Milk is white গাখীৰ বগা Digital Dream24

 জয় কলাখাৰৰ জয়

Milk is white, গাখীৰ বগা, Digital dream24
Digital dream24 


অসমৰ এনে কিছুমান গাওঁ বা চুবুৰী আছে য'ত মিঠাতেল আজিও এক বিলাসৰহে সামগ্ৰী, বিশেষকৈ জনজাতীয় লোকৰ চুবুৰীবোৰ । তেনে একোটা চুবুৰীৰ ঘৰে ঘৰে মজুত থকা মিঠাতেল যদি সংগ্ৰহ কৰি একেলগ কৰা হয় এক লিটাৰো নোলাবগৈ কিজানি । মাছ, গাহৰী আদি কলাখাৰেৰেই আমৃতসম কৰি ৰান্ধে একোজনী ৰান্ধনীয়ে । কেতিয়াবা কাচিৎ অন্য মাংস ৰান্ধিব লাগিলে ৫০/১০০ গ্ৰাম লৈ আহে গৈ । তাৰ মাজৰে দুই এক দুপইচা বেছিকৈ থকা পৰিয়ালে নিজক 'বেলেগ-দোচৰা' দেখুৱাবলৈ জহ লোৱা দেখা যায়-'আমাৰ হ'লে মিঠাতেল নহ'লে নচলে দেই ।'

Digital Dream24

সৌ সিদিনালৈকে আমাৰ ফালৰ বহুতকে দেখিছিলো কেতিয়াবা চিচাৰ সৰু বটল এটা লৈ বেগাবেগীকৈ দোকানলৈ যায়, কলৈ যায় বুলি যদি সোধা হয়, উত্তৰ আহে- "আলহী আহিল অ' । জাতি তেল অলপ আনোগৈ ৰ ।"-- জাতিতেল মানে মিঠাতেল ।

হয়, আলহী অতিথি নাথাকিলে বা হাঁহ-পাৰৰ মাংস নহ'লে কেৰাহীত তেল নপৰা পৰিয়াল এতিয়াও অনেক আছে । তেল বুলিয়ে নহয়, পিয়াজ, নহৰু, দাইল আদিৰ ক্ষেত্ৰতো একে । মোৰ চুবুৰীটোৰ কাষৰে ল'ৰা এজনে সমনীয়া কেইজনমানৰ আগত গৰ্ব কৰি কোৱা শুনিছিলো-- "আমাৰ কিন্তু সপ্তাহত দুসাজ তিনি সাজত দাইল থাকেই !"....

 সদ্য সমাপ্ত উপনিৰ্বাচনত মূল্যবৃদ্ধিক ইচ্ছ্যু হিচাপে লৈছিল বিজেপি বিৰুধী শিবিৰে । কামত নহাৰ কাৰণটো হয়তো সেইটোৱে । পেট্ৰ'লৰো দাম বাঢ়িছে । পেট্ৰ'ল চিনি পাই জানো মিঠাতেল নোখোৱা ভোটাৰে ? 

Digital Dream24

চৰকাৰৰো গা নলৰাৰ কাৰণ হয়তো সেইটোৱে । সাধাৰণ মানুহবোৰ সন্তুষ্ট । বিনামূলীয়াকৈ চাউল দিছে, ভাত মুঠি দিছে । ভাত ৰান্ধিবলৈ গেছৰ ব্যৱস্থা কৰি দিছে । হওক তাৰ দাম দুই/তিনি হেজাৰ । 'দৰিদ্ৰৰ পাকঘৰত গেছ চিলিণ্ডাৰ আৰু টোকোনাৰ আঙুলিত হীৰাৰ আঙুঠী" ..সৌ সিদিনালৈতো আমাৰ মানসিকতা তেনেকুৱাই আছিল । এতিয়া দৰিদ্ৰসকল সেই হীনমন্যতাৰ পৰা অন্ততঃ মুক্ত হ'ব পাৰিছে ।' পকী ঘৰত সপোনতো থাকি নোপোৱা পৰিয়ালৰ পকীঘৰ হৈছে । কাষৰ পৰিয়ালটোৱে পোৱা নাই যদিও পোৱাৰ সম্ভাৱনা দেখিছে । খাই উঠি চনবাৰীলৈ দৌৰ মাৰিব নলগাকৈ  ঘৰৰ চৌহদতে হগা ঘৰ পাইছে । কেৰাচিনৰ চাকিৰ সলনি বিজুলী বাটি জ্বলিছে । হাঁহ পাৰ বিকি হ'লেও গৃহিনীয়ে এটা পাংখা লৈ পৰম সন্তুষ্টিত কাষৰ ঘৰৰ ধনী বোৱাৰীজনীৰ দৰেই জুৰ বতাহ ল'ব পাৰিছে । অৰুণোদয়ৰ পৰা মাহেকত নিৰ্দিষ্ট পৰিমানৰ ধন প্ৰত্যক্ষভাবে পাইছে । গৃহস্থই বৃদ্ধ পেঞ্চন পাইছে । বিধবাই বিধৱা পেঞ্চন পাইছে । বিয়া নোহোৱা ছোৱালীজনীয়ে ভাট্টা পাইছে । চাইকেল লাৰি নোপোৱা ছোৱালীয়ে মেধা দেখুৱাই স্কুটি পাইছে । সন্তানে বিনামূলীয়াকৈ পঢ়াৰ সুবিধা পাইছে । কিতাপ পাইছে । কন্যা সন্তানক বিয়া দিওতে সোণৰ গহনা দিব পাৰিছে । পানীপতাৰ বাঁহৰ খুটাত খোৰোং কাটি দহ পইচা বিশ পইচা সচা নিৰক্ষৰ গৃহিনীৰ আজি বেংকত একাউন্ট হৈছে ।... Digital Dream24

চহৰবোৰ গাৱৰ ওচৰ চাপি আহিছে, কিয়নো গৰু ছাগলীয়ে খোজ দিবলৈ ইতঃস্তত কৰা পদুলিৰ আলিটো পকী হৈছে । নামঘৰ দেৱালয়বোৰ পকী হৈছে । দৰিদ্ৰ ধনেশ্বৰৰ ছোৱালী সাবিত্ৰীয়ে এটকাও ঘোচ নিদিয়াকৈ দিল্লী পুলিচত ভৰ্তি হৈছে । নগেনৰ পুত্ৰ হৰি টেট শিক্ষক হৈছে । হিৰণ্য ডেকাৰ দৰে অভাবি অভিনেতাৰ জীয়ৰীয়ে লাখ লাখ টকা উপঢৌকন নিদিয়াকৈয়ো এপিএচচি কৰিব পাৰিছে । ...

দেশৰ সামগ্ৰীক অৰ্থনৈতিক অৱস্থা যিয়েই নহওক, সেইবোৰৰ সমীক্ষা কৰি দুখ-বেজাৰ অথবা আনন্দ কৰাৰ জ্ঞান সাধাৰণ জনতাৰ নাই । প্ৰতিটো সমষ্টিৰ প্ৰতিখন গাঁৱৰ প্ৰতিটো পৰিয়ালকে চৰকাৰে কিবা নহয় কিবা প্ৰকাৰে চুই গৈছে যাৰ ফলত মিঠাতেলৰ দৰে 'নহ'লেও চলা' বা পেট্ৰ'লৰ দৰে 'অচিনাকি বস্তু' এটাৰ মূল্য বৃদ্ধিক লৈ কোনেও চিন্তিত নহয় । 

কথাবোৰ নিৰ্মোহভাবে হৃদয়ংগম কৰি ৰণনীতি প্ৰস্তুত কৰিব নোৱাৰিলে এটা সময়ত গৈ বিৰুধীৰ অস্তিত্বই লোপ পাব আৰু আগন্তুক বহু বহুকেইটা নিৰ্ৱাচনী কালখণ্ডৰ বাবে বিজেপি চৰকাৰেই যে বাহাল থাকিব সেয়া নিঃসন্দেহ ।

পৰিশিষ্ট

মিঠাতেলৰ পৰা আঁতৰি থাকিব পৰাটো যে স্বাস্থ্যৰ পক্ষেও বহুত ভাল সেই কথা বুজিবলৈ স্বাস্থ্য বিজ্ঞানী নিশ্চয় হ'ব নালাগে । আহক আমি তাক ৰাজহুৱাভাৱে বৰ্জন কৰো আৰু কলাখাৰৰ ব্যৱহাৰ ব্যাপক কৰি তোলো । এই কাতি মাহটোৱেই হৈছে কলগছ চিৰি, ৰ'দাই, পুৰি কলখাৰ প্ৰস্তুত কৰাৰ বতৰ । তেন্তে অপেক্ষা কিহৰ ??

Digital Dream24

বিশেষ দ্ৰষ্টব্যঃ উপৰৰ কথাখিনি লিখি 'অসমীয়াত কথা বতৰা' নামৰ ফেচবুক গোটটোত পোষ্ট কৰিছিলো । ডেৰ কুৰি-দুকুৰীমান মানুহৰ কমেন্ট আহিল । ব্এযক্কোতিগতভাবে কাকো একো উত্তৰ দিয়াৰ মন নগ'ল বাবে তলৰ কথাখিনি লিখি পুণৰ পোষ্ট কৰিছিলো । এই আপাহতে আপুনিও পঢ়ি চাওকচোন ।)

গাখীৰৰ ৰং বগা বাবে মই ভাল পাইছো নে বেয়া পাইছো নাইবা কাৰ কি সুবিধা বা অসুবিধা হৈছে সেয়া মই ক'ব খোজা নাছিলো ; কিন্তু গাখীৰ যে বগা সেই সত্যটোকহে মই প্ৰসংগক্ৰমে তুলি ধৰিব বিচাৰিছিলো । 

দুখৰ বিষয় বহুতেই মোক পক্ষপাতিত্বৰ দোষে পোৱা বুলি উপলুঙা কৰিলে । কাৰোবাৰ অন্ধ ভক্ত বুলিও ক্ষোভ উজাৰিলে । এইটোৱেই হৈছে সেইচামৰ পৰাজয়ৰ মূল কাৰণ । 

কোনোবা ভক্তক 'অন্ধ ভক্ত' বুলি ক'লে উপলুঙা কৰা হ'ব নে তেওঁক 'পৰম ভক্ত'লৈ' প্ৰমোচন দিয়া হ'ব বা নিজকে সঁচা ভক্ত বুলি গৰ্ব কৰাৰ আহৰি দিয়া হ'ব ? মই আপোনাৰ অনুগামী । মোক যদি কোনোবাই আপোনাৰ অন্ধভকত বুলি কয় মই লাজ পাম নে সেই কথাৰ দ্বাৰা মোৰ ভক্তিক মৰ্যাদা দিয়া হ'ব ? সেইবাবেই কিজানি তেনে ভক্তৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে ।

Digital Dream24

সৰু থাকোতে টনা আজোৰাত বলে নোৱাৰি থু দি দৌৰ মৰা সমনীয়া এজন পাইছিলো । আজিও এচামে একো যুক্তি বিচাৰি নাপালে অন্ধভক্ত বুলি কৈ মোখনি মাৰে। বিজেপিৰ বিজয়ৰ গায়ত্ৰী মন্ত্ৰও সেইটোৱেই ।

বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক যোৱাটো বিধান সভা নিৰ্বাচনৰ আগত বিৰুধি শিবিৰে কথাইপতি মুখ্যমন্ত্ৰীৰ সপোন দেখা বুলি উপলুঙা কৰিহে এঘুমতি মাৰিব পাৰিছিল । কথাষাৰ কৈ তেওঁলোকে ইমানেই আত্মতৃপ্তি পাইছিল যে সেই সময়ত তেওঁলোকৰ চকুমুখত উজ্জল জ্যোতিৰ সমাহাৰ ঘটিছিল । থ্ৰি ইডিয়টৱ মেচিনৰ সুত্ৰটো সলসলীয়াকৈ মাতি পৰম সন্তুষ্টিৰে ইফালে সিফালে সমনীয়াবোৰৰ ফালে চাই পঠিয়াওতে চাইলেঞ্চাৰৰ চকুমুখত ফুটি উঠা জ্যোতিৰ দৰেই আছিল সেই জ্যোতি । 

Digital Dream24

চতুৰ হিমন্ত বিশ্ব শৰ্মাই সেইটোকে বিচাৰিছিল । যাৰ মুখতে নহওক মুখ্যমন্ত্ৰীৰ দাবীদাৰ হিচাপে তেওঁৰ নামটো যিমানেই উচ্চাৰিত হ'ব সিমানেই বিষয়টো চৰ্চালৈ আহিব, সিমানেই বিষয়টি প্ৰাসংগিক হৈ পৰিব, সিমানেই কাংক্ষিত লক্ষ্যৰ বাট প্ৰশস্ত হ'ব । তেওঁ কিজানি সেইসকলৰ সুস্বাস্থ্য আৰু মংগলৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনাও জনাইছিল মনে প্ৰাণে সেই সময়ত । তেনেকুৱা 'উপলুঙা,' কৰাৰ শক্তি আৰু সামৰ্থ্য যাতে সদায় দিয়ে তেওঁলোকক- তেওঁ কিজানে তাৰেই কামনা কৰি আছিল ।

এতিয়া আমি দেখিলো বিৰুধিয়ে উপলুঙা কৰা কথাষাৰকে সাৰোগত কৰি তেওঁ সঁচাসচিকৈ মুখ্যমন্ত্ৰী হ'ল । এতিয়া ৰিপুণ বৰা বা গৌৰব গগৈ বা অখিল-লুৰিণ মৌন কিয় ?

দেশৰ সামগ্ৰীক অৰ্থনীতিৰ কথা সাধাৰণ ভোটাৰ ৰাইজৰ বোধগম্য নহয় বুলি কৈছিলো । ব্যাপক হাৰত হিতাধীকাৰীৰৱ সৃষ্টি কৰি প্ৰতিগৰাকী সাধাৰণ ভোটাৰকে যে বিজেপি চৰকাৰে কিবা নহয় কিবা প্ৰকাৰে চুই গৈছে তাৰে প্ৰসংগ টানি এইহেন প্ৰতিপক্ষক পৰাস্ত্ কৰিবলৈ যে সুক্ষ্ম ৰাজনৈতিক বিচক্ষণতা লাগিব আৰু তাকে নকৰিলে যে অনাগত বহুকেইটা নিৰ্বাচনী কালখণ্ডৰ বাবে বৰ্তমানৰ চৰকাৰখনেই বৰ্তমান হৈ থাকিব সেই সত্যটো কবলৈ যাওতে মই ভক্ত হৈ থাকিলো । Digital Dream24

ইয়াকে কয় আপদ কালে হতবুদ্ধি ।


c. Ratul Das Sarania.

#জয়কলাখাৰৰজয়  শীৰ্ষক ইয়াৰ আগৰ পোষ্টটো পঢ়ি মোক অন্ধভক্তৰ আখ্যা দিয়া সকলৰ সুমতি কামনা কৰিলো ।

No comments:

Powered by Blogger.