পাকিস্তানী টিভি এংকৰ আৰু এজনী কাউৰী
ড০ ফিজা আকবৰ খাঁৰ সাধুটোত নিজকে আটাইতকৈ ধুনীয়া আৰু সুখী চৰাই বুলি ভবা এজনী কাউৰীয়ে এসময়ত কেনেকৈ হীনমন্যতাত ভূগীছিল আৰু কেনেকৈ সেই হিনমন্যতাৰ পৰা মুক্ত হ'ল তাকে সুন্দৰকৈ উপস্থাপন কৰা হৈছে । এখন হাবিত এজনী কাউৰী আছিল । তাই নিজকলৈ যথেষ্ট সন্তুষ্ট আছিল । মন গ'লে উৰে, মন গ'লে গছৰ দালে দালে জঁপিয়ায় । কেতিয়াবা ৰৈ ৰৈ ৰমলীয়ায় । ফল মূল খায়, কীট-পতংগ খায় । তাই ভাবে তাইতকৈ দ্বিতীয় এজনী ধুনীয়া আৰু ভাগ্যবান পক্ষী এই পৃথিৱীত নাই ।
এদিন এনেদৰে আলাসতে আকাশত উৰি ফুৰোতে তাইৰ এজনী ৰাজহাঁহ দৃষ্টিগোচৰ হ'ল । তাই প্ৰথমে তধা লাগিল । ইয়াৰ আগতে তাই কোনো দিনেই ৰাজহাঁহ দেখা নাছিল । হাঁহজনীৰ পাখিৰ ধৱল ৰং, লনি শৰীৰ দেখি নিজকে সবাতোকৈ ধুনীয়া বুলি ইমান দিনে তাই ভাবি অহা কথাষাৰ যে আত্মপ্ৰতাৰণাহে আছিল সেয়া যেন সিদিনাহে বুজিলে ।
তাইনো ইমান ধুনীয়া কেনেকৈ হ'ল তাকে জানিবৰ বাবে কাউৰীজনী ৰাজহাঁহজনীৰ ওচৰলৈ গৈ সুধিলে-- তুমিনো ইমান ধুনিয়া কেনেকৈ হ'লা ? ইমান দিনে মইহে নিজকে পৃথিৱীৰ আটাইতকৈ ধুনীয়া বুলি ভাবি আহিছিলো ।..
হাঁহজনীয়ে এটা শ্লেষ হাঁহি মাৰি উত্তৰ দিলে-- ময়োতো তেনেকৈ ভাবিয়ে নিজকে মহা ভাগ্যবান বুলি ভাবি আছিলো । কিন্তু যিদিনাই ভাটৌ চৰাই দেখিলো সিদিনাই মোৰ ভুল ভাগিল । আচলতে মই নহয়, ভাটৌহে পৃথিৱীৰ সবাতোকৈ ধুনীয়া আৰু ভাগ্যবান চৰাই ।... (Digital Dream 24)
কাউৰীজনীৰ কৌতুহল বাঢ়িল আৰু এইবাৰ ভাটৌৰ সন্ধানত নামিল । ৰাজহাঁহজনীয়েই ইমান ধুনিয়া, ভাটৌ যদি তাতোকৈয়ো ধুনীয়া হয় তেন্তে সেয়া কিমান ধুনীয়া হ'ব লাগিব ! ...
ভাটৌ এটাৰ ওচৰ পাই তাই দেখিলে, ৰাজহাঁহৰ কথা মিছা নহয় । ইটোতকৈ সিটো চৰা । দৃষ্টি নন্দন পাখিৰ বৰণ, সুগঢ়ি ঠোঁট... । কাষ চাপি গৈ তাই ৰাজহাঁহজনীক কোৱা কথাখিনিকে ক'লে । ভাটৌৱে কলে-- তুমি মোক ধুনীয়া আৰু ভাগ্যবান বুলিছা, তাৰ বাবে ধন্যবাদ; কিন্তু তুমি হয়তো ম'ৰা দেখা নাই ।
কথাখিনি কৈ ভাটৌ তাইৰ কাষৰ পৰা আঁতৰি গুচি গ'ল । কাউৰীজনী এইবাৰ ম'ৰা বিচাৰি ওলাল । গৈ গৈ তাই চিৰিয়াখানা পালেগৈ । চিৰিয়াখানাত তেতিয়া ম'ৰা এজনীয়ে পেশম ধৰি নাচি আছিল আৰু এজাক মানুহে নয়ন ভৰি ভৰি সেই দৃশ্য উপভোগ কৰি আছিল । অপূৰ্ব ৰূপ লাবণ্যৰে ভৰা ম'ৰাজনীৰ ফুলাম শৰীৰটোলৈ চাই কাউৰীজনী বিস্মিত হোৱাৰ লগতে হতাশাত যেন ভাগি পৰিল । নিজৰ ক'লা শৰীৰটোৰ প্ৰতিয়ে ঘৃণা উপজিব ধৰিলে ।... এইহেন শৰীৰটোকলৈয়ে তাই ইমান দিনে সুখী হৈ আছিল, নিজক ভাগ্যবান বুলি ভাবি আছিল...। (Digital Dream 24)
মানুহবোৰ আঁতৰি যোৱাৰ পিছত তাই ম'ৰাৰ ওচৰ পালেগৈ আৰু ক'বলৈ ধৰিলে-- তুমি ইমান ধুনীয়া ! তোমাৰ ৰূপৰ তুলনা নাই । তুমি পৃথিৱীৰ সবাতোকৈ সুখী আৰু ভাগ্যবান চৰাই । যি মানুহে মোক দেখিলেই খেদি পঠিয়ায় সেই মানুহে তোমাক বেঢ়ি কুঢ়ি চাই নয়ন জুৰায় । ইমান দিনে মই নিজকেহে সবাতোকৈ সুখী আৰু ভাগ্যবান বুলি ভাবি আছিলো । তোমাক দেখাৰ পিছত মোৰ ভুল ভাঙিল । ইমান কুৰূপা হৈ মোৰ জীয়াই থকাৰ সকাম নাই.. মই আত্মহত্যা কৰাই শ্ৰেয় ।...
কাউৰীজনীৰ কথা শুনি ম'ৰাজনী কিছু মুহূৰ্ত তভক মাৰি ৰ'ল আৰু তাৰপিছত হুমুনিয়াহ এটা কাঢ়ি ক'বলৈ ধৰিলে-- আনৰ সৈতে তুলনা কৰিবলৈ গৈ নিজক তুচ্ছ বুলি ভাবাটো অনুচিত । যি কাৰণত তুমি মোক পৃথিৱীৰ সবাতোকৈ সুখী আৰু ভাগ্যবান বুলি ভাবিছা সেই একে কাৰণটোৱেই মোক মোৰ জন্মস্বত্ব আকাশখনৰ পৰা বঞ্চিত কৰিছে । মোৰ ৰূপ লাবণ্য এতিয়া মানুহৰ উপভোগৰ বাবেহে, মোৰ নিজৰ সুখ আনন্দৰ বাবে নহয় । মই বন্দী । পৰাধীন জীৱন এটা জানো কেতিয়াবা সুখী আৰু ভাগ্যবান হ'ব পাৰে ? মোতকৈতো তুমিহে সুখী আৰু ভাগ্যবান । নাথাকিব পাৰে তোমাৰ ৰূপ লাবন্য, কিন্তু তোমাৰ বাবে আছে এখন মুক্ত আকাশ, ইচ্ছামতে কিবা কৰিব পৰাৰ স্বাধীনতা ।... (Digital Dream 24)
ম'ৰাজনীয়ে কৈ গ'ল-- কোন কিমান সুখী সেই কথা পিছলৈ থৈ তুমি তোমাৰ জগতলৈ উভতি আহা । তুমি নিজৰ ধৰণে সজাই লোৱা তোমাৰ চৌপাশৰ পৃথিৱীখনৰ তুমিয়ে ৰজা তুমিয়ে প্ৰজা । আকৌ কও, আনৰ সৈতে তুলনা কৰি নিজক কেতিয়াও হীন বুলি নাভাবিবা ।...
অৱশেষত কাউৰীজনীৰ চকু মুকুলি হ'ল । ম'ৰাজনীক কৃতজ্ঞতা জনাই তাই পুনৰ উভতি আহিল নিজৰ বাহলৈ ।
আচলতে সুখ বা দুখৰ সংজ্ঞা কি ? ড০ ফিজা আকবৰ খাঁৰ মতে বহু ক্ষেত্ৰত দুখ আমি আৰ্জি লোৱা বিষয় । পৃথিৱীত যদি কাৰো চকুৱেই নাথাকিল হয় বা সকলো মানুহ অন্ধ হ'লহেঁতেন তেন্তে অন্ধ মানুহে দুখ কৰিবলগীয়া একো নাথাকিলহেঁতেন । পৃথিৱীত যদি সকলোৰে ভৰি এখন চুটি হ'লহেঁতেন তেন্তে লেঙেৰা বুলি কাৰো মনত ক্ষেদ নাথাকিলহেঁতেন । তাৰ মানে বহুক্ষেত্ৰত দুখ কৰিবলগীয়া একো নাথাকেই, মাথো কাৰোবাৰ লগত তুলনামূলক মূল্যায়ন কৰিবলৈ গৈহে আমি দুখীত হও ।
আপুনি শ্ৰমিক, পুৱা ওলাই গৈ পথাৰত বা ফেক্টৰীত আপুনি দিনটো শ্ৰম কৰে । গধূলি ঘৰলৈ ঘূৰাৰ বাটত বজাৰ কৰে.. চোতালত ল'ৰা-তিৰোতাৰ সৈতে কথা পাতে.. ৰাতি শোৱে...। এয়াই আপোনাৰ দৈনন্দিন জীৱন, ইয়াৰ মাজতে আপুনি হাঁহে, ঢেমালী কৰে । ইয়াতেই আপোনাৰ সন্তুষ্টি । ইয়াতেই আপোনাৰ সুখ । কিন্তু দুখবোধ আহিল কেতিয়া ?? যেতিয়া আপুনি মন কৰিলে যে একেলগে খেলা ধুলা কৰি ডাঙৰ হোৱা বন্ধুজনৰ অৰ্থনৈতিক অৱস্থা আপোনাতকৈ স্বচ্ছল হৈছে, যেতিয়া আপুনি দেখিলে বন্ধুজনে আপোনাতকৈ ভাল ঘৰ বান্ধিছে...। প্ৰতিবেশী ৰাজ্যখনৰ উন্নতিয়ে আন এখন ৰাজ্যৰ ৰজাৰ মনতো
আনিব পাৰে এই অসন্তুষ্টি, এই দুখবোধ ।... (Digital Dream 24)
গতিকে......!
C- Ratul Das Sarania
Pakistani announcer

No comments: