সুখ সন্ধানী জীৱনৰ কথা Digital Dream

 সুখ সন্ধানী জীৱনৰ কথা Digital Dream24

Digital Dream24, Strugle for Happyness


সদ্যপ্ৰয়াত কথা সাহিত্যিক হোমেন বৰগোহাঞি দেৱে এঠাইত কৈ গৈছে যে জীৱন বাটৰ দুয়োকাষে হেনো ইমানেই সুখ সিচৰতি হৈ পৰি থাকে যাক বুটলি ল’ব নজনাৰ দোষতহে আমি মানুহবোৰ অসুখী হৈ থাকো৷ যিটো সময়ত এই কথাখিনি পঢ়িছিলো সেইটো সময়ত নিজেই আছিলো দুখৰ সাগৰত মজি৷ শৰীৰত বাঢ়ি অহা বিষ-যন্ত্ৰণাই মনকো একপ্ৰকাৰ পংগু কৰি তুলিছিল৷ জীৱনৰ যিটো বয়স হিৰো হোৱাৰ, সেইটো সময়তে জিৰো হ’ব গৈ আছিলো । আৰম্ভ হৈছিল অন্তহীন হীনমন্যতা৷ লাহে লাহে কূপমণ্ডুক জীৱন এটাৰ ফালে যেন নিজৰ অজ্ঞাতেই আগুৱাই যাব ধৰিছিলো৷ এনে বিপৰ্যয়পূৰ্ণ সময়ত উক্ত কথাখিনিয়ে মোৰ দুৰ্বল মনক নতুন চিন্তাৰ খোৰাক দিছিল৷ এগৰাকী মৃত্যু পথৰ যাত্ৰী দুৰাৰোগ্য ৰোগীৰ বাবে কেনে সুখ সুলভ হৈ পৰি থাকে পথৰ দাঁতিত ? দুৰ্ঘটনাত হাত ভৰি ছিঙি কুষ্মাণ্ড হৈ যন্ত্ৰণাত ছটবটাই থকা মুহূৰ্তত ব্যক্তি এজনৰ বাবে সুখৰ সংজ্ঞা কি? সুখ বা দুখক কোনো সূত্ৰ বা সংজ্ঞাৰে জুখি চোৱাৰ সেয়াই আছিল মোৰ প্ৰথম প্ৰয়াস৷ 


সেই দিনবোৰ পাৰ হৈ যোৱাৰ সুদীৰ্ঘ দিনৰ অন্তত এতিয়াও যে মই জীয়াই থাকিলো সিয়ে হোমেন বৰগোহাঞি দেৱৰ কথাষাৰৰ সত্যতাক কিদৰে প্ৰতিপন্ন কৰিলে নাজানো ! হয়তো সুখবোৰ বুটলি ল'ব জানিলো, হয়তো নাজানিলো; কিন্তু এটা কথা ঠিক যে সুখেই হওক বা দুখেই, ই মানসিক অৱস্থাৰ ওপৰত নিৰ্ভৰশীল বিষয়৷ আমি বেছিভাগ মানুহেই মানসিকভাবে ইমানো পৰিপক্ব বা শক্তিশালী নহয় যে প্ৰাত্যহিক জীৱনৰ তুচ্ছতাক অতিক্ৰমী গোটেই জীৱনৰ বাবে নিৰ্দিষ্ট এক আদৰ্শ বা উপলব্ধিক সাৰোগত কৰি চলিব পাৰিম৷ এনে নোহোৱাৰ ফলতে বহু সময়ত আমাৰ মানসিক অৱস্থাক ভিন্ন পৰিৱেশ-পৰিস্থিতি, দৰিদ্ৰতা-অজ্ঞানতা, লোভ-মোহ আদিয়ে নিয়ন্ত্ৰণ কৰে৷ গোটেই জীৱন কিয়; দিনটোৰ ভিতৰতে বহুবাৰ আমি নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাও৷ অলপ আগত যিটো কথাই আনন্দিত কৰিছিল সেই একেটা কথায়েই কিছুমুহূৰ্ত পিছত আমাৰ বাবে অৰ্থহীন যেন লাগে৷ বেছি উদাহৰণ নিষ্প্ৰয়োজন৷ Digital Dream24


দুবছৰমান আগত ৱাটচএপত অজ্ঞাত উৎসৰ পৰা অহা এটা ভিডিঅ’ চোৱাৰ সৌভাগ্য হৈছিল৷ ডেকা ল’ৰা এজনৰ বৰ দুখ৷ দিনৰ দিনটো পৰিশ্ৰম কৰে৷ পত্নী সন্তানৰ মংগলৰ বাবে অহোপুৰুষাৰ্থ কৰাৰ পিছতো তেওঁ যেন কামনা কৰা সুখ ঘূৰাই আনিব নোৱাৰে৷ ইমানৰ পিছতো কিবা যেন নাই নাই৷  কিবা যেন পোৱাৰ কথা আছিল পোৱা নহ’ল৷ কিবা যেন কৰাৰ কথা আছিল কৰা নহ’ল৷ ...

এদিন তেওঁ সুখৰ সন্ধানত এগৰাকী বাবাৰ ওচৰ পালেগৈ৷ মনৰ সকলো অসন্তুষ্টিৰ কথা বাবাক অকপটে খুলি কৈ তেওঁ শেষত সুধিলে-- সুখ কেনেকৈ আহৰণ কৰিব পাৰি? ক’ত থাকে এই সুখ? কিয়ইবা ইমান দুৰ্লভ ই? 


বাবাগৰাকীয়ে এপলক চাই ৰ’ল ডেকাৰ মুখৰ ফালে৷ তাৰ পিছত স্বভাৱসুলভ গাম্ভীৰ্যৰে ক’ব ধৰিলে-- তোমাৰ প্ৰশ্নৰ সঠিক উত্তৰ তুমি পাবা বৎস৷ কিন্তু তাৰ আগতে তুমি এটা কাম কৰা৷ ....


কথাখিনি কৈ বাবাই নাতিদূৰত থকা এখন ফুলনিলৈ আঙুলিয়াই তাৰ পৰা এটা ফুল ছিঙি আনিবলৈ ক’লে ডেকাক৷ -- ফুলনিখনৰ পৰা তুমি এনে এটা ফুল ছিঙি আনা যিটো তোমাৰ আটাইতকৈ ভাল লাগে৷ কিন্তু এটা কথা মনত ৰাখিবা৷ ফুলনিখনৰ প্ৰৱেশ দ্বাৰেৰে সোমাই প্ৰস্থান দ্বাৰেৰে ওলাব লাগিব৷ আৰু এনে কৰোঁতে এখোজো উভতি গৈ তুমি পাৰ হৈ অহা কোনো ফুল ছিঙিব নোৱাৰিবা৷ ...Digital Dream24


তেওঁ বিচাৰি অহা সুখৰ লগত ফুলনিৰ ফুলৰ কি সম্পৰ্ক একমুহূৰ্ত ভাবিলে ডেকাই আৰু বিলম্ব নকৰি বিনা বাক্যব্যয়ে ফুলনিখনৰ ফালে খোজ ললে৷ 


কিছুসময় পিছত ডেকাই ফুল এপাহ আনি বাবাক দিলেহি৷ ফুলপাহলৈ চাই বাবাৰ ওঁঠত কিঞ্চিত হাঁহি বিৰিঙি উঠা দেখা গ’ল; কিয়নো ফুলপাহ আছিল তেনেই লেৰেলি যোৱা৷ তেওঁ ডেকাক প্ৰশ্ন কৰিলে-- গোটেই ফুলনিখন সতেজ ফুলেৰে জাতিষ্কাৰ হৈ থকাৰ পিছতো এই লেৰলি যোৱা ফুলপাহহে তোমাৰ ভাল লাগিলনে? 


উত্তৰত ডেকাই যথেষ্ট ইতস্তততাৰে ক’লে, -- বাবাজী, ফুলনিখনত সোমায়ে জকমকাই থকা সজীৱ-সতেজ ফুলবোৰ দেখি ভাবিলোঁ সমুখৰ ফালে কিজানি ইয়াতকৈয়ো ধূনিয়া ধূনীয়া ফুল আছে৷ সেয়ে আগুৱাই গৈ থাকিলো৷ কিন্তু যিমানে আগুৱালো সিমানে দেখিলোঁ ফুলবোৰ পূৰ্বতকৈ মৰহাহে হৈ আহিছে৷ আপুনি যিহেতু উভতি গৈ ছিঙিবলৈ মানা কৰিছিল সেয়ে শেষত এইপাহকে ছিঙি আনিলোঁ বাবা৷ ...


এইবাৰ গম্ভীৰ কণ্ঠেৰে বাবাজীয়ে কৈ গ’ল-- আশা কৰো তুমি তোমাৰ প্ৰশ্নৰ উত্তৰ পাই গ’লা নহয়নে? 


ডেকা কিছু বিবুধিত পৰিল৷ বাবাইনো কি বুজাব খুজিছে তাকে ভাবি মৌন হৈ ৰ’ল৷ 

 বাবাই পুণৰ কৈ গ’ল– এই কথাটোকে তুমি জীৱনৰ সৈতে ৰিজাই চোৱা বৎস৷ জীৱনৰ বাটতো অনেক সুখ পৰি থাকে যিবোৰক আন এক অদ্ভুত সুখৰ আশাত আমি উপেক্ষা কৰি গৈ থাকো৷ মোৰ হাক নুশুনি তুমি হয়তো উভতি গৈ ভাল ফুল এপাহ অনায়াসে ছিঙিব পাৰিলাহেঁতেন; কিন্তু জীৱনত যিটো মুহূৰ্ত তুমি ব্যয় কৰি আহিলা তাক জানো ঘূৰাই পাবা? ...


বাবাক প্ৰণাম জনাই ঘৰলৈ ঘূৰাৰ বাটত ডেকা ভাবুক হৈ পৰিল৷ জীৱনৰ ডাঙৰ সত্য এটা যেন উন্মোচিত হ’ল তেওঁৰ চকুৰ সমুখত৷ 


শৈশৱ কালৰে অনুৰূপ বাস্তৱ ঘটনা এটা মোৰ আজিও মনত আছে৷ আমি চেঁচা নদীৰ পৰৰ গাঁও এখনত ডাঙৰ হৈছো৷ খৰালি মাহত নদীখন প্ৰায়ে শুকাই আঁঠুৱনি- একঁকাল পানীৰ হৈ থাকে৷ এনে সময়তে দুই তিনিখন গাৱৰ মানুহ সমবেত হৈ বান খেদাৰ নিয়ম৷ বান খেদা মানে সমূহীয়া মৎস চিকাৰ৷ নদীটোক এফালৰ পৰা ঘেৰী জাল, জুলুকী যিয়ে যি পাই লৈ মানুহবোৰে মাছ ধৰে৷ এবাৰ সেই মানুহবোৰৰ মাজত আমাৰ স্কুলৰ প্ৰধান শিক্ষকগৰাকীকো দেখিছিলো৷ তেওঁ এখন জাল লৈ আহিছিল, টনা জাল৷ জুলুকী বাই আগুৱাই গৈ থকা মানুহবোৰৰ আগে আগে তেওঁ জালখন বাই গৈ আছিল৷ লক্ষ্য কৰিছিলো, প্ৰতিবাৰতে তেওঁৰ জালত যথেষ্ট পুথি, খলিহনা আদি মাছ উঠে; কিন্তু তেওঁ সেইবোৰ খালৈত নভৰায়৷ কথাটোৱে মোক সেই বয়সতে কৌতূহলি কৰি তুলিছিল৷ তেওঁ যদি জালত উঠা মাছবোৰ নলয়েই তেন্তে মাছলৈনো আহিছে কিয়? Digital Dream24


ইতিমধ্যে চিকাৰ পৰ্ব শেষ হৈ আহিছিল৷ বৰ বৰ বৰালী, শ’ল আদি কঁকালৰ ’হালঙি’ত ওলোমাই মানুহবোৰ পাৰলৈ উঠিছিল৷ ইয়াৰ মাজতে কঁকালত খালী খালৈটো লৈ ছাৰগৰাকীও উঠি আহিছিল পাৰলৈ৷ তেওঁ আন এজনৰ সমুখত ক্ষেদ ব্যক্ত কৰা শুনিলো-- ছেঃ পুথি-খলিহনাবোৰকে যদি ধৰি গলোহেঁতেন এতিয়ালৈ খালৈ ভৰি গ’লহেঁতেন৷ 


মোৰ কৌতূহল আঁতৰিল৷ তাৰমানে ছাৰে ৰৌ-বৰালীৰ আশাতহে জাল বাই আছিল৷ 


ৰৌ বৰালীৰ আশাত পুথি-খলিহনাক মাছ বুলি নভবা ছাৰগৰাকী বাস্তৱ জীৱনত কিমান সুখী বা অসুখী আছিল নাজানো; কিন্তু এনে অনেক মানুহ আছে যিসকল পোৱাখিনিকলৈ সন্তুষ্ট নহয় অথচ নোপোৱাখিনিৰ বাবে ভীষনভাবে হায়ৰাণ; যিয়ে প্ৰতি মুহূৰ্ততে তেওঁলোকৰ মন মগজু অশান্ত কৰি ৰাখে৷ প্ৰতিটো কথাতে অসন্তুষ্টি প্ৰকাশ কৰি নিজেতো অসুখী হয়েই, আনকো অশান্তিত ভোগায়৷ কোনো কথাকে পজিটিভ দৃষ্টিভংগীৰে ভাবিব নোৱাৰা এইসকল লোকে আঞ্জাত নিমখ কম বেছি হোৱাকলৈয়ো বিনিদ্ৰ ৰজনী কটায়৷ এওঁলোক অসুখী আত্মা৷ এওঁলোকৰ বাবে সুখ কতো নাই৷ শান্তি কতো নাই৷ তেওঁলোকৰ বাবে উপৰোক্ত কাহিনীটো নিশ্চয় অধিক প্ৰযোজ্য৷ 


 আন এটা অভিজ্ঞতাৰে সামৰিব খুজিছো৷ বহুদিন আগতে অনাতাঁৰ নাট এখন শুনিছিলো৷ হস্পিতেলৰ কেবিন এটাত দুজন ৰোগী থাকিব পৰা দুখন বেড৷ এখনত দুৰ্ঘটনাত দুয়োখন ভৰি বিকল হৈ পৰা এজন ৰোগী আৰু আনখনত হিষ্টিৰিয়া নে মৃগী ৰোগী এজন৷ দুৰ্ঘটনাগ্ৰস্থ ৰোগীজনৰ বেডৰ কাষত কোনো খিৰিকী নাই৷ সৌভাগ্যবশতঃ মৃগীৰোগীজনৰ শিতানতে এখন খিৰিকী যিখনেৰে তেওঁ বাহিৰৰ পৃথিৱীখন চাই থাকে আৰু চকুৰে দেখা দৃশ্যবোৰৰ ধাৰা বিবৰণী শুনাই থাকে আনজন পংগু ৰোগীক৷ তেওঁৰ ভৰি দুখন সুষ্ঠ, ইচ্ছা কৰিলে খোজ কাঢ়ি বাহিৰলৈ গৈয়ো তেওঁ পৃথিৱীখন চাব পাৰে; কিন্তু আনজনৰ সেয়া সম্ভৱ নহয়৷ সেয়ে তেওঁ ভাবে যে খিৰিকী কাষৰ বেডখন তেওঁৰহে হ’ব লাগে প্ৰকৃততে৷ এই লৈ কৰ্তৃপক্ষৰ ওচৰত আপীলো কৰিলে তেওঁ বহুবাৰ; কিন্তু বিষয়টোৰ প্ৰতি যেন সকলো উদাসীন৷ দিনৰ পিছত দিন বিছনাত পৰি থকা দুৰ্ঘটনাগ্ৰস্থ ৰোগীজনৰ খিৰিকী কাষৰ বেডখনৰ প্ৰতি আগ্ৰহ দিনে দিনে বাঢ়ি যাব ধৰিলে৷ ইফালে মৃগীৰোগীজনৰো ধাৰা বিবৰণি অধিক সলসলীয়া হৈ গৈ থাকিল-- সৌজন ডৰীয়া মৌলবী.. হাতত ছাতিটো লৈ গৈ আছে.... সৌজনী তাই... কান্ধত সেইটো ময়ে উপহাৰ দিয়া সৰু চামৰাৰ বেগ......!


বাহিৰৰ পৃথিৱীখনৰ পৰা দিনৰ পিছত দিন বঞ্চিত হৈ থকা ৰোগীজনৰ মনত হিংসাৰ উদ্ৰেক হ’ব ধৰিলে৷ খিৰিকী কাষৰ বেডখন কিদৰে অধিকাৰ কৰিব পাৰি তাৰে চিন্তাত যেন তেওঁৰ টোপনি নহা হ’ল৷ মৃগী ৰোগীজনে এটা ব্যৱস্থা নিজে কৰি লৈছিল, যেতিয়া তেওঁৰ ৰোগটোৱে উক দিয়ে তেতিয়া সেই অৱস্থাতো কাষৰ টেবুলত থকা ঔষধৰ বটলৰ সাফৰ খুলি টেবলেট এটা তেওঁ খাই দিয়ে আৰু তেনেকৈয়ে ক্ষন্তেকতে সুস্থিৰ হ’ব পাৰে৷ এই কথাটোৰে সুবিধা ল'লে আনজন ৰোগীয়ে৷ এদিন এনে এক মুহূৰ্তত তেওঁ কিবা উপায়েৰে ঔষধৰ বটলটো টেবুলৰ পৰা পেলাই দিলে৷ মৃগী ৰোগীজনেও সেই বটলটো বিচাৰি নাপাই ছটবটাই ছটবটাই মৰি থাকিল৷ Digital Dream24

দুৰ্ঘটনাগ্ৰস্থ ৰোগীজন আনন্দিত হ’ল৷ অৱশেষত তেওঁৰ বাবে খিৰিকী কাষৰ বেডখন পোৱাৰ বাট মুকলি হ’ল৷ তেৱোঁ এতিয়া চাব পাৰিব সেই ছাতি লৈ গৈ থকা ডৰীয়া মৌলবীজন... চামৰাৰ বেগ লৈ অহা যোৱা কৰা ছোৱালীজনী৷ ....


মৃগী ৰোগীজনক মৰ্গলৈ নিয়াৰ পিছতে দুৰ্ঘটনাগ্ৰস্থ ৰোগীজনক তেওঁ ভবা মতেই খিৰিকী কাষৰ বেডখনলৈ স্থানান্তৰ কৰা হ’ল৷ বেডখনত বহিয়ে তেওঁ বহু আশাৰে খিৰিকীখনেৰে বাহিৰলৈ চাই পঠিয়ালে৷ কিন্তু পিছমুহূৰ্ততে তেওঁ স্তব্ধ হৈ গ’ল৷ এয়া কি? ক’ত সেই ডৰীয়া মৌলবী... ক’ত সেই ছোৱালীজনী... খিৰিকীৰ ঠিক সিপাৰেইচোন মস্ত এখন ইটাৰ দেৱাল....? 

মৃগী ৰোগীজন আছিল কবি মনৰ মানুহ৷ কবিৰ অন্তৰ্দৃষ্টিত ইটাৰ দেৱালে বাধাৰ সৃষ্টি কৰিব পৰা নাছিল৷ তেওঁৰ মনঃচক্ষুৱে ইটাৰ দেৱাল ভেদি অনায়াসে বাহিৰৰ পৃথিৱীখনত বিচৰণ কৰিছিল । কথাবোৰ এনেকুৱাই । এজনে য’ত সুখৰ সন্ধান পায় তাত হয়তো আন এজনে একোৱেই বিচাৰি নাপায়৷ 

বন্ধ প্ৰাচীৰত ধূনিয়া পৃথিৱী দেখাৰ দৰে চৰম বিপৰ্যয়ৰ মুহূৰ্তত নিজক সুখী কৰি ৰাখিব পাৰিমনে নাই সেয়া সময়ে ক’ব; কিন্তু দৈনন্দিন জীৱনত সৰু সৰু সুখকে আজুৰিবলৈ যত্ন কৰি চলাই আছো জীৱনৰ ৰথ৷ আগলৈয়ো সংকল্প আছে চলাই যোৱাৰে৷ ..Digital Dream24


Ratul Das Sarania

ফোন- ৭০০২১-৩২৪৪৯

No comments:

Powered by Blogger.