আওপাকে নুঘূৰে যঁতৰ

 আওপাকে নুঘূৰে যঁতৰ। 


পুৱাবেলা-

ধিন... খিতা... খিত্‌... খিতা... খিত্‌... খিতা... খিত...

ব’হাগৰ বতৰ৷ আকাশে-বতাহে ঢোল-পেঁপা-গগণাৰ ছন্দোবদ্ধ গুঞ্জৰণ৷ গছ-বনে কুঁহিপাত মেলাৰ দৰে, অভাৱ আৰু অনাটনে ভাৰাক্ৰান্ত কৰি তোলা মন-মগজুক ছাপমুক্ত কৰি ব’হাগে যেন মানুহৰ জীৱনলৈয়ো আদৰি আনিছে নতুনৰ বতৰা৷ বাৰীয়ে নননীয়ে নানা তৰহৰ ফুল ফুলিছে, আকাশে বতাহে নতুনৰ ৰং লাগিছে, বতৰৰ গীত এফাঁকি গাবলৈ, পদূলি শুৱাই এপাক নাচিবলৈ ডেকা-গাভৰুৰ মন প্ৰাণেও থৌকি-বাথৌ লগাইছে...! 

বতৰৰ এফাঁকি গীত গাবলৈ কাৰনো মন নাযায় বাৰু! হয়, খুৰাৰো সেয়াই হৈছে৷ দৈনন্দিন জীৱনৰ অনিবাৰ্য অনাটনৰ কবলৰ পৰা অকণমান আঁতৰি গৈ বতৰৰ এফাঁকি গীত গাই দেহ-মন সুত পেলাবলৈ খুৰাৰ চাৰে তিনি কুৰি বছৰীয়া মনটোৱেও যেন উগুল থুগুল লগাব ধৰিছে৷ 

আজি প্ৰথম বিহু! বিহু বুলি খুৰীৰ গাতো তৎ নাইকিয়া অৱস্থা৷ চুলি পকিছে, দাঁতো দুই এটা সৰিবলৈ লৈছে, সেইবুলিয়েই মনৰ দুৱাৰখনতো বাৰু বতৰৰ বতাহ এছাটি সোমাব নোৱাৰাকৈ দাং লগাই থ’ব নে? দুখ-অনাটননো কাৰ নাথাকে৷ গোটেই বছৰটো হা-হুমুনিয়াহ কাঢ়ি হাবাথুৰি খাই থাকোঁতেই হাঁহি আহিলেও হাঁহিব নোৱাৰা অৱস্থা৷ তেনেস্থলত এইহেন বিহুটিতো যদি কান্দনামুৱা হৈ থাকিবলগীয়া হ’ল, হ’ল আৰু! সাতে-পাঁচে বহু ভভা গুণা কৰাৰ পিছত খুৰীয়ে খুৰাৰ সিন্ধান্তক সমৰ্থন জনাই নিজেও ঠিক কৰিছে- কমচে কম প্ৰথম বিহুৰ দিনটোত তাই হাঁহিমুৱা হৈ থাকিব৷ ভালকৈ মাতিব নোৱাৰিলেও অন্ততঃ খুৰাক কেটেৰাই নামাতিব৷ আজি বহু বছৰে তেওঁক আনকি বিহুৱানখনকে তাই দিব পৰা নাই৷ কম বেজাৰৰ কথানে৷ 

হয়, আজি কেবা বছৰো খুৰীয়ে বিহুৱান যাঁচিব পৰা নাই খুৰাক৷ কথাষাৰ টং কৰি মনটো সেমেকি উঠিল খুৰীৰ৷ অথচ্‌ এনে এটা দিন আছিল যিটো দিনত খুৰাক নেদেখিলে পেটলৈ ভাত নগৈছিল তাইৰ৷ খুৰাক দেখা কৰিবৰ বাবেই কিমানযে চেলু নুলিয়াইছিল তাই! মাজতে কলিতা চুবুৰিটো, তাৰ পিছৰ কুমাৰ চুবুৰিটোতে খুৰাৰ ঘৰ৷ এতিয়া খুৰা, তেতিয়া সকলোৰে বলোকাই৷ এতিয়া জৰাজিৰ্ণ শৰীৰ, তেতিয়া পাহোৱাল ডেকা৷ কান্ধত ঢোল, মূৰত ফুলাম গামোচাৰ পাগুৰি৷ হাতৰ চাপৰত বাজি উঠা ঢোলৰ মাতে গাভৰুবোৰৰ কঁকালত যেন দেওধনীহে চৰাইছিল৷ আস্‌... কি যে মধুৰ আছিল সেই দিনবোৰ...৷ ধিন্‌ খিটা... খিট্‌... খিটা... ধিন্‌... খিটা... খিট্‌... খিটা... নিজৰ অজ্ঞাতে কঁকালত ঢোলৰ ছেও এটাই আহি লম্ভিব খোজাত ‘আ... স্‌’কৈ কেকাই উঠিল খুৰী৷ নুঠিব বাৰু কিয়, খুৰীৰো বয়স এতিয়া তিনিকুৰিৰ ওচৰা ওচৰি৷ কঁকালত বাতৰোগে অনা বিষ আৰু জড়তা৷ 

খুৰাৰ কাহৰ শব্দত খুৰীৰ সম্বিৎ ফিৰিল৷ ৰাতিপুৱাই উঠি খুৰীয়ে খাৰনিৰে বাৰীৰ পুখুৰীটোতে গা-মূৰ ধুই অটাইছে৷ এতিয়া খুৰায়ো গা পখালি আহিল৷ নধৰ-নপৰকৈ পেৰাৰ পৰা যতনাই থোৱা গামোচাখন উলিয়াই লোৱাৰ পিছত এইবাৰ খুৰীৰ মনটো কিবা এক সংকোচে যেন আবৰি ধৰিলে৷ কিমান বছৰৰ মূৰত যে তাই খুৰাক বিহুৱান দিবলৈ ওলাইছে৷ সংকোচ লাগিবৰে কথা৷ ঠিক সংকোচ নহয়, কিবা যেন লাজ লাজ ভাব এটাইহে তাইক সামৰি সুতৰি ৰাখিব ওলাইছে...

যি নহওক, গা-পা ধুই শুচি হৈ অহা খুৰাক অৱশেষত খুৰীয়ে আঁঠুকাঢ়ি, ভৰি চুই প্ৰণাম এটা কৰিলে৷ যতনেৰে আথে বেথে আগবঢ়াই দিয়া গামোচাখন হাত পাতি লৈ খুৰাই তাইৰ ফালে এপলক চাই ৰ’ল৷ বহু দিনৰ মূৰত, বহু দিনৰ মূৰত নহয়, বহু বছৰৰ মূৰত যেন খুৰাৰ বুকুত পুণৰ জোৱাৰৰ তেজ নামি আহিল! ... হয়, জোৱাৰৰ তেজেই হয়! তাহানিৰ সেই বলোকাই নামৰ পাহোৱাল ডেকাজনৰ বুকুত উঠা জোৱাৰৰ তেজ! ...

বৃদ্ধ শৰীৰ হ’লেও ন-কাপোৰে বৰকৈ শুৱাইছিল খুৰাক৷ নুশুৱাবনো কিয় বাৰু! যি হে থুলন্তৰ চেহেৰা আছিল তেওঁৰ৷ বট গছ বুঢ়া হ’ল কি হ’ল, যি বট বটেই! কোমল চাউলৰ বাতিটো আগবঢ়াই দিওঁতে নোচোৱাৰ চলেৰে খুৰালৈ চাই পঠিয়ালে খুৰীয়ে৷ চুলি সমুলি পকিল৷ দাঁতো সৰি সাং হ’ল৷ মাখিচালে ভাজধৰা সোতোৰা পৰা গালদুখনত ডেকা বয়সৰ তেজাল ৰংটোৱে আহি যেন ধৰা দিও নে নিদিওকৈ লুকা-ভাকু খেলিছেহি, বিহুৱান পাই উজ্জ্বল হৈ পৰা খুৰালৈ চাই তেনেকুৱাই লাগিল খুৰীৰ৷ কমলহঁতৰ বাঁহনিডৰাৰ গেজেপনি মৰা জঁয়াল ঠাইখিনিতে খুৰাৰ মৰমৰ দাবীত এই গাল দুখনতে তাই প্ৰথমবাৰৰ বাবে টপকৈ চুমা আঁকি দিছিল. গাভৰু মনৰ সকলো লাজ কাজ জলাঞ্জলি দি৷ ইচ্‌- কিযে ক্ষণ আছিল সেইটো...৷ 

ব’হাগৰ আজিৰ দিনোটোৱেই আছিল সেই দিনটো৷ খুৰাৰ বাবে অহোপুৰুষাৰ্থ কৰি গুপুতে বৈ উলিয়াইছিল তাই এখন ভমকা ফুলিয়া গামোচা৷ ইতিমধ্যে সিহঁতৰ পীৰিতিৰ কথা ফাদিল হৈছিলেই৷ সকলোবোৰ উমান পোৱাৰ পিছত খুৰীৰ বাপেক কদোৰাম শইকীয়া খঙত টিঙিৰি তুলা৷ ধনে ধানে উভৈনদী গৃহস্থালিৰ মালিক কদোৰাম শইকীয়া৷ খুৰাৰ বাপেক বান খহনীয়াই খেদি পঠিওৱা ভাটিৰ ফালৰ টোকোনৰ জাত! গতিকেই...! ভয় ডৰ সকলো পাহৰি খুৰীয়ে আগতীয়া বন্দোবস্তি মতে কমলহঁতৰ বাৰীৰ পিছ পাইছিলগৈ৷ হাতত খুৰালৈ বুলি ভমকাফুলিয়া গামোচাখন৷ ...

কিছুসময় হোহোকা পিছলা, চুচুক চামাক কৰি থকাৰ পিছত খুৰাৰ মৰমৰ দাবীত খুৰীয়ে খুৰাক টপ্‌কৈ গালতে চুমা এটা আঁকি দিছিল৷ এইমাত্ৰ যুদ্ধজয় কৰি উঠা বীৰৰ দৰে উজ্জ্বল হৈ উঠিছিল খুৰাৰ মুখমণ্ডল৷ ঘৰত বহি থাকি অবাবত সময় নষ্ট নকৰা কদোৰাম শইকীয়া হয়তো সেইফালে পথাৰ সমাৰৰ বুজ ল’বলৈ আহি আছিল৷ কোনোবা টুটুকীয়া চুবুৰীয়াৰ পৰা বতৰা পাই ওলালহি সেইখিনি৷ আৰু...! 

কদোৰাম শইকীয়াই কদোবৰল হৈ আক্ৰমণ কৰিবলৈ পোৱাৰ আগতেই খুৰাই খুৰীক চিলনী থপিওৱাদি লৈ সিদিনা যি উধাও হ’ল, তাৰ পিছত কিছুদিন লুকা চুৰি, তাৰো পিছত যেতিয়া কাণত পৰিল বোলে কদোৰাম শইকীয়াই জীয়েক ঢুকাল বুলি শ্ৰাদ্ধ পিণ্ড কৰি অটালে- তেতিয়াহে যেনিবা ঘৰ চাপিলহি...৷ খুৰাৰ শ্ৰম আৰু খুৰীৰ মৰম –এই দুয়োটাৰ বলতে সুখে সন্তোষেই পাৰ হ’ব ধৰিলে সংসাৰখন৷ পৰিয়াল পৰিকল্পনাৰ আঁচনিয়ে ঢুকি নোপোৱা সংসাৰখনলৈ এটা সময়ৰ চাৰিটা ল’ৰা আৰু তিনিজনা ছোৱালীও আহিল৷ পিছে...! 

খুৰাৰ দুখৰ দিন আৰম্ভ হ’বলৈয়ো বেছি দিন নালাগিল৷ এটাৰ পিছত এটাকৈ ল’ৰা ডাঙৰ হৈয়ে এজনী এজনীকৈ মন পছন্দৰ ঘৈণী ছপাই লৈ গাইগুটীয়াকৈ সংসাৰ আৰম্ভ কৰিলে৷ ছোৱালীকেইজনীও একেটি বিলৰে মাছ, পাখি গজিল কি নগজিল- এজনী এজনীকৈ তিনিওজনীয়ে খুৰা-খুৰীৰ চকুপাৰি দেখিব নোৱাৰা একোটাহঁত ল’ৰালৈ উৰা মাৰিলে৷ ...খুৰা-খুৰী পুনৰ অকলশৰীয়া হ’ল৷ এবাহ এমা ডিমা ল’ছালীৰ দীঘলীয়া সপোন এটাহে দেখিলে যেন দুয়ো! দেহত বল শকতি থকা দিনকিটালৈ যেনেকৈ নহওক, ঠিকেই চলিল৷ পিছে যেই দেহৰ তেজ-পুজ কমি আহিবলৈ ধৰিলে তেতিয়াহে খুৰাৰ হুচ্‌ আহিল- সংসাৰখন বৰ খহটা৷ ইয়াত কাৰো কালৈকো চোৱাৰ আহৰি নাই! ...এতিয়া চৰকাৰে যোগান ধৰা ৰেহাই মূল্যৰ চাউলকেইটা আনিবলৈয়ে এসময়ৰ পাহোৱাৰ পুৰুষ খুৰাৰ সামৰ্থ নাই...৷ 

খুৰাৰ মুখলৈ একেথৰে চাই এইবোৰকে ভাবি থাকোঁতে হঠাতে এটী দীঘল হুমুনিয়াহ ওলাই আহিল খুৰীৰ বুকুৰ অভ্যন্তৰৰ পৰা৷ খুৰায়ো লক্ষ্য কৰিলে হুমুনিয়াহটো৷ তেওঁৰ ভাব হ’ল, হুমুনিয়াহটোৰ লগে লগে যেন তাই কিবা এষাৰ ক’লেও৷ কি ক’লে? 

- কিবা কৈছ? –জলপান পাগুলি থকাৰ মাজতে তেওঁ সুধি পেলালে৷ 

- তই কিবা শুনিছ হ’বলা? –কিছু থতমত খালে খুৰীয়ে৷ তাই বাৰু ভাবি থকা কথাবোৰৰে কোনোবাটো কথা মুখ খুটাই কৈয়ে পেলালে নেকি! 

- কিনো কৈছিলি তই? –এইবাৰ খুৰাই ওলোটাই সুধিলে৷ 

- তইনো কি শুনিলি? –খুৰীও বেছ বুধিয়ক, কি শুনিছিল নক’লে হ’বনে? 

- তইহে আগতে কিবা কৈছিলি, তই ক’! 

- কিবা শুনিছ যদি তইহে আগতে শুনিছ, তই আগতে ক’! 

- তই ক’! 

- তই ক’! 

- তই ক’! 

- তই ক’! 

হঠাতে দুয়ো দুয়োলৈ চাই ৰৈ গ’ল৷ আনদিনা এনে ফিৰিঙতিৰ পৰাই ঘৰখনত খাণ্ডবদাহ হৈ থাকে৷ এক আছিল বুঢ়া-বুঢ়ী, কথাই কথাই সিহঁতৰ লাগিল গ’ল এদিন হুৰা হুৰি বোলাৰ লেখিয়া সময় নাই অসময় নাই দুয়োৰে লম্ফ জম্ফ আৰম্ভ হয়৷ পিছে আজি বিহুটোকলৈ সিহঁতহাল ইমানেই সচেতন হৈ আছ যে কোনো এজনৰ খং উঠা দুৰৰ কথা, তাহানি দিনৰ চেনেহবুলিয়া বতাহ এছাটিয়ে আহি যেন দুয়োকে ভাকুট কুটাইহে থৈ গ’লহি! আৰু এপলক ৰৈ থকাৰ পিছত দুয়ো উচ্ছৈস্বৰে হাঁহি উঠিল৷ বহুদিনৰ মূৰকত নিৰস ভগা জুপুৰিটোত অকণমান আনন্দৰ লহৰ বৈ গ’ল...


দুপৰীয়া–

বৰ ৰং আনন্দেৰেই পাৰ হৈ গৈ থাকিল সময়বোৰ৷ গাইগুটিয়াকৈ ওলাই গৈ খুৰা-খুৰীয়ে চুবুৰিটোৰ আৰ তাৰ ঘৰে এপাক মাৰিও আহিলগৈ৷ দুপৰীয়ালৈ হৰেণ আহিল এপাক৷ আবেলি বেলিটোৰ দৰে উজ্জ্বল হৈ থকা খুৰা-খুৰীৰ চেহেৰা দেখি তাৰ মনতো সন্তোষ৷ বয়সত খুৰাতকৈ যথেষ্ট সৰু যদিও হৰেণ প্ৰায়ে আহে সিহঁতৰ ঘৰলৈ৷ সিয়ো দিন হাজিৰা কৰি পেট প্ৰৱৰ্তোৱা মানুহ, চেগবুজি আহি সুখ দুখৰ কথা পাতেহি৷ পাৰিলে পথাৰে সামৰে পোৱা দুই এটা মাছ পুঠি, এৰাবাৰীত থাওকতে পোৱা আম জাম আদিও মাজে মাজে দি যায়৷ তদুপৰি সিহঁতৰ মাজত লগা হুৰা হুৰিবোৰ বেছি ভাগৰে সি সাক্ষীও৷ বেছিভাগ ক্ষেত্ৰত মধ্যস্থতাকাৰীৰ ৰূপত সিয়েই দ্বন্দ্ব্ব খৰিয়ালবোৰৰ নিষ্পত্তি কৰিবলগীয়া হয়৷ আজি পিছে তাৰ কৌতূহলৰ অন্ত নাই৷ কেৱল খুৰা-খুৰীৰ উজ্জ্বল মুখ দেখিয়েই নহয়, সি দেখিলে সকলো ফালৰ পৰাই যেন আজি খুৰা-খুৰীৰ ঘৰখনে কিবা এটা বেলেগ ৰূপ গ্ৰহণ কৰিছে৷ আগেপিছে কেঞাবনেৰে ভৰি থকা চোতালখন চিকুণ হৈ আছে৷ সদায় দেখা ধোবাং বাং আগচোতালখন তামোলৰ ঢকুৱাৰ বেৰে আৰ কৰি ৰাখিছে৷ কঁকালৰ বিষৰ বাবে লিপা মচা নকৰোঁতে নকৰোঁতে শেলুৱৈৰে চামনি বন্ধা পিৰালি-মজিয়াও বেছ পৰিষ্কাৰ৷ খুৰীৰ আপ্যায়নো আজি নজিৰ বিহীন৷ কোমল চাউল, এঠা দৈ, টেকেলীৰ পৰা উলিয়াই দিয়া কুহিয়াৰৰ মিঠৈ...! তাৰ আৰু আচৰিত হোৱাৰ পাল পৰিল তেতিয়া, যেতিয়া সি দেখিলে হাতত ফুলাম বিহুৱান এখন লৈ খুৰী তাৰ ফালেই আগুৱাই আহিছে আৰু চাই থাকোঁতেই তাৰ দিঙিত মেৰাই দি কৈছে– নিজৰ পেটৰ পোৱালিবোৰ মৰি সাং হ’ল! তয়েই আমাৰ পো৷ সুখে-দুখে মাত এষাৰ তোৰ পৰাহে পাওঁ দেচোন...! গধূলিলৈ এপাক নহাকৈ নাথাকিবি৷ লগে ভাগে সুদাই নিকাই এসাঁজ খাম! ...

হৰেণে আৰু দেখিলে- ইমানদিনে মৰাপাটৰ বস্তাৰে ঢাকি বেৰত ওলোমাই থোৱা তাহানি দিনৰ ঢোলটো উলিয়াই খুৰাই ফটাকানিৰে চিকুনাব লাগিছে৷ হওতে চামৰা দুখন ফাটি গোটেইটো জৰাজীৰ্ণ হৈ পৰিছে৷ খোলটোতো ঘুণে ধৰিছে৷ হৰেণে জানে, ঢোলৰ চাবেৰে এসময়ত মেদিনী কঁপোৱা খুৰাই এতিয়া ঢোলৰ কথা ওলালে বিৰক্তি পায়৷ বেৰত ওলোমাই থোৱা ঢোলটোৱে যেন তাক জিভা উলিয়াই ভেঙুচালিহে কৰি থাকে৷ সেয়ে হয়তো মৰাপাটৰ বস্তাৰে ঢাকি থোৱাতে থাকে সেইটো৷ কিন্তু আজি...? 

কৌতূহল দমাব নোৱাৰি হৰেণ খুৰাৰ কাষ চাপি গ’ল৷ পোনে পোনে সুধিবলৈ অসুবিধা লগাত কিছু হোহকা পিছলা কৰি থাকিল সি৷ খুৰাই হয়তো বুজিলে তাৰ মনৰ কথা৷ সেয়ে নিজেই মুখ খুলিলে– মানুহো বুঢ়া হ’লো, ঢোলো ফাঁটি চিটি তথৈবচ্‌ হ’ল৷ তথাপি ঢোল ঢোলেই দেচোন৷ আজি বিহুৰ দিনা অলপ সন্মান কৰি মচি কাচি থও আৰু...৷ 


গধূলিলৈ এপাক নিশ্চয়কৈ অহাৰ সংকল্পেৰে ঘৰলৈ ঘূৰাৰ বাটত হৰেণে ভাবিলে, ইমানদিনে আঁতৰি থকা কোনোবাটো পুতেক নাইবা কোনোবাজনী জীয়েকৰ সুবুদ্ধি হ’ল হ’বলগা অৱশেষত৷ সিহঁতৰ কোনোবাটোৱে সহায় নকৰিলে খুৰা-খুৰীয়েনো ইমান আয়োজন কৰিব ক’ৰ পৰা! আগৰবোৰৰ কথা বাদেই, গ’লবাৰ,  বিহুত চাউলৰ অভাৱত শুদা ঢেঁকীয়া শাঁক কেইদালমানকে দুয়ো বুঢ়া-বুঢ়ীয়ে সিজাই খাবলৈ লৈছিল৷ পিছত যেনিবা কথাটোৰ উমান পাই সি নিজেই কিছু বজাৰ কৰি দি থৈ গৈছিল৷ পুতেকহঁতক শাওপাত নিদিলেও মনৰ বেজাৰতে খুৰীয়ে হুৰাওৰাৱে কন্দা ভালকৈয়ে মনত আছে হৰেণৰ৷ হওক দেও, লাষ্টত হ’লেও যে সিহঁতৰ সুমতি হ’ল! কমখন কষ্ট খালেনে বুঢ়া-বুঢ়ীহালে! ...



সন্ধ্যাবেলা–

সন্ধ্যা নামি অহাৰ লগে লগে খুৰা পূৰ্বতকৈয়ো অধিক ব্যস্ত হৈ পৰা দেখা হ’ল৷ তাহানি বিহুৰ বতৰৰ সন্ধিয়াবোৰত হুচৰি মাৰিবলৈ যোৱাৰ আগে আগে উথপ থপ মনটোৱে আহি যেন খুৰাক পুণৰ উচপিচ লগাব ধৰিলেহি৷ কান্ধত ঢোল আৰি উৰাই ঘূৰাই বজোৱাৰ শকতিকণ এতিয়া যদিও ঈশ্বৰে কাঢ়ি নিলে তথাপি মনটোৱে যেন আজি মানিব খোজা নাই৷ খুৰালৈ চাই খুৰীৰো মনত হৰিষ, তাইৰো বুকুৰ কোনোবাটো সুৰুঙাৰে যেন তাহানি দিনৰ বিহুৱা আৱেশ লগা সন্ধিয়া এটাই ঘনে-বাৰে আহি ভূমুকি মাৰিব লাগিছেহি! 

সময়তকৈ কিছু আগতেই আহি ওলালহি হৰেণ৷ তাৰ হতুৱাই আগলতি কলপাত এখন কটাই চোতালৰ আগত থকা তুলসীজোপাৰ তলতে দিনতে যোগাৰ কৰি থোৱা মাহ-প্ৰসাদ কেইটামানেৰে নৈবেদ্য এভাগ আগবঢ়ালে খুৰা-খুৰীয়ে৷ ইতিমধ্যে গোটেইখনতে ঢোল তালৰ গুম্‌ গুমনি আৰম্ভ হৈ গৈছে৷ খুৰা তৎপৰ হ’ল, হুচৰি দল আহি পায়হিহে লাগে! ডেকা কালত নিজে হুচৰি গাই লোকৰ চোতালে পদূলিয়ে ৰহইচ্‌ কৰিলে৷ কত গৃহস্থক মূৰৰ চুলি ছিঙি আশীৰ্বাদ দিলে! আজি নিজেও কিঞ্চিত আশীৰ্বাদ লোৱাৰ মানস খুৰাৰ৷ হয়, খুৰাক আজি অকণমান আশিসৰ প্ৰয়োজন৷ কথাতে কয়– যোৱা দিন ভাল, অহা দিন বেয়া৷ যোৱা দিনবোৰ পাৰ হৈ গ’লেই যেনতেন৷ সমুখৰ দিনকেইটা আলাই আথানি নোহোৱাকৈ ভগৱন্তই পাৰ কলিলেই হয়! আজি কিমান বছৰে যে এইবোৰত মন দিব পৰা নাই খুৰাই...! 



ঢোলৰ মাত ওচৰ চাপি আহিছে৷ হৰেণৰ পৰা উমান পালে খুৰাই, সম্বৰুৰ চোতালত সেয়া গাঁৱৰে হুচৰি দলটো৷ সম্বৰুৰ ঘৰ পাৰ হৈ হাঁহিৰামৰ, তাৰ পিছত পদকাই আৰু তাৰ পিছতেই খুৰাৰ পদূলি৷ চিঞৰ বাখৰ লগালে খুৰাই– বোলো শুনিছনে... হুচৰি আহি পাবহিহে এতিয়া৷ তোৰ হ’বলা জা-যোগাৰ কৰা হোৱাই নাই? ...তামোলৰ বঁটাটোতে মাটিৰ চাকিটি জ্বলা.... হৰেণ যাচোন... সেই পিৰালি চুকটোতে পাণ কেইখিলামান থৈছিলো... খুৰীয়েৰক নি দেগৈ... অৰহিণাখিনি বাৰু মই উলিয়াই দিছো ৰহ্‌! ...চাওঁতে চাওঁতে হুচৰিৰ দলটো সম্বৰুৰৰ ঘৰ এৰি হাঁহিৰামৰ, তাৰ পিছত পদকাইৰ তাৰ পিছত খুৰাৰ পদূলিৰ দিশে আগবাঢ়ি আহিল৷ খুৰাই হাতত কেৰাচিনৰ চাকিটো লৈ হুচৰি দলটোক আগবঢ়াই অনাৰ মানসেৰে পদূলিৰ ফালে কিঞ্চিত আগুৱাই গ’ল৷ পিছে পিছে ফৰকাল মনেৰে খুৰী৷ খুৰীৰ হাতত তামোল পাণৰ বঁটা, লগত জাপি কুচি লোৱা এখনি ফুলাম গামোচা, অৰিহণাৰ নামত খুৰাই গোট গোটকৈ এইমাত্ৰ হিচাপ কৰি দিয়া টকা কেইটামান...৷ কিমান বছৰ যে এইোৰৰ প্ৰতি মনকাণ দিব পৰা নাই খুৰীয়ে...৷ 

গিৰ গিৰ গিৰ গিৰি ঢোলৰ চাপৰ, খিং খিং খং খং পিঁ পিঁ পেঁ পেঁ তালৰ মাত, পেঁপাৰ মাত... উতনুৱা ডেকাহঁতৰ উচ্ছল হাঁহি খিকিন্দালি আৰু অসংলগ্ন বিহু গীতৰ ইননি বিননিৰে খদম্‌দম্‌ লগাই আগবাঢ়ি আহি থকা হুচৰি দলটো এটা সময়ত খুৰা খুৰীৰ সমুখেৰেই কল্পহঁতৰ পদূলিৰ ফালে আগুৱাই যাব ধৰিলে৷ তাকে দেখি খুৰা হতবাক! ৷ তেওঁ চিঞৰ ধৰিলে– হেৰৌ বোপাইহঁত, তহঁত গুচি গ’লি যে৷ মোৰ চোতালতো এপাক নাচিবি আহ হঁক ঔ! ... অ’ বোপাইহঁত! ...

খুৰাই দেখিলে, তেওঁৰ কথাত কোনেও কেট্‌ কুটেই কৰা নাই৷ সিহঁতৰ ৰং ৰহইচৰ শব্দত যে তেওঁৰ কথা সিহঁতৰ কাণত পৰিছেগৈ তাৰো আশা নাই৷ হুৰ হুৰাই কল্পহঁতৰ চোতাললৈ সোমাই যাব ধৰা ডেকাহঁতক উদ্দেশ্যি এইবাৰ খুৰাই কাও বাও কৰি উঠিল– ঔ বোপাইহঁত, এনে বিহুৰ বতৰত তহঁতে আশীৰ্বাদ অকণো নিদিবিনে? দুখীয়া হ’লো বুলিয়ে ইমান চুৱা লাগিলোনে? কাবৌ কৰিছোঁ বোপাইহঁত, অৰিহণা যোগাৰ কৰি থৈছো... লাগিলে আৰু বঢ়াই দিম... আহ ঔ বোপাইহঁত... অৰিহণা নাই বুলি নাভাবিবি... ঈশ্বৰৰ শপত...

খুৰাৰ কাবো কোকালিয়ে কোনো কাম নিদিলে৷ কল্পহঁতৰ চোতালৰ পৰা শুনা গ’ল ল’ৰাহতঁৰ সমস্বৰ– হুচৰি এ চ’ত... আমি বিহু মাৰো য’ত... দূবৰি নগজে ত’ত...! 


উপসংহাৰ–

খুৰাই তেনেদৰে কিমান সময় কাওবাও কৰি থাকিলেহঁতেন অথবা পিছলৈ এই কাওবাৱেই গৈ শাওপাত-বজ্ৰপাত হ’লগৈহেঁতেন নে কি ক’ব নোৱাৰি, পিছে তেনে কিবা এটা হোৱাৰ আগতেই নিচেই কাষতে খ্ৰিং... খ্ৰাং... খ্ৰাং... খ্ৰাং... খ্ৰাং...কৈ হোৱা এটা আচহুৱা শব্দত তেওঁ ভীষণভাৱে উচপ খাই উঠিল৷ তৰিৎ গতিৰে শব্দৰ উৎসলৈ চাই পঠিয়াই দেখিলে- ক্ষণিক আগতে মাথোঁ খুৰীৰ হাত শুৱনি কৰি থকা তামোল পাণৰ বটাটো নাতি দূৰৈত গৈ ওফৰি পৰি আছে৷ কাষতে সিঁচৰিত হৈ পৰি আছে অহিৰণাৰ টকাকেইটা, গামোচাখন, নুমাই যোৱা মাটিৰ চাকিটো...৷ তেওঁৰ বুজিবলৈ আৰু তিলমানো বাকী নৰ’ল যে দিনৰ দিনটো লক্ষ্মী-সৰস্বতীৰ ৰূপত থকা দেৱী চামুণ্ডা পুনৰ জাগ্ৰত হ’ল৷ চিৰ পৰিচিত সেই দেৱী মূৰ্তিলৈ ভয়ে ভয়ে চাই পঠিয়ালে কি নপঠিয়ালে খুৰাই, খুৰীৰ ৰণভেৰি বাজি উঠিলেই– সজে সজে মোৰ টকাকেইটা ঘূৰাই দে৷ দে বুলিছো এতিয়াই দে! ঘেণীয়েৰৰ সঁচৰ ছাগলী বেছি বিহু পাত, হুচৰি পাত! ৰাইজৰ আশীৰ্বাদ লাগে! টোকোনাৰ জাত, আওপাকে যঁতৰ ঘূৰা দেখিছ ক’ৰবাত? ... মই যদি কদোৰাম শইকীয়াৰ জী হওঁ তেন্তে ভালে ভালে ছাগলী আনি দে...৷ নহ’লে এতিয়াই অ’ এতিয়াই টকাকেইটা ঘূৰাই দে...! 

খুৰাই ভালকৈয়ে জানে, খুৰীৰ এই লম্ফজম্ফ গোটেই নিশাটো চলিব৷ উচাৎ মাৰি ভিতৰ সোমাই যোৱা খুৰীৰ ৰণচণ্ডী মূৰ্তিটোলৈ এবাৰ চাই খুৰাই সম্ভাব্য সকলোধৰণৰ পৰিস্থিতিৰ বাবে নিজকে প্ৰস্তুত কৰি ল’লে৷ 

বাকী থাকিল হৰেণ! দিনটোৰ ‘অভিজাত আপ্যায়ন’ৰ মূলতে যে খুৰীৰ সঁচৰ ছাগলীজনী সেই উৰহী জোপাৰ ওৰ পাবলৈ আৰু তাৰ বাকী নাই৷ সি মন কৰিলে, উচাট মাৰি ভিতৰ সোমাই যোৱা খুৰীয়ে ইতিমধ্যে কাঁহী-বাটি, ঘটি-লোটা য’ত যি পাইছে বজাবলৈ লৈছে৷ আজি আৰু মধ্যস্থতাকাৰীৰ ৰূপত অৱতীৰ্ণ হৈ আলাপ-আলোচনাৰ মাজেৰে শান্তি স্থাপনৰ আশা পৰিত্যাগ কৰিলে সি৷ পলম কৰিলে ঘৰৰ ভাত সাজো হেৰুৱাব লাগিব৷ কথাটো তং কৰি লৰা লৰিকৈ ঘৰমুৱা হ’ল হৰেণ৷

No comments:

Powered by Blogger.