আমাৰ চুবুৰীটোত এজন ব্যতিক্ৰমী ভাব-ভংগীৰ মানুহ আছিল ।
তেওঁৰ নামটোও আছিল ব্যতিক্ৰমী । ভীমসেন । তেওঁৰ গঢ় গতি বা কথা কামৰ সৈতে নামটোৰ কোনো মিল নাছিল । ভীম বা ভীমসেন বুলিলে যিটো কায়িক আবয়ব বা চৰিত্ৰৰ কথা আমাৰ মনলৈ আহে তাৰ সৈতে মানুহজনৰ তিলমানো সাদৃশ্য নাছিল । অথচ সকলোৱে তেওঁক সেই নামেৰেই সম্বোধন কৰিছিল । তেওঁ কাৰো দাদা-খুৰা, বা মহা-পেহা নাছিল, চুবুৰীটোৰ সৰু বৰ সকলোৰে বাবে তেওঁ আছিল ভীম বা ভীমসেন ।
আমাৰ চুবুৰীটো ককাহতে পৰিকল্পিতভাবে গঢ়ি তুলিছিল । সেই সময়ৰ মথাউৰীহীন পুথিমাৰীৰ উৎপাতৰ পৰা আঁতৰি থাকিবলৈ পূবলৈ আহি চেঁচা নদীৰ পাৰত ঘৰ সজাইছিল । চেঁচা সৰু নদী, উপদ্ৰৱ বুলিবলৈ একো নাই । তথাপি মূল চুবুৰী আৰু চেঁচাৰ মাজত ৰাখিছিল বেছ দূৰত্ব, যিখিনি ঠাই এতিয়া অঞ্চলটোৰে ল'ৰা-ছোৱালীবোৰৰ খেল পথাৰ । মূল চৰকাৰী আলিটোৰ (হৰদত্ত বীৰদত্ত পথ) পৰা প্ৰায় ৫০০ মিটাৰমান পূৱত চুবুৰীৰ ভিতৰৰ আলিটো বৃত্তাকাৰে সজাই তাৰ দাঁতিয়ে দাঁতিয়ে সজা হৈছিল ঘৰবোৰ ।
এই বৃত্তাকাৰ আলিৰ উত্তৰ পশ্চিম কোণত শম্ভু খুৰাৰ ঘৰ আছিল, দক্ষিণ পশ্চিম কোণত ধনী মাষ্টৰ খুৰাৰ, পূৱ-দক্ষিন কোণত জয়মল খুৰা (মোৰ নিজৰ খুৰা) ৰ আৰু উত্তৰ পূৱৰ কোণত আছিল চণ্ডী খুৰাৰ ঘৰ ।
এই উত্তৰ পূৱ কোণতে থকা পুখুৰী এটাৰ পাৰত আৰু এটা ঘৰ আছিল । চানখেৰেৰে ডাঠকৈ ছোওৱা চালি, বতাহ-পোহৰ সৰকিব নোৱাৰাকৈ যেনি তেনি ধাপলি দিয়া বাঁহৰ বেৰৰ এই ঘৰটিয়েই আছিল ভীমসেনৰ । দীঘে পুতলে ছফুটমান আকৃতিৰ এই সৰু ঘৰটোৰ ভিতৰত আছিল মুধছত লাগো লাগো হৈ থকা এখন বাঁহৰ চাং, বাকী যি অৱশিষ্ট ঠাই সেয়া বুটলি অনা জেংখৰিৰে ভৰি আছিল । এযোৰ কাঁহী বাটি, চাই লগা লুৰকি এটাও আছিল । ওখ চাংখনত উঠি যাবৰ বাবে বাঁহৰ জখলা এডাল স্থায়ীভাবে সংলগ্ন কৰি ৰখা হৈছিল । তেওঁৰ শোৱাৰ ধৰণটোও আছিল ব্যতিক্ৰমী । সাধাৰণতে মানুহে চিৎ হৈ, উবুৰি হৈ বা কাতি হৈ শোৱে । তেওঁ কিন্তু শুইছিল আঠুকাঢ়ি, ঠিক থাপনাৰ সমুখত প্ৰণাম কৰাৰ ভংগীত ।
মানুহজন আছিল ভাবলেশহীন নিৰ্বিকাৰ, তেওঁ হঁহা বা কন্দা আমি কোনেও দেখা নাছিলো । মুখমণ্ডললৈ চালে এনে লাগিছিল তেওঁৰ কাৰো প্ৰতি কোনো অভিযোগ অথবা ক্ষোভ নাই । কোনো কথাত তেওঁ বিষন্ন অথবা উদাসীন নহয়, কাৰো প্ৰসাদ বা অনুগ্ৰহে তেওঁক আহ্লাদিত নকৰে, সুখ-দুখৰ ধাৰণাৰ পৰা বহু যোজন নিলগত বাস কৰা তেওঁ যেন এটা ৰহস্যময় প্ৰাণী । Digital Dream 24
অথচ হকে বিহকে দুখ-ক্ষোভ প্ৰকাশ কৰাৰ অজুহাত বিচাৰি থকা আমিবোৰৰ তুলনাত দুখ কৰিবলগীয়া বহু যুক্তি আছিল তেওঁৰ ওচৰত । আমি পৃথিৱীলৈ অহাৰ বহু বছৰ আগতেই তেওঁ আহি থাকিবলৈ লৈছিল আমাৰ চুবুৰীৰ সেই বিশেষ ঘৰটোত । ক'ৰ পৰা আহিছিল ? পিতাইৰ মুখত শুনিছিলো তেওঁ হেনো আহিছিল গোৰেশ্বৰৰ ফালৰ গাওঁ এখনৰ পৰা । ইয়াতকৈ অধিক একো জনা নাছিলো তেওঁৰ বিষয়ে । চুবুৰীটোত তেওঁৰ তেজ মঙহৰ আপোন মানুহ কোনো নাছিল । অথচ ৰাতি পুৱাৰ পৰা ৰাতিলৈকে কাৰোবাৰ নহয় কাৰোবাৰ ঘৰত বিৰামহীনভাবে কাম কৰিছিল । পাৰিশ্ৰমিক বুলিবলৈ একো নাছিল । এমুঠি ভাত, অকণমান প্ৰশ্ৰয়.. সেয়াই আছিল তেওঁৰ শ্ৰমৰ মূল্য । চুবুৰীটোৰ এনে এঘৰ মানুহ নাছিল যাৰ বাৰীৰ বন ভীমসেনে চিকুনাই পোৱা নাছিল, এনে এটা পুখুৰী নাছিল য'ত ভীমসেনৰ কোৰৰ চাব পৰা নাছিল ।
মায়ে কোৱা মনত পৰে- চৰিত্ৰবান দৰিদ্ৰ আদৰৰ পাত্ৰ । ভীমসেন চৰিত্ৰবান আছিল । কিন্তু পাব লগা আদৰখিনিৰ পৰা তেওঁ বঞ্চিত আছিল । কাম নাথাকিলে তেওঁৰ খবৰ লওতা কোনো নাছিল । এনে কাম নথকা দিনবোৰত তেওঁ মাজে মাজে এৰাবাৰীৰ পৰা নাইবা চৰকাৰী ৰিজাৰ্বখনৰ পৰা জেংখৰি বুটলি ওচৰৰ কমাৰগাওঁ চকলৈ বিক্ৰী কৰিব নিছিল । যিটো সময়ৰ কথা কৈ আছো সেইটো সময়ত খৰিৰ মূল্য তেনেই নগণ্য আছিল । সকলোৰে বাৰীত কিনিব লগীয়া নোহোৱাকৈ প্ৰয়োজনীয় খৰি যথেষ্ট আছিল । চ'কৰ চাহ দোকানী অমৃত দাসে লাগনি খৰি হিচাপে প্ৰায়ে ভীমসেনৰ খৰি কিনা দেখিছিলো । বিনিময়ত একাপ চাহ আৰু গজা এটা । নগদ পইছাও দিছিল হয়তো কিছু । কোনোবা দৰদীয়ে ভীমসেনৰ নামত চ'কটিতে থকা ডাকঘৰটোত এটা চেভিং একাউন্ট খুলি দিছিল য'ত আধলি শিকি পালেই তেওঁ ডাকঘৰলৈ গৈ পিয়নৰ হাতত দিছিলগৈ । এই বুধিটো ভীমসেনক কোনে দিছিল জনা নাযায়; কিন্তু ইয়ে তেওঁৰ মৃত্যুৰ সময়ত বহুত কাম দিছিল । তেওঁৰ শেষকৃত্য-জ্ঞাতিৰ চাউল আদিৰ খৰচ এই ধনেৰেই চুবুৰীৰ ৰাইজে সমাপন কৰিব পাৰিছিল । থকা ঘৰটোৰ খুটাৰ খোৰোঙতো তেওঁ আধলি শিকি সাঁচিছিল । পিছে সেইবোৰ প্ৰায়ে কোনোবাই চুৰ কৰি নিছিল । প্ৰকাশ্যে নহ'লেও চুবুৰীৰ ৰাইজে চণ্ডী খুৰাৰ সৰু পুত্ৰ 'হেকেনা'কে বাং দিছিল এই কামৰ বাবে মনতে । ভীমসেনে কাকো একো নকৈছিল । একো প্ৰতিক্ৰিয়াও প্ৰকাশ পোৱা নাছিল চকু-মুখত ।...
কাৰো প্ৰতি অভিযোগ কিম্বা খোভ নাথাকিলেও আন হেজাৰজন পুৰুষৰ দৰে তেওঁৰ হৃদয়তো কিঞ্চিত অনুৰাগৰ জন্ম হৈছিল কাৰোবাৰ বাবে । সেয়া আছিল ভোগেশ্বৰী । ভোগেশ্বৰী আছিল হাঁহি মাতি স্ফুৰ্তি কৰি ভালপোৱা প্ৰাণ চঞ্চলা ছোৱালী । এই ভোগেশ্বৰীৰ প্ৰতি প্ৰকাশ পোৱা ভীমসেনৰ দুই এটা অভিমানসুলভ আচৰণে সেই সময়ত সকলোকে যথেষ্ট আমোদ দিছিল । ভোগেশ্বৰীয়েও খং কৰা নাছিল, বৰঞ্চ বহল হৃদয়েৰে সেই নিঃকিন মানুহজনৰ নিস্পাপ অনুভৱখিনিক মৰ্যাদা দিবলৈ যত্ন কৰিছিল । খৰি বিকি পোৱা শিকিটোৰে কেতিয়াবা চ'কৰ পৰা চানাচুৰ অকণ, চকলেট এটা আনি হাতৰ টিপতে দিবলৈ সুবিধা বিচাৰি থকা মানুহজনৰ ওচৰলৈ তাই নিজেই আগবাঢ়ি গৈছিল ।...
ভীমসেনৰ মূৰত সততে এটা গামোচাৰে মৰা পাগ থাকিছিল । ককালত টিকা ওলোৱাকৈ চুৰিয়া মেৰাই লৈছিল । গাত একো পিন্ধা নাছিল যদিও শতচ্ছিন্ন বনিয়ন এটা প্ৰায়ে কান্ধত লৈ ফুৰা দেখিছিলো । গৰম কালি কামৰ মাজতে ঘামে মলঙা পিঠিখনৰ খজুৱতি মাৰিবলৈ কোনোবা এটা হালোৱা বা গাইৰ সমুখত ঠিয় হৈছিলগৈ । হালোৱা বা গাইজনীয়েও অভ্যস্তভাবে পৰম তৃপ্তিৰে ভীমসেনৰ পিঠিখন এফালৰ পৰা চেলেকি গৈছিল । নানা কৌণিক ভংগিমাৰে চেলেকিবৰ বাবে পিঠিখন প্ৰশস্থ কৰি দি থকা ভীমসেনক সেই মুহূৰ্তত চাবলৈ বৰ ভাল হৈছিল ।
তেওঁৰ মৃত্যৰ সময়ত মই আছিলো হাইস্কুলৰ ছাত্ৰ । সেই বয়সৰ ল'ৰাটো হৈ ভীমসেনৰ দৰে বয়সস্থ মানুহ এজনক মই নাম কাঢ়ি মাতিছিলো-- কথাটোৱে মোক এতিয়া অনুশোচনাত ভোগায় । ঘৰটিৰ সমুখেৰে পাৰহৈ যাওঁতে প্ৰায়ে নাম লৈ চিঞৰি তেওঁ থকা নথকাৰ উমান লৈছিলো । কাৰো দৃষ্টিত পুতৌৰ পাত্ৰ হ'ব নোখোজা চৰিত্ৰ আছিল ভীমসেনৰ । তেওঁৰ মাত কথাত যাতে কোনো দুৰ্বলতা প্ৰকাশ নাপায় তাৰ বাবে কোনোবাই মাত লগালে যথেষ্ট সপ্ৰতিভ হৈ সহাৰি দিবৰ যত্ন কৰিছিল তেওঁ । মোকো দিছিল । ফুকলীয়া এটাই তেওঁক নামকাঢ়ি মাতিছে-- সেয়া তেওঁৰ বাবে কোনো সন্মান হানিকৰ কথা নাছিল । সন্মান হানিকৰ কথা হ'ব তেতিয়াহে যেতিয়া তেওঁৰ মাতত দৈন্যতা প্ৰকাশ পাব-- তেওঁৰ মতে যেন কথাটো আছিল এই ।Digital Dream 24
মৃত্যুৰ কিছুদিন আগৰ পৰা তেওঁ ঘৰৰ ভিতৰতে সোমাই আছিল । বাহিৰৰ পৰা কোনোবাই মাতিলে তেনেকৈ চিঞৰি সহাৰি দিছিল । হয়তো তেওঁ অসুস্থ হৈ পৰিছিল । হয়তো ভোকত কাতৰ হৈছিল । কাম কৰি দিব পাৰিলেহে তেওঁ লোকৰ ঘৰত ভাত খায় । এতিয়া অসুস্থ বাবে তেওঁ কামলৈ যোৱা নাই । এনেয়ে ভাত এসাজ তেওঁ খুজি খাব নোৱাৰে ।..এনে অৱস্থাত ভোগেশ্বৰীয়ে আহি এষাৰ মাত দিয়ক- হয়তো তেওঁৰ মনে তাকে কামনা কৰিছিল । ....
শেষৰ দিনা গোটেই দিনটো কোনো সাৰ সিকতি নাপাই ভোগেশ্বৰীয়ে বেৰৰ জলঙাৰে জুমি চালেগৈ । দেখিলে ওখ চাংখনৰ এফালে আঠুকাঢ়ি নহয়, চিৎ হৈ পৰি আছে ভীমসেনৰ নিথৰ দেহটো ! ভোগেশ্বৰীয়ে আৰু দেখিলে তেওঁৰ প্ৰসাৰিত সোঁহাতখনৰ আঙুলিবোৰে চুই আছে কাষতে পৰি থকা উদং কাঁহীখনৰ বুকু ।... ...
মানুহবোৰ গোট খাই্ছিল । কোনোবা দুজনে ধৰাধৰিকৈ ভীমসেনৰ নিথৰ শৰীৰটো বাহিৰলৈ উলিয়াই আনিছিল । কোনোৱে তেওঁৰ ঘৰটো ভাঙি সৎকাৰৰ বাবে খৰি গোটাইছিল । চুবুৰীৰ কতো কেনিও শোকৰ ছাঁ পৰা নাছিল । দুখ কৰিব লাগে বুলি কথাষাৰ কাৰো মনলৈ অহই নাছিল । জ্যেষ্ঠ দুজনমানে কোৱা কুই কৰিছিল-- কামলৈ মাতিলে কিন্তু নোযোৱাকৈ নাথাকিছিল দেই । ভাল আছিল মানুহটো ।...
ভীমসেনৰ ডাকঘৰত জমা হোৱা ধনেৰে ভালকৈ এটা ভোজ হ'ব, এনে এটা আলোচনায়ো প্ৰাণ পাই উঠিছিল ডেকাচামৰ মাজত ।আৱশেষত দীঘলে পুতলে ছফুট ঘৰটোৰ পৰা নিথৰ শৰীৰটো লৈ যোৱা হৈছিল চেঁচানৈৰ পাৰৰ আন এটা ছফুট ঘৰলৈ, যিটো ঘৰ চিৰদিনৰ বাবে স্থায়ী বুলি ঘোষণা কৰা হ'ব ভীমসেনৰ বাবে ।
কি থিক, সেইটো সময়ত কোনোবাটো ফালে মানুহৰ আঁৰ লৈ চুকুলো টুকি আছিল ভোগেশ্বৰী নামৰ সেই প্ৰাণ চঞ্চল ছোৱালীজনীয়ে !!....Digital Dream 24
(আজিকালি দেখা পাওঁ কিছুমানে দৈনন্দিন জীৱনত ঘটা সৰু বৰ নানা অসুখ অশান্তিৰ কথা ফেচবুকত প্ৰকাশ কৰি শান্তি পায় । এইবোৰ দেখিলেই ঘৰৰ সমুখেৰে পাৰ হৈ যোৱা কোনোবাই শুনিব বুলিয়েই মৃত্যু যন্ত্ৰনাতো এবাৰলৈ কেকাই নুঠা ভীমসেনলৈ মনত পৰে ।)
Ratul Das Sarania
No comments: