ঈশ্বৰ বৰণীয়া বৰষুণজাক আৰু বিদিশা দত্ত Digital Dream24


কিছু বছৰ আগলৈকে এচাম মানুহৰ বাবে ডাকঘৰ আছিল নিজৰ ঘৰখনৰ বাহিৰে দ্বিতীয় এখন গুৰুত্বপূৰ্ণ ঘৰ স্বৰূপ । বহিৰ্জগতৰ লগত  ব্যক্তিগত অথবা অফিচিয়েল সকলো ধৰণৰ সংযোগ সম্ভৱ হৈছিল এই ডাকঘৰৰ জড়িয়তে । বিষেষকৈ লেখা-মেলা কৰা মানুহবোৰৰ বাবে ই আছিল অধিক মনযোগৰ কাৰণ । লেখা এটা প্ৰস্তুত কৰি তাক পাঠকৰ আগত তুলি ধৰিবলৈ কাকত-আলোচনীসমূহৰ বাহিৰে অন্য মাধ্যম একো নাছিল । খামত ভৰাই ডাকঘৰ যোগে নিৰ্দিষ্ট একোটা ঠিকনাত লেখা এটা পঠাই উৎসুকতাৰে অপেক্ষা কৰি ৰ'ব লগা হৈছিল প্ৰতি মাহৰ প্ৰথম সপ্তাহটোলৈ । কিতাপৰ দোকানত ওলমি থকা আলোচনী একোখনত নিজৰ লেখাটো আৱিষ্কাৰ কৰি পুলকিত হৈ পৰাৰ অভিজ্ঞতা সেই সময়ৰ লেখকসকলৰ বাবে আজিও নিশ্চয় এক অবিস্মৰণীয় স্মৃতি । 

Bidisha Dutta, Digital Dream,


সময়ৰ লগে লগে বিজ্ঞানে আমাক উপহাৰ দিলে মোবাইল ফোন । অভাৱণীয়ভাবে পৰিৱৰ্তন হ'ল আমাৰ জীৱনশৈলী । অপেক্ষাবোৰৰ অন্ত পৰিল । যোগাযোগৰ ব্যৱস্থা ইমানেই উন্নত হ'ল যে শাৰীৰীক দূৰত্ব গৌণ হৈ পৰিল, সৃষ্টি হ'ল অন্য এখন জগত, ভাৰ্ছুৱেল জগত ।

ডাকঘৰৰ দৰে লেহেমীয়া ব্যৱস্থা এটা লাহে লাহে যেন আমাৰ চিন্তা-চেতনাৰ পৰা আঁতৰি গ'ল । লিখা এটা প্ৰস্তুত কৰি হাতৰ টিপত থকা মোবাইল ফোনটোৰে তিলিকতে পঠাব পৰা ব্যৱস্থা হ'ল য'লৈকে মন ত'লৈ । আনকি ফেচবুক, টুইটাৰ আদিৰ দৰে এনে ব্যৱস্থাও আৱিষ্কৃত হ'ল যাৰ বাবে কাকত-আলোচনীৰ দৰে মাধ্যমো লাহে লাহে গুৰুত্বহীনপ্ৰায় হৈ আহিল । বহু লেখকেই আজি লেখা এটা প্ৰস্তুত কৰি প্ৰথমে  ফেচবুকত আপলোড কৰে, পিছতহে আন মাধ্যমলৈ প্ৰেৰণ কৰে । বহুতে কাগজ-কলমৰ কথাও পাহৰি গ'ল, নিজৰ হাতৰ আখৰ পাহৰিলে । "পাণ খালো, চূণ খালো আৰু খালো লং/কাউৰীঠেঙীয়া আখৰ দেখি নকৰিবা খং"-- নিজৰ হাতৰ আখৰকলৈ সন্তুষ্ট হ'ব নোৱাৰাসকল এনে বিড়ম্বনাৰ পৰা মুক্ত হ'ল । আজি বৰ বৰ উপন্যাসো ফেচবুকৰ পৰা প্ৰকাশ হৈ ওলাব ধৰিলে । কোনো আলোচনীৰ দৰকাৰ নপৰে, না কোনো সম্পাদনা সমিতি অথবা সম্পাদক ।....Digital Dream24

মই হলো তেনে এক সন্ধিকালৰে ছপা মাধ্যমৰ সম্পাদক নামৰ বেতনভোগী প্ৰাণী (মোৰ এই অনুভৱে সমস্ত  সম্পাদক কূলকে প্ৰতিনিধিত্ব কৰে বুলি নকওঁ) ! নতুন প্ৰজন্মৰ এচামৰ বাবে মাহৰ মূৰকত প্ৰকাশ পোৱা ছপা মাধ্যমৰ আলোচনী এখন তেনেই আউট ডেটেত অলাগতিয়াল গুৰুত্বহীন বস্তু ঠিক স্থানচ্যুত হৈ বাৰীৰ চুকত কোনোমতে লাগনি খৰি নোহোৱাকৈ পৰি বৰ্তি থকা এলাগী ঢেঁকীটোৰ দৰে । পৃথিৱীৰ এমূৰে ঘটা ঘটনা এটাৰ খবৰ আনটো মূৰ পাবলৈ মাথো চেকেণ্ড এটাৰ প্ৰয়োজন, দৈনিক হেজাৰে হেজাৰে বিভিন্ন প্ৰয়োজনীয়-অপ্ৰয়োজনীয় লেখা হাতৰ তলুৱাতে উপলব্ধ... তেনেস্থলত মাহৰ মূৰলৈ অপেক্ষা কিহৰ ?

তথাপি এচাম এতিয়াও আছে আমাৰ মাজত; যিসকলে কাকত-আলোচনীৰ খবৰ ৰাখে, লেখা একোটা পঠাই ধৈৰ্যেৰে অপেক্ষা কৰে মাহৰ প্ৰথমটো সপ্তাহলৈ, আলোচনী এখনত নিজৰ লেখা প্ৰকাশ পালে অনাবিল আনন্দ অনুভৱ কৰে । স্বীকৃত অনুভৱ কৰে । ইয়াৰ মাজৰে কিছুমান ইমানেই আগ্ৰহী যে লেখা একোটা হোৱাটচএপ বা ই-মেইল কৰাৰ পিছদিনাৰ পৰাই সুধিবলৈ লয়-- লেখাটো মনোনীত হৈছেনে ? প্ৰকাশ হ'বনে ? হ'লে কোন মাহত হ'ব ? 

এনেবোৰ প্ৰশ্ন কিছুমান সময়ত ভাল নালাগিলেও বিৰক্ত হোৱা নাযায় । বৰঞ্চ বহু সময়ত আমাক উৎসাহিত কৰে, অনুপ্ৰাণিত কৰে । অন্ততঃ কিছুসংখ্যকৰ বাবে হ'লেও আগ্ৰহৰ কাৰণ হৈ আছো- তাকে ভাবি আন্তৰিক বল পাওঁ ।...

লেখাবোৰ এতিয়া ডাকত নাহে । কোনোবাই পঠালেও আমাৰ হাতত নপৰেহি । ডাকোৱালেও হয়তো গুৰুত্ব অনুভৱ নকৰে । যি নহওক হাতৰ টিপতে পঠাব পৰা ব্যৱস্থা এটা থকাৰ পিছতো ডাকত পঠাব বিচৰা কামটো ট্ৰেক্টৰ থাকোতে ওদা বুঢ়া হালোৱাৰে মাটি চহোৱাৰ দৰে কথা । বোপা ককাৰ সজটো ৰাখিবৰ বাবেই তেনে কাম নিশ্চয় কোনোৱে কৰিব নিবিচাৰিব । কিন্তু কথাবোৰ সহজ হৈ গৈ আছে বাবেই হয়তো মানুহবোৰো অধিক এলেহুৱা হৈ গৈ আছে । ইমেইল বা হোৱাটচএপ যোগে অহা লেখাবোৰত প্ৰায়ে নামটোৰ বাহিৰে ঘৰৰ ঠিকনা নাথাকে । ফলত ই-মেইল আইডি বা চেভ নথকা হোৱাটচএপ নম্বৰটোৱে হৈ পৰে লেখকৰ ঠিকনা, পৰিচয় । তেনেক্ষেত্ৰত হোৱাটচএপত অহা লেখনিবোৰৰ বাবে ফোন কৰি 'সত্যাসত্য' জানি লোৱাৰ সুবিধা থাকে; ইমেইল যোগে অহাবোৰৰ বাবে মেইল যোগেই যোগাযোগ কৰিবলৈ মেছেজ পঠোৱা হয়! Digital Dream24

বহুক্ষেত্ৰত মেইল ব্যৱহাৰকাৰীৰ পৰা সময়মতে সহাৰি পোৱা নাযায় । এনেকুৱা কিছুমান কাৰণতে আমাৰ সিদ্ধান্ত গ্ৰহণত খেলি মেলিও লাগি যায় । অৱশ্যে বহু লেখকৰ লিখনি কোনোধৰণৰ ব্যক্তিগত যোগাযোগ অবিহনেও প্ৰকাশ হৈ যায় । সাহিত্যৰ দৰে ক্ষেত্ৰ এখনত কোনোবা লেখকৰ ভাবমূৰ্তি বিনষ্ট কৰাৰ অথবা সম্পাদনা সমিতিক বিপাঙত পেলোৱাৰ দুষ্ট অভিপ্ৰায় থকা মানুহৰ উপস্থিতি আমাৰ ভাবনাৰ বাহিৰত । 

কিন্তু আমাৰ এনে সৰল ভাবনা বহু সময়ত অশুদ্ধও প্ৰমাণিত হৈ আহিছে । তাৰ উদাহৰণ অলপতে বিদূষী লেখিকা সন্মানীয়া বিদিশা দত্ত আৰু আমাৰ ক্ষেত্ৰত হোৱা ঘটনা এটা ।

আজি দুদিন মান আগত তেখেতৰ পৰা এটা ফোন আহিল । লেখিকাগৰাকীৰ লগত যিহেতু মোৰ কোনো পূৰ্বপৰিচিতি নাই সেয়ে মোৰ বাবে সেইটো আছিল 'আননোন কল' । যি নহওক তেওঁ জনালে যে নৱেম্বৰ মাহৰ ৰহস্যত প্ৰকাশ পোৱা "ঈশ্বৰ বৰণীয়া বৰষুণজাক" নামৰ গল্পটোৰ লেখিকা বিদিশা দত্ত তেৱেই । লেখা একোটা প্ৰকাশ পোৱাৰ পিছত লেখক-লেখিকাৰ পৰা সৌজন্যতা প্ৰকাশক এনে ফোন অথবা মেছেজ আহেই । প্ৰথমে ভাল লাগিল । কিন্তু মৃদু উষ্মা মিহলি কণ্ঠে তেওঁ যিটো অভিযোগ কৰিলে সিয়ে একমুহূৰ্তৰ বাবে মোক মৌন কৰি পেলালে । প্ৰকাশ হোৱা গল্পটো তেওঁ পঠোৱা নাছিল । অনুমতিহীন ভাবে প্ৰকাশ কৰা হৈছে । ইতিমধ্যে আন এখন দৈনিক কাকতত গল্পটো প্ৰকাশ হৈ গৈছে । তেওঁৰ ভাৱমুৰ্তিত ঋণাত্মক প্ৰভাৱ পৰিছে । একেটা লেখা দুঠাইত প্ৰকাশ হৈছে.. ইয়ে তেওঁক সস্তিয়া প্ৰচাৰমুখী বুলি মানুহৰ মনত ধাৰণা জন্মাব ।... ইত্যাদি ।

মোৰ মগজুৱে তৎপৰতাৰে তেওঁৰ কথাৰ যুক্তিযুক্ততা বিচাৰ কৰাত লাগিল । কতৃত্বহীনভাবে কাৰোবাৰ সৃষ্টিক ব্যৱহাৰ কৰাতো, সি লাগিলে যিমানেই সততাৰে নকৰক নিশ্চয় কোনো কাৰণতে সমৰ্থনযোগ্য নহয় । তদুপৰি সাহিত্যৰ ক্ষেত্ৰখনো যে সাধাৰণ তুচ্ছ তাচ্ছিল্যতাৰ পৰা ঊৰ্ধত নহয় সেয়া সঁচা কথা । তেওঁ ভবাৰ দৰে ভাবমুৰ্তি বিনষ্ট হ'ব পৰাকৈ কোনোবাই যে তেওঁক সমালোচনা কৰা নাই সেয়াও সেয়াও আশা কৰিব নোৱাৰি ।  লেখিকাগৰাকীৰ প্ৰতি অন্যায় কৰা হ'ল-- এনেকুৱা এক ভাবনাই মোক মুহূৰ্তৰ বাবে দুৰ্বল কৰি পেলালে ।  কেনেকৈ হ'বলৈ পালে এয়া ?

উৎস বিচাৰি ডিভাইচ খুচৰিলো । মেইল বক্সৰ ভিৰৰ মাজত অহোপুৰুষাৰ্থ কৰিও বিচাৰি পোৱা নগ'ল কোনো শুংসূত্ৰ কোনে পঠিয়াইছিল গল্পটো । 

বিদিশা দত্তৰ কোনোবা শুভাকাংক্ষীৰো কাম হ'ব পাৰে এয়া । 

নিজকে প্ৰতিদ্বন্দ্বী বুলি ভৱা কোনোবা ঈৰ্ষাকাতৰ বন্ধুয়ো এনে কৰিব পাৰে । 

কষ্ট একো নাই,  ফেচুকত উন্মুক্ত হৈ থকা লেখা কোনো এটা ঠিকনালৈ পঠাই দি কাৰোবাক ভালৰি বোলাবলৈ, কাৰোবাক শতৰু শালিবলৈ । লেখাটিত লং প্ৰেছ কৰি, কপি কৰি, মেইল বা হোৱাটচএপ কৰি দিলেই হৈ যায় । ...

২০২২ ত সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ ওলোৱা ঐতিহাসিক আলোচনী #ৰহস্য ৰ বাবে বেলেগত প্ৰকাশিত লেখা প্ৰকাশ হোৱা কাৰ্য মাননীয়া বিদিশা দত্তৰ সমানেই অসন্মানজনক ।.. ভাল ভাবি হওক বা বেয়া ভাবি হওক, এনে কাৰ্যত জড়িতসকলক প্ৰযুক্তিৰ সদ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনালো । Digital Dream24

শেষত, সাধাৰণ তুচ্ছতাচ্ছিল্যলৈ গুৰুত্ব নিদি সৃষ্টিৰ বাটত আগবাঢ়ক । সেই বাটত আমি ফুল সিঁচি যাবলৈ অংগীকাৰবদ্ধ ।

Ratul Das Sarania

No comments:

Powered by Blogger.