তালিবান শাসকৰ কৰুণ কাহিনী
ভূতৰ মুখত ৰাম নাম
| Taliban |
সৰুতে অ'ত ত'ত পোৱা মনত পৰে বল আৰু বুদ্ধিৰ তুলনামূলক মূল্যায়নৰ সাধু কথাবোৰ । সেইবোৰত বলতকৈ বুদ্ধিক সদায় শ্ৰেষ্ঠ বুলি ক'ব বিচৰা হৈছিল ।পৰিয়ালৰ জ্যেষ্ঠসকলেও শাৰীৰীক বল বা অস্ত্ৰ বলতকৈ যে মানসিক বল আৰু বুদ্ধিহে অধিক শক্তিশালী সেই কথা সুবিধা পালেই আমাক বুজাবৰ যত্ন কৰিছিল । শেহতীয়াভাবে তাৰ এটা উৎকৃষ্ট উদাহৰণ সমুখলৈ আহিছে । (Digital Dream 24)
আজি সাত মাহ আগত চুবুৰীয়া দেশ আফগানিস্তানত যি ঘটি গ'ল আমি নিশ্চয় সকলোৱে জানো । কট্টৰবাদী সশস্ত্ৰ সংগঠন তালিবানে আফগানিস্তানৰ গণতান্ত্ৰিকভাবে নিৰ্বাচিত চৰকাৰখনক অস্ত্ৰ বলেৰে উৎখাত কৰি ক্ষমতা নিজৰ হাতলৈ নিছিল । তেওঁলোকৰ এই 'কায়দা'ত অত্যুৎসাহী হৈ বহুতেই তালিবানক প্ৰকাশ্যে সমৰ্থন কৰাই নহয়, তেওঁলোকৰ সৈতে প্ৰত্যক্ষভাবে জড়িত হ'বলৈ ইচ্ছা প্ৰকাশ কৰি খোদ আমাৰ অসম মুলুকতে ডজনৰো অধিক যুৱক গ্ৰেপ্তাৰো হৈছিল । ভাৰত বিৰোধী মানসিকতাৰ এচাম মানুহ (স্বদেশৰে হওক বা বিদেশৰে) তালিবানৰ এই উত্থানত উৎফুল্লিত হৈ পৰিছিল । স্বদেশক ভাল পোৱা বহু মানুহেও আশংকাত ভূগিছিল তালিবানৰ এই উত্থানে দেশৰ বিপদ আনিব পাৰে বুলি ।
যি নহওক, সময়ত তালিবানসকলে চৰকাৰ গঠন কৰিলে । ভাগে ভাগে মন্ত্ৰী হ'ল, প্ৰধান মন্ত্ৰী.. ৰাষ্ট্ৰপতি সকলো হ'ল । উৎসৱ হ'ল, আনন্দ হ'ল । আমেৰিকাই এৰি যোৱা অত্যাধুনিক অস্ত্ৰ টোৱাই তালিম কৰাতো লাগিল । কোনোৱে হেলিকপ্তাৰত উঠি, ওলমিও আনন্দ প্ৰকাশ কৰিলে । নিজৰ সফলতাকলৈ, নিজৰ বীৰত্বকলৈ তেওঁলোক ইমানেই আত্মবিশ্বাসী হৈ পৰিল যে কাৰোবাক কাৰোবাক ধমক দিবলৈয়ো ললে তেওঁলোকে ।
দেশ জয়ৰ আনন্দৰ লগতে তালিবান আৰু তালিবানৰ সমৰ্থকসকলক আন এটা কথায়ো আত্মহাৰা কৰিছিল । সেয়া হ'ল আমেৰিকাৰ দৰে মহা শক্তিক এটাক 'খেদি' পঠিয়াব পৰাৰ আনন্দ । তেওঁলোক আৰু তেওঁলোকৰ সমৰ্থকসকলে 'পৰাভূত' আমেৰিকাকলৈ এনেদৰে তুচ্ছ তাচ্ছিল্য কৰিবলৈ ললে যেন জো বাইদেনৰ আৰু জীয়াই থকাৰ সকাম নাই, লাজত মুচকচ গৈ মৰি যোৱাই ভাল । কিন্তু বাস্তৱ ক্ষেত্ৰত কি দেখা গ'ল বাৰু ? (Digital Dream 24)
আফগানিস্তানলৈ আমেৰিকা আহিছিল ৯-১১ ৰ ঘটনাৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যেৰে । ৯-১১ ৰ ঘটনাত ৩০০০ লোকৰ মৃত্যু ঘটিছিল । তাৰ বিপৰীতে আফগানিস্তান অভিযানত আমেৰিকাই হত্য কৰিলে ৯ লাখ ৩৫ হেজাৰ মানুহ । ঘৰ এৰি অঘৰী হ'ল, দেশ এৰি দেশান্তৰ হ'ল চাৰে তিনি কোটি লোক । সমগ্ৰ অভিযানটোত তেওঁলোকে খৰচ কৰিলে ৮ ত্ৰিলিয়ন ডলাৰ; যিটো সময়ত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন ৩ ত্ৰিলিয়ন মাত্ৰ । এয়া চৰকাৰী তথ্যহে, তাৰ অন্তৰালত আৰু কিমান সকৰুণ হত্যাকাণ্ড, বেদনাদায়ক ঘটনা লুকাই আছে কোনে জানে ? যি কি কাৰণতেই নহওক কিয়, এনে নৃশংস কাৰ্য মানৱীয় দৃষ্টিৰে কেতিয়াও সমৰ্থনযোগ্য হ'ব নোৱাৰে সেয়া লাগিলে ৯ লাখেই হওক বা ৩ হেজাৰেই হওক । এতিয়া তালিবানৰ হাতত সকলো এৰি দি আমেৰিকা গুচি গ'ল । কিয় গুচি গ'ল ? ভয়ত ? তালিবানীসকলে ভবাৰ দৰে সঁচাকৈয়ে পৰাজয় স্বীকাৰ কৰি পৃষ্ঠভংগ দিলে নে আমেৰিকাই ?
তালিবানসকলৰ বাবে প্ৰথম কৰুণ ঘটনাটো হ'ল-চৰকাৰ গঠন কৰাৰ প্ৰাই ৭ মাহ অতিক্ৰম কৰাৰ পিছতো চৰকাৰখনত বিশ্বৰ কোনো এখন দেশেই মান্যতা প্ৰদান নকৰাতো । তালিবানৰ সপক্ষত থাকি মুখপাত্ৰৰ দৰে ভূমিকা পালন কৰা পাকিস্তানেও আনকি প্ৰত্যক্ষ সমৰ্থন আগবঢ়াবলৈ সাহস কৰা নাই । চীন আৰু ৰাচীয়াই তালিবানসকলৰ ওপৰত কিছু নৰম মত পোষণ কৰিলেও সেয়া নিত্যান্তই কূটনৈতিক কাৰণতহে । তদুপৰি ভৰতকে ধৰি কোনো এখন গণতান্ত্ৰিক দেশেই তালিবানক সমৰ্থন কৰাটো হ'ব নিজৰ শৰীৰত নিজে আঘাট কৰি লোৱাৰ দৰে ঘটনা; কিয়নো তেওঁলোকক মান্যতা প্ৰদান কৰা মানেই নিজ দেশৰ বিচ্ছিন্নতাবাদী শক্তিসমূহকো পৰোক্ষভাবে তেনে কাৰ্যৰ বাবে উৎসাহ প্ৰদান কৰা । দুই এখন ইছলামিক ৰাষ্ট্ৰৰ নৈতিক সমৰ্থন থাকিলেও ব্যৱহাৰিক সিদ্ধান্ত লোৱাৰ মৰসাহ তেওঁলোকৰ নাই । ফলত বাহুবলেৰে ৰাজপাট দখল কৰাৰ পিছতো তেওঁলোক যেন ঢাল তৰোৱালহীন নিধিৰাম চৰ্দাৰত পৰিণত হৈছেগৈ । বিশ্ব সম্প্ৰদায়ৰ মাজত ৰাষ্ট্ৰৰ মৰ্যদা নাপালে ব্যৱসায় কেনেকৈ চলিব.. বাণিজ্য কেনেকৈ চলিব ? আমদানী কেনেকৈ হ'ব, ৰপ্তানী কেনেকৈ হ'ব ? (Digital Dream 24)
আৰ্থিক সক্ষমতা থকা দেশবোৰে তালিবান প্ৰশাসনক সম্পূৰ্ণ গুৰুত্বহীন কৰি বিভিন্ন ধৰণে আফগানী সাধাৰণ জনতাক সাহায্য প্ৰদান কৰি আছে । আমাৰ ভাৰতেও ইতিমধ্যে ৫০ হাজাৰ মেট্ৰিকটন খাদ্য শস্যৰ লগতে ঔষধ পাতি, ক'ৰোণা ভেকচিন আদি যোগান ধৰিছে আৰু বিভিন্ন আন্তৰ্জাতিক সামাজিক সংস্থাৰ দ্বাৰা বিতৰণৰ ব্যৱস্থা কৰিছে । শেহতীয়া বাজেটত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আফগানিস্তানৰ সাহায্যৰ বাবে ২০০ কোটি টকা ধাৰ্য কৰিছে । তালিবান প্ৰশাসকবৃন্দ অদহায়, বাধা দিবও নোৱাৰে অথচ ভূমিকা লবও নোৱাৰে ।
তালিবানসকলৰ বাবে আনটো মৰ্মান্তিক তথা সকৰুণ ঘটনাটো সংঘটিত কৰিছে খোদ আমেৰিকাই । যি আমেৰিকাক পৰাভূত হ'বলৈ বাধ্য কৰোৱা বুলি তালিবানসকলে নিজে নিজৰ কৃতিত্বত গদ গদ হৈ আছিল সেই আমেৰিকাই এনে এক কূটনৈতিক খেল খেলিলে যে তালিবান চৰকাৰৰ মুখপাত্ৰগৰাকীয়ে টুইট কৰিবলৈ বাধ্য হ'ল আমেৰিকাক মানৱতাহীন, নৈতিকতাহীন বুলি । নিষ্ঠুৰ বুলি সমগ্ৰ মানৱ সমাজত কুখ্যাতি থকা তালিবানৰ মুখত মানৱতা, নৈতিকতা আদি শব্দ হয়তো বহুতৰ বাবে হজম নোহোৱা বিধৰ; কিন্তু তালিবানসকলৰ বাবে সেই ঘটনা চিহ্নিত হৈছে অতি কৰুণ ৰূপত ।
সকলোৱে জানে যে আফগানিস্থানত আব্দুল গণি চৰকাৰৰ দিনতে ভাৰত চৰকাৰে ৩ বিলিয়ন ডলাৰৰ কাম কৰি আছিল । একেদৰে বিভিন্ন সময়ত বিশ্বৰ আন আন দেশৰ লগতে বহু সংস্থায়ো দেশখনক আৰ্থিক সহায়ৰ হাত আগবঢ়াই আহিছিল । তেনেধৰনবে জমা হোৱা সৰ্বমুঠ ধন জমা ৰখা হৈছিল আমেৰিকাৰ বেংকত । সেই পৰিমাণ আছিল ৭ বিলিয়ন ডলাৰ যিটো পাকিস্তানে চৌদি আৰব আৰু চীনৰ পৰা লোৱা ঋণ একগোট কৰিলে যিমান হয় প্ৰায় সিমান । তালিবানে শাসনভাৰ গ্ৰহণ কৰাৰ পৰাই এই ধন ঘূৰাই দিবলৈ দাবী জনাই আহিছিল । প্ৰথমে দাবী, পিছলৈ অনুনয় বিনয় । শেহতীয়াভাবে বাইদেন চৰকাৰে এনে এক সিদ্ধান্ত লৈ পেলালে যিটো হয়তো তালিবানসকলৰ কল্পনাৰো বাহিৰত আছিল । সিদ্ধান্ত মৰ্মে সেই ধনৰ আধা ভাগ অৰ্থাৎ ৩.৫ বিলিয়ন ডলাৰ সহায় হিচাপে আগবঢ়োৱা হ'ব ৯-১১ ৰ পীড়িতসকলক বা মৃত্যুবৰণ কৰা ব্যক্তিসকলক । বাকী ৰোৱা আধা ভাগ ব্যৱহাৰ কৰা হ'ব যুদ্ধ বিধ্বস্ত আফগানিস্তানৰ দৰিদ্ৰ জনসাধাৰণৰ সাহায্যৰ নামত । আমেৰিকাৰ এনে সিদ্ধান্তই তালিবানসকলক মোক্ষম আঘাট কৰাই নহয় নিৰ্মম ভাবে যেন পাখিও কাটি পেলোৱা হ'ল । এফালে সংযোগহীন বিহিৰ্বিশ্ব আনফালে শূন্য ৰাজভঁৰাল । অস্ত্ৰবলৰ অসাৰতা যেন ভালদৰেই বুজি উঠিব ধৰিছে তেওঁলোকে আৰু কবলৈ বাধ্য হৈছে নৈতিকতাৰ কথা, মানৱতাৰ কথা । পিছে সেয়াও অপ্ৰাসংগিক আৰু অৰ্থহীন; কিয়নো যুদ্ধ বিধ্বস্ত আফগানিস্তানৰ সাধাৰণ জনতাৰ ক্ষেত্ৰত ঠিকেই প্ৰদৰ্শন কৰা হৈছে মানৱতা, নৈতিকতা । বহুতৰ বাবে তালিবানৰ মুখত ফুটা মানৱতা শব্দটো ভূতৰ মুখত ৰাম নামৰ দৰে ।
বিশ্ব সম্প্ৰদায়ে গ্ৰহণ কৰা ভূমিকা আৰু আমেৰিকাৰ প্ৰতিশোধ পৰায়ণতাই তালিবানসকলক কট্টৰবাদৰ পৰা কিমান নৰমবাদলৈ লৈ যায় সেয়া সময়ে ক'ব, কিন্তু বিদ্যা বুদ্ধিহীন মানুহে কেবল শাৰীৰীক বলেৰে লম্ফ জম্ফ কৰি যে নিজৰ মুৰ্খতাৰহে পৰিচয় দিয়ে তাৰ যেন বাস্তৱ নিদৰ্শন এটা ডাঙি ধৰিলে তেওঁলোকে । তালিবানক সমৰ্থন কৰাসকলেও এই কথা ভালকৈ উপলব্ধি কৰা উচিত ।.. (Digital Dream 24)
C- Ratul Das Sarania.
No comments: