Copyright কি ? জানো আহক ! Digital Dream 24
আজিকালি স্মাৰ্ট ফোন সকলোৰে হতে হাতে হোৱাৰ পিছত প্ৰত্যেকেই নিজা নিজাকৈ Youtube channel ও খুলি লোৱা দখা গৈছে । নিশ্চিতভাবে এয়া ভাল কথা । কিন্তু Youtube ৰ বিষয়ে সম্যক জ্ঞানকণো আহৰণ নকৰাকৈ এনে Creator সকলৰ পৰা বিভিন্ন অসুবিধাৰো সৃষ্টি হোৱা দেখা গৈছে । আজি কিছু কথা নতুন Youtuber সকলক উদ্দেশ্যি ব্যক্ত কৰিব বিচাৰিছো । আটায়ে মন দিয়ে যেন ।
Copyright কি ?
সহজ ভাষাত Copyright হৈছে কোনো Property ৰ ওপৰত আপোনাৰ নিজস্বঅধিকাৰ । তেনে অধিকাৰ থকাৰ পছত সই Property আপোনাৰ অনুমতি অবিহনে বা আপোনাৰ অজ্ঞাতে কোনোবাই ব্যৱহাৰ কৰিলে তেওঁৰ ওপৰত আপুনি বিধিগত ব্যৱস্থা ল'ব পাৰে ।
বিধিগত ব্যৱস্থাসমূহ কি ?
Youtube ত এই ব্যৱস্থা মূলতঃ দুই ধৰণৰঃ (1) Copyright claim (2) Copyright strick
(1) Copyright claim
ই হৈছে Youtube ৰ এটা সুন্দৰ আৰু সুৰক্ষিত ব্যৱস্থা । এই ব্যৱস্থাৰ দ্বাৰা আপোনাৰ Content যদি কোনোবাই আপোনাৰ অজ্ঞাতে বা আপোনাৰ অনুমতি অবিহনে ব্যৱহাৰ কৰিছে তেন্তে সেয়া আপোনাৰ বাবে লাভজনকহে হ'বপাৰে । ই কেনেকৈ ?
ধৰি লওক আপোনাৰ এখন হোলচেলাৰ দোকান আছে । তাৰ পৰা নিশ্চয় খুচুৰা বিক্ৰেতাসকলে নিজৰ দোকানত বিক্ৰী কৰিবৰ বাবে সামগ্ৰী নিব । এনে খুচুৰা বিক্ৰেতা আপোনাৰ যিমানে থাকিব সিমানে আপোনাৰ ব্যৱসায় ভাল হ'ব ।
ইউটিউবৰ Copyright claim ব্যৱস্থাটোও তেনেকুৱাই । আপোনাৰ ভিডিঅ বা Content যিমানে ব্যৱহাৰ কৰে বা নিজৰ চেনেলত দিয়ে সিমানে আপোনাৰ উপাৰ্জন বাঢ়িব যদিহে আপুনি এই ব্যৱস্থাৰ আশ্ৰয় লয় । কাৰণ এই ব্যৱস্থা কৰিলে আপোনাৰ ভিডিঅ' নিজৰ চেনেলত আপলোড কৰাসকল যি উপাৰ্জন অৰ্থাৎ Earning হ'ব সেয়ে আপুনি একো নকৰাকৈয়ে Automaticaly আপাোনাৰ বেংক একাউন্টলৈ ট্ৰেন্সফাৰ হৈ থাকিব । কথাটো কাউৰীৰ বাহত কুলিয়ে কণী পাৰি থৈ অহাৰ পিছত কাউৰীয়ে ভৰন পোষণ দিয়াৰ দৰে । সেই বাবেই বহু ডাঙৰ ডাঙৰ মিউজিক কোম্পানী বা আন ইউটিউবাৰসকলে এই ব্যৱস্থাৰ আশ্ৰয় লয়, আনকি ইয়াৰ বাবে বহুতে সৰু সৰু Youtuber সকলৰ লগত চুক্তি (Deal) কৰি উপাৰ্জনৰ কিছু শতাংশ ৰেভিনিউ শ্বেয়াৰো কৰে ।
(2) Copyright strick
ই হৈছে চুড়ান্ত অজ্ঞতা নহ'লে চৰম বৈৰীতা । বৈৰীভাব নাথাকিলে বা অজ্ঞতা নাথাকিলে এনে কাম কোনোৱে নকৰে । উপৰত দি অহা দোকানৰ উদাহৰণটোকে যদি লও তেন্তে হোলচেলাৰ এজনে খুচুৰা বিক্ৰেতাই তওঁৰ দোকানৰ পৰা সামগ্ৰী নি বেচিব খুজিলে টাঙোন লৈ খেদাৰ দৰে কথা । এই ব্যৱস্থাৰ দ্বাৰা চেনেল একোটা ধ্বংস হৈ যায় । ৯০ দিনৰ বিতৰত যদি তিনিটা Strick কোনোবাই দিয়ে তেন্তে চিৰদিনৰ বাবে চেনেল একোটা ইউটিউব কৰ্তৃপক্ষই প্লেটফৰ্মৰ পৰা সম্পূৰ্ণৰূপে ডিলিট কৰি পেলায় । সেই ই মেইল অইডিৰে কনোদিন আৰু তেওঁ চেনেল খুলিব নোৱাৰে ।
কাৰোবাক Strick দিয়াৰ আগতে এশবাৰ ভাবক কিয়নো----
আইন সকলোৰে বাবে সমান । বিষেষকৈ Youtube team এই সম্পৰ্কত অত্যন্ত সচেতন । সকলোকে ন্যায় দিয়াটো তেওঁলোকৰ দায়িত্ব । সেয়ে আপুনি কাৰোবাক Strick দিয়াৰ লগে লগে যাক Strick দিছে তালৈকে তেওঁলোকে মেইল পঠাই । "আপোনাক অমুক নামৰ মানুহজনে অমুকটো ভিডিঅ'ৰ বাবে Copyright Strick ৰ আবেদন জনাইছে । সেয়ে আপোনাৰ চেনেলৰ পৰা ভিডিঅটো Remove কৰা হ'ল । ৯০ দিনৰ ভিতৰত আপোনাৰ যদি এনেদৰে তিনিটা Strick লাগে তন্তে আপোনাৰ চেনেল youtube ৰ পৰা ডিলিট কৰা হ'ব । সাৱধান হওক । আৰু আপুনি যদি নিৰ্দোষী তেন্তে সেয়া প্ৰমাণ কৰিবলৈ এই ফৰ্মখন পূৰাওক...." এনেধৰণৰ মেইল আহিব । যদি Strick ৰ বাবে আবেদন কৰাজন দোষী চিনাক্ত হয় তেন্তে Fack strick কৰাৰ অপৰাধত আপোনাৰ ওপৰত ব্যৱস্থা ল'ব ।
নহ'লে দুই পক্ষৰ প্ৰমাণসমূহ চাই তেওঁলোকে যদি মীমাংসা কৰিবলৈ অপাৰগ হয় তেন্তে আপোনাক ক'ৰ্টলৈ যোৱাৰ পৰামৰ্শ দিব । এনেকৈয়ে ভাৰ্চুৱেল যুঁজ এখন বাস্তৱৰ ক'ৰ্ট কাছাৰীলৈ গুচি আহিব ।
এতিয়া কওক, অযথা যুঁজ বাগৰ কৰা ভাল নে কুলি চৰাইৰ বুধিটো খটুওৱা ভাল ?
নাগাৰা নামত Copyright ৰ প্ৰসংগঃ
ব্যাস, বাল্মিকি বা শাস্ত্ৰকাৰসকল কাৰো নিজ পিতৃ নহয় যে তেওঁলোকৰ ৰচনাসমূহক আমি উত্তৰাধিকাৰ সূত্ৰে লাভ কৰিছো বুলি ভাবিম । পিতৃ যদি তওঁলোক আমাৰ সকলোৰে পিতৃ অৰু তেওঁলোকে দি যোৱা অৰিহণাৰ ওপৰত আমাৰ সকলোৰে সমান অধিকাৰ আছে । তদুপৰি কৃষ্টি, সংস্কৃতি, বিহু, হচৰী, বিয়া নাম আই নাম সকলোবোৰ আমাৰ ৰজহুৱা সম্পদ । ইয়াৰ বাহিৰত নাগাৰা নামো নহয় । মহা মুনিসকলে অশেষ সাধনা অৰু তপস্যাৰ বলত ৰচনা কৰি থৈ যোৱা শাস্ত্ৰসমূহৰ আলম লৈ উপাখ্যান এটাক কোনোবাই অলপ ইফাল সিফাল ৰূপ দি কাৰোবাৰ আগত পৰিৱেশন কৰিলেই সি নিজা সম্পত্তি হৈ নাযায় । আইনত এইবোৰৰ বাবে বিশদ প্ৰৱধান আছে । এজন প্ৰখ্যাত লেখকৰ সৃষ্টিৰ উত্তৰাধিকাৰ তেওঁৰ মৃত্যুৰ ৫০ বছৰ পিছত সামাজিক হৈ যায় । তদুপৰি নাগাৰা নাম হ'ল এক লোক সামাজিক অনুষ্ঠান । লোক সামাজিক অনুষ্ঠানৰ লোক সংগীত জানো কাৰোবাৰ নিজস্ব সম্পত্তি হ'ব পাৰে ? আইনত এনে কাম কৰাসকলৰ বাবে উপযুক্ত দণ্ডবিধি আছে । জেল জৰিমনা আছে ।
অৱশ্যে এনে কাম বহুতৰে হয় নজনাৰ বাবে । সেয়ে সকলোলৈ অনুৰিধ যাতে Youtube কৰাৰ অগত Youtube সম্পৰ্কে সম্যক জ্ঞান আহৰণ কৰি লয় ।
বিহু গীত এটা বা গোৱালপৰীয়া লোকগীত এটা গাই যদি সেইটো আন কোনোৱে গাব নোৱাৰাকৈ বা আন কোনোৱে প্ৰচাৰ কৰিব নোৱাৰাকৈ Copyright strick ব্যৱস্থাৰ আশ্ৰয় লও তেন্তে আমাৰ সংস্কৃতিৰ উত্তৰণত বাধা নাহিব জানো ?
আহকচোন, আমি উপাৰ্জনতকৈ বেছি গুৰুত্ব দিও আমাৰ সংস্কৃতিসমূহৰ সংৰক্ষণ, সংবৰ্ধন আৰু সম্প্ৰসাৰণৰ ওপৰত ।.
C- Ratul Das Sarania.

No comments: