এটা বান্দৰৰ হত্যাকাণ্ড
আমাৰ চৌপাশে আমাৰ স'তে সহবাস কৰি থকা জীৱ জন্তুবোৰৰো থাকে সুখ-দুখ, হৰ্ষ- বিষাদ, সন্তুুষ্টি-অসন্তুষ্টিৰ অনুভৱ যিবোৰ ক্ষেত্ৰত আমি উদাসীন নাইবা বুজি পায়ো উপেক্ষা কৰি চলো । ময়ো সেইবোৰৰ ভিতৰৰে এজন ।
এই অমাত জীৱবোৰেও বিচাৰে কাৰোবাৰ ভাল ব্যৱহাৰ, ছত্ৰছায় বা সহায় । সেইবাবেই হয়তো সিহঁতে অৰণ্য এৰি পালেহি মানুহৰ বসতিস্থল । কথাষাৰ নতুনকৈ মনলৈ আহিল আজিৰ সৰু ঘটনা এটাকলৈ । (Digital Dream24)
আজি কিছুদিনৰ পৰা নতুন এটা অভ্যাস গঢ়ি উঠিছে । মই থকা ঘৰটোৰ পৰা অলপ গৈয়ে ৰাস্তাৰ সিটোপাৰে শৰ্মা উপাধিৰ আদহীয়া লোক এজনৰ এখন চাহৰ দোকান । গাখীৰে-চাহপাতে বৰ ধুনীয়াকৈ মিলাই চাহ বনায় । এদিন অন্যমনস্কভাবে একাপ খাইছিলো, তাৰ পিছৰ পৰা শৰ্মা ডাঙৰীয়াৰ চাহকাপৰ প্ৰতি আসক্তি বাঢ়িবলৈ ললে । সেয়ে প্ৰায়ে এওঁ নজনাকৈ আলি পাৰ হৈ নিতৌ পুৱা দোকান পাওঁগৈ । ঘৰত চাহ থাকোতে বেলেগত খোৱা কথাটোৱে এওঁক যাতে অসন্তুষ্ট নকৰে সেয়ে মনে মনেই কৰো কামটো ।
আজিও সেই উদ্দেশ্যেৰেই দুৱাৰ খুলি চোতালত ভৰি থৈছো মাত্ৰ; এনেতে দেখিলো অচিনাকি ৰঙা ঢেকুৰা এটা মধ্যম লয়ত লৰি আহি মোৰ ওচৰতে ৰ'ল । দুৱাৰ মুখৰ পৰা মাজত চোতালখন, তাৰ পিছতে লোৰ প্ৰকাণ্ড গেটখন । ৰঙালৈ ভ্ৰুক্ষেপ নকৰি মই আগুৱাই গলো । দেখিলো সি মোৰ পিছ লৈছে । মনতে ভয়ো লাগিল অলপ । কামুৰিব নেকি ? কামোৰা কুকুৰে হেনো নুভুকে, মনে মনে আহি পিছফালৰ পৰা আক্ৰমণ কৰে ।.. (Digital Dream24)
যি নহওক, অন্তৰত শংকা লৈয়ে তাৰ উপস্থিতিৰ প্ৰতি অগ্ৰাহ্য ভাব দেখুৱাই মই গৈ থাকিলো । সচৰাচৰ মই তেনেকুৱাই কৰো । গন্তব্য বাটত শুই থকা কুকুৰ দেখিলে নিশব্দে দূৰেৰে পাৰ হৈ যাবলৈ যত্ন কৰো যাতে তাৰ আত্মমগ্নতাত ব্যাঘাট নজন্মে । ডালত পৰি থকা চৰাই দেখিলে সচেতন হও যাতে মোৰ উপস্থিতিয়ে তাক শংকিত নকৰে । ইয়াৰ দ্বাৰা হয়তো মোৰ অবচেতন মনে সিহঁতৰ বিশ্বাসভাজন হোৱাৰ প্ৰয়াস কৰে । কথাটো ভালকৈ ভাবি চাবচোন ! দেখা পাও হাতী-ঘোঁৰা, ম'হ, গঁড় আদিৰ পিঠিত উঠি কাউৰী-শালিকাই ৰাজকীয় আৰামত চিকৰা খাই থাকে অথচ মনুষ্যকুলৰ কাৰোবাৰ উপস্থিতিৰ উমান পালেই পলাই ফাট মাৰে । সেই নিমাখিত প্ৰাণীবোৰৰ বাবে আমি কেনে অবিশ্বাসী ! কথাটো বাৰু মানৱকুলৰ বাবে অসন্মানজনক নহয়নে ?
যি নহওক আঁৰ চকুৰে তাৰ গতি বিধিৰ ওপৰত আতকাল ৰাখি এনে এটা ভাব দেখুৱাই গৈ থাকিলো যেন তাক মই লক্ষই কৰা নাই । সিও মোৰ পোহনীয়া কুকুৰ এটাৰ দৰেই লগে লগে গৈ থাকিল ।
প্ৰকাণ্ড লোৰ গেটটোৰ কাষেৰে মানুহ সৰকিব পৰা সৰু আন এখন গেট । বন্ধ হৈ থকা সেই গেটখন খুলি মই বাহিৰ ওলালো । দেখিলো, সেই চেগতে ৰঙায়ো সৰকি পাৰ হ'ল আৰু মোক তাতে এৰি কোবাকুবিকৈ নিজৰ বাট পোনালে ।
মোৰ বুজিবলৈ বাকী নাথাকিল । চৌহদটোত কেবাঘৰো মানুহ যদিও ৰাতিপুৱা প্ৰাইবোৰেই পলমকৈ শোৱাপাটী এৰে । তদুপৰি ইমান পুৱাই কাৰো বাহিৰলৈ যাব লগাও নাথাকে । দুই এজনে প্ৰাতঃ ভ্ৰমণলৈ ওলাই যায় যদিও গেটখন লগে লগে বন্ধ কৰি থৈ যায় । ৰঙাৰ অসুবিধাটো আহিছিল তাৰ পৰাই । কিবা প্ৰকাৰে ভিতৰত প্ৰৱেশ কৰা ৰঙাই বাহিৰ ওলাবলৈ সুৰুঙা পোৱা নাছিল । কি লৰালৰি আছিল বা তাৰ, পিছে খিলিদাল খুলি সিনো ওলায় কেনেকৈ ! গতিকে মোক দেখি সি ৰৈ নাথাকি একেবাৰে মোৰ পিছ পালেগৈ । কথা ক'ব পৰাহেঁতেন সি হয়তো কলেহেঁতেন-- ইচ দাদা আপুনি আহিলে ভালেই হ'ল । অথনিৰে পৰা গেটখন খুলিব নোৱাৰি ৰৈ আছো বুজিছেনে ?.... (Digital Dream)
#গৰুৰ চকুলো
সৰু থাকোতে আমাৰ এহাল গৰু আছিল । এটা ৰঙা আনটো মুগা ৰঙৰ । ৰঙা কিছু নিৰ্জু প্ৰকৃতিৰ আছিল যদিও মুগা কিছু দুষ্ট আছিল, চটবতীয়া । প্ৰায়ে এৰাল ছিগিছিল । সেই সময়ত ওচৰৰ গাঁওখনৰ খগেন বড়ো আমাৰ ঘৰত হালুৱৈ হিচাপে আছিল (দুমাহমান আগত তেওঁ আত্মহত্যা কৰিলে । তেওঁৰ লগত মোৰ শৈশৱৰ অলেখ স্মৃতি জৰিত আছে)। এদিন ৰঙাৰ দুষ্টালিত অতিষ্ঠ হৈ তেওঁ তাক খুব পিটিলে । সন্ধিয়া ডিউটিৰ পৰা আহি এবাৰ গোহালিত সোমায় গৰুহাল চোৱাটো দেউতাৰ অভ্যাস আছিল । সিদিনাও সেই একে কামকে কৰিবলৈ গৈ পিতাই যেতিয়া দেখিলে মুগাৰ পিঠি দমলা দমল হৈ আছে তেতিয়া খগেন বড়ো নাছিল । মই কথাটো বিবৰি কলো । পিতাই খগেন বড়োক উদ্দেশ্যি খং প্ৰকাশ কৰি কৰি মুগাৰ পিঠিৰ আঘাটবোৰত মৰমেৰে হাত ফুৰাব ধৰিলে । পিতাৰ চেনেহ স্পৰ্শ পাই কি জানো হ'ল তাৰ, হয়তো শোক উথলি উঠিল আৰু দেখিলো দুচকুৰ কোনেৰে সৰসৰকৈ লোতক বৈ আহিব লাগিছে । মোৰ এতিয়াও ভালকৈ মনত আছে, চকু পানী বৈ অহা সুঁতি দুটাৰ চিন মুগাৰ দুগালত কেবাদিনলৈ স্পষ্ট হৈ আছিল । ...
#এটা প্ৰতিবাদী গৰু
মোৰ শৈশব কৈশোৰৰ লগৰীয়া পদ্মেশ্বৰ আৰু নিৰনকাই (নিৰনকায়েও কেইবছৰমান আগত আত্মহত্যা কৰিলে )ৰ সৈতে এদিন চুবুৰীৰ মাজৰ বাটটোৰে উদ্দেশ্যহীনভাবে গৈ আছো । এনেতে লক্ষ্য কৰিলো বাটৰ কাষৰ পথাৰখনত এৰাল দি থোৱা শিঙাল হালোৱা গৰু এটাই আমালৈ লক্ষ্য কৰি আগঠেঙেৰে মাটি আঁচুৰিব লাগিছে । পঠাৰৰ সীমাৰ আলিত শিঙেৰে মাটি খান্দিছে । ফোচ ফোচ হুচ হুচ নাকৰ শব্দ । আমি আচৰিত, কথাটোনো কি ! সচৰাচৰ বৈৰী ভাবৰ আন গৰুক আক্ৰমণ কৰাৰ পূৰ্বেহে এনে আচৰণ কৰা দেখা যায় । আমাৰ সৈতেনো তাৰ কোনদিনাৰ বৈৰীতা ? (Digital Dream)
আমাৰ কৌতুহল দেখি পদ্মেশ্বৰে ঢেকঢেকাই হাঁহিব ধৰিলে । উৰহী গছৰ ওৰ ওলাল অৱশেষত । যত কূটৰ ঘাই পদ্মেশ্বৰহে । আচলতে পদ্মেশ্বৰে কিছুদিন আগত যাৰ ঘৰত দিন হাজিৰা কৰিছিল তেওঁলোকৰে আছিল যুদ্ধংদেহী এই হালোৱাটো । হাল বাইছিল হেনো সি । গৃহস্থই জলপান নিয়াত পলম হোৱা বাবে হালৰ গৰুকে উধাই মুধাই পিটিছিল । এনে অত্যাচাৰ আৰু অন্যায় নিশ্চয় ইমান সোনকালে পাহৰিব পৰা বিধৰ নহয় । হালোৱাটোৱেও পৰা নাছিল । সেয়ে তাক দেখি সি মাটি আঁচুৰি, শিঙত শান দি প্ৰতিবাদ সাব্যস্ত কৰিছিল । পদ্মেশ্বৰক লগ পালে এতিয়াও সেই কথাটো মনত পেলাই হাঁহো ।
#এটা #বান্দৰৰ #হত্যাকাণ্ড
মই নিজে এগৰাকী জনজাতীয় লোক, ডাঙৰো হৈছো জনজাতীয় চুবুৰী এটাত । পাল পাতি চিকাৰ কৰাটো জনজাতীয়সকলৰ আদিম প্ৰবৃত্তি যিটো আজিও বহু অঞ্চলত বৰ্তি আছে । আগৰ দৰে হয়তো হাবি বা অৰণ্য আজি নাই । তথাপি উৎসৱ পাৰ্বণেই হওক বা আন কাজণতে হওক কিছু কিছু ঠাইত সেই পৰম্পৰা আজিও বিদ্যমান । যিটো সময়ৰ কথা ক'ব খুজিছো তেতিয়া মই পাঠশালাৰ ছাত্ৰ । এদিন চুবুৰীটোলৈ এটা মলুৱা আহিল । কোনোবাই দেখিবহে পালে পলকতে ৰাষ্ট্ৰ হৈ পৰিল কথাটো । চিকাৰত অভ্যস্তসকলক কোনে পাই, অস্ত্ৰ শস্ত্ৰ যাঁঠি জোং লৈ ডেকাবোৰ ওলাই আহিল । তাৰ মাজৰে শৰতকাই আছিল সব্যসাচী ধনুৰ্ধৰ । কাঁড়বোৰত পাৰৰ পাখি লগাই লৈছিল । লক্ষ্য আছিল অব্যৰ্থ । আৰু আছিল সাধীকাই, খগেনকাই.. । সকলো ওলাই আহিল । সি যে ভুল ঠাইত পদাৰ্পন কৰি পালে সেই কথা বুজিবলৈ বান্দৰটোৰ বেছি পৰ নালাগিল । ত্ৰাহি হৰি সুমৰি ইজোপা তামোলৰ পৰা সিজোপা তামোল, ইজোপা আমৰ পৰা সিজোপা নাৰিকল জপিয়াই জপিয়াই আত্মৰক্ষা কৰি কৰি সি এটা সময়ত ভাগৰি পৰিল । বান্দৰ ভক্ষ্য নহয় বাবেই কোনেও অৱশ্যে তাক শৰাঘাট কৰা নাছিল । আচলতে তাক হত্যা কৰাৰ উদ্দেশ্যও হয়তো কাৰোৰে মনত নাছিল । তাৰ ঠাইত তাৰ প্ৰতি অহেতুক উৎসুকতা এটাহে আছিল সকলোৰে । কোনো দিনে নেদেখা বস্তু এটা যেন চোৱাৰ হেঁপাহ.। সৌটো সৌটো... এইটো এইফালে.. জঁপি্যতালে জঁপিয়ালে... আদি বহুত মানুহৰ চিঞৰ বাখৰ কিৰিলিৰে চুবুৰীটো উখল মাখল হৈ পৰিছিল । বান্দৰটোৰ হয়তো এনে আতংকময় পৰিস্থিতিৰ অভিজ্ঞতা পূৰ্বে কাহানিও হোৱা নাছিল । হয়ো কথাটো । সেই একে সময়তে আমাৰ চুবুৰিটোৰ কাষৰে পাজৰে থকা বহু গাঁৱত বান্দৰৰ এক প্ৰকাৰ ৰাজত্ব চলিছিল । ফল মূল শস্য আদিতো বাদেই, পাকঘৰৰ চৰু হাড়ীতো আছিল এই বান্দৰ বাহিনীৰ অবাধ অধিকাৰ । তেনেস্থলত তাৰ মাজতে বালিৰ বাবে ঋষ্যমুক হৈ যে আমাৰ চুবুৰীটো থাকিব সি কিজানি কল্পনাই কৰিব পৰা নাছিল ।
এটা সময়ত লেবেজান হৈ বাঁহ এজোপাত আশ্ৰয় লোৱা বান্দৰটো এঢাপ এঢাপকৈ তললৈ পিছলি আহি আহি মাটিত বহি পৰিছিল । মায়ে কৈছিল বান্দৰ মাৰিব হেনো নাপায় । হনুমানৰ বংশ । কোনোবাই মাৰিলেও মুমুৰ্ষ অৱস্থাত ই হেনো ৰাম নাম জঁপে আৰু হাতযোৰ কৰে । কথাটোৰ সত্যতা সেইদিনা নিজ চকুৰে প্ৰত্যক্ষ কৰিছিলো । বান্দৰটোৰ কাতৰ চাৱনি আৰু হাতযোৰ কৰা ভংগি (ইয়াৰ হয়তো আন কিবা বিজ্ঞানসন্মত বাখ্যা থাকিব পাৰে) মোৰ মানসপঁটত আজিও কৰুণ হৈ জিলিকি আছে ।
ইমান সময়ে মানুহবোৰক সংগ দিছিল গাঁৱৰ পোহনীয়া এজাক ঢেকুৰাই । বান্দৰটো ঢুকি পোৱালৈ নামি অহাৰ লগে লগে গোটেইজাক তাৰ গাত উবুৰি খাই পৰিল । মুহূৰ্ততে সিহঁতে তাক কামুৰি, আঁচুৰি, টানি আজুৰি, বখলিয়াই নেফা নেফ কৰি পেলালে । বান্দৰটোক বচাবলৈ কাৰোবাৰ মন গলেও সেয়া অসম্ভৱ হৈ পৰিল আৰু সকলোৰে সমুখতে এটা কৰুণ হত্যাকাণ্ড সংঘটিত হৈ গ'ল । (Digital Dream)
#উপসংহাৰ
পুৱা গেটটো খুলি দিয়াৰ পিছত ৰংমনে ওলাই যোৱা ৰঙাই কিছু গৈয়ে কাণ মূৰ মুজুৰা পেলাই মোৰ ফালে এপলক ঘূৰি চালে । তেনে আচৰণেৰে সি হয়টো মোৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিলে । মোৰ মনত পৰিল বহু বছৰ আগতে কাৰ্টুন ছবি এখনত কিবা এটা কথাত কৃতজ্ঞতা প্ৰকাশ কৰি হাতী এটাই মৌগলিক উদ্দেশ্যি কোৱা এষাৰ সংলাপ-- তুমি মানুহ নহয় মৌগলি.. তুমি সঁচাকৈয়ে জানোৱাৰ ।
অথচ মৌগলি মানুহৰেই সন্তান আছিল । ৰঙাই যদি কথা ক'ব পাৰিলেহেঁতেন তেনেহলে সিও একেখিনি কথাৰেই মোৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিলেহেঁতেন নেকি ? মই তেতিয়া ভাল পালোহেঁতেন নে বেয়া পালোহেঁতেন বাৰু ??
ভাবি আছো কথাটো । (Digital Dream)
C- Ratul Das Sarania
No comments: