠি লাউ-কোমোৰা পাৰিবলৈ ব্যৱহাৰ কৰা বাঁহৰ জখলাডালো থাওকতে পোৱাকৈ গোটাই-মেলি থোৱাৰ কথা ভাবিলে তেওঁ। একো অসুবিধা নহ'ব। জখলাডালত উঠি ধুতীখনেৰে ডিঙিত আৰু নিৰ্দিষ্ট ডালটোত বান্ধ দি জাঁপ মাৰি দিলেই সকলো শেষ। কিমান সময় লাগিব? পাঁচ মিনিট? দহ মিনিট? আধাঘণ্টা লাগিলেও ক্ষতি নাই। জীয়াই থাকিবলগীয়া দিনকেইটাৰ যন্ত্ৰণাতকৈ আধাঘণ্টীয়া যন্ত্ৰণা কেতিয়াও বেছি যন্ত্ৰণাদায়ক হ'ব নোৱাৰে।
এনেতে তেওঁ কাৰোবাৰ সুকোমল স্পৰ্শত উচাপ খাই উঠিল। ঘূৰি চাই দেখে, কুশলৰ সৰুটো ল'ৰাই তাৰ কণমানি হাতখন আগবঢ়াই ৰৈ আছে ৰম্ভীন চকলেটৰ পেকেটটোৰ ফালে। ভালদৰে মাত ফুটাই নাই তাৰ। মাষ্টৰে তালৈ চাই পঠিওৱাত সি চুচুক-চামাক কৰিছে। এখোজ-দুখোজ পিছুৱাই যাব খুজি এপাকত মাটিতে ধুপুচকৈ বহি পৰিছে। আধাফুটা মাতেৰে আত্মপক্ষ সমৰ্থন কৰি সি যেন কিবা ক'ব খুজিছে। কান্দো-কান্দো কৰা মুখখনত ভীষণভাৱে ফুটি উঠিছে সৰলতা!...
হঠাতে জগৎ মাষ্টৰৰ বুকুখন ধৰফৰাই উঠিল। এই যে কণমানিটোৰ সৰলতাভৰা ঈষৎ ভয়াৰ্ত মুখখন, আধাফুটা আধা-নুফুটা মাত, তাৰ কণমানি হাতৰ সুকোমল পৰশ—এই আটাইবোৰে মিলি যেন এপাট বুকুল ফুলেৰে গঁথা তীৰ হ'ল, আৰু সেই তীৰে তেওঁক মুহূৰ্ততে বুকুৱে-পিঠিয়ে শালি পেলালে। ডিম্বেশ্বৰৰ কান্ধত উঠি কাণমুচৰি থকা চন্দ্ৰৰ পেন্দুকনাটোলৈ মনত পৰিল তেওঁৰ। মনত পৰিল মিছাই আঃ-উঃ কৰি থকা ডিম্বেশ্বৰৰ তৃপ্ত মুখখনিলৈ। কণমানিটোৱে ভয় খাইছে। ভয়ৰ কাৰণ তেওঁ নিজে। কথাটো মনলৈ অহাৰ লগে লগে জগৎ মাষ্টৰৰ মনটো কিবা এক অপৰাধবোধেৰে ভৰি পৰিল।
এপলক তাৰ নিষ্পাপ চকুযুৰিলৈ চাই তেওঁ তাক চপাই আনিবৰ মনেৰে তুলি দিলে তাৰ হাতত ৰঙীন চকলেটৰ পেকেটটো। সেইটো পাই সি সন্তুষ্টিৰে কিৰিলি পাৰি ঠুনুক-ঠানাক খোজেৰে লৰ দিলে ভিতৰৰ ফালে।
পিৰালিত উঠি ঘৰৰ ভিতৰফালে সোমাই, যোৱা নাতি ল'ৰাটোৰ পৃষ্ঠদেশৰ পৰা দৃষ্টি ঘূৰাই জগৎ মাষ্টৰে জপনাৰ আনটো দিশত থকা বাঢ়ি অহা বকুলৰ পুলিটোলৈ চালে। লহপহাই বাঢ়িব লাগিছে পুলিটো। দুদিন পিছত সি জাতিষ্কাৰ হৈ ফুলিব। পুৰণি হৈ পৰা বকুলজুপিয়ে বিয়পাব নোৱাৰা সুৰভিখিনি সি বিয়পাব। পুৰণিজুপি বাগৰি পৰিলেও এজুপি থাকি যাব। থাকি যাব এজুপি...!
হঠাৎ বকুলজুপিৰ প্ৰতি আজি নতুনকৈ জগৎ মাষ্টৰৰ মায়া উপজিল। লাহেকৈ আগবাঢ়ি গৈ তেওঁ ঠন ধৰি উঠিবলৈ ধৰা ডাল-পাতবোৰত গভীৰ মমতাৰে হাত বুলাই দিলে। ৰাতিপুৱালৈ তেওঁ পুলিটোক ঘেৰি এখন বেৰ দিব। পাহাৰী লতাই ঢাকি ধৰিব নোৱাৰাকৈ। গৰু-ছাগলীয়ে খাই তহিলং কৰিব নোৱাৰাকৈ।
পিছদিনা সোমবাৰ। চন্দ্ৰ চহৰলৈ যাব। চন্দ্ৰৰ মুখেৰে তেওঁ মনোৰমাকো কৈ পঠিয়াব—সিদ্ধান্তটো আকৌ এবাৰ বিবেচনা কৰি চাবলৈ, তেওঁ এবাৰ ঘৰলৈ আহক। আৰু আহোঁতে লৈ আহক এপেকেট ৰঙীন চকলেট। উৎপতীয়া নিগনিকেইটাৰ বাবে নহয়, উৎপতীয়া নাতি-নাতিনীহঁতৰ বাবে।

No comments: