নাৰীৰ সম অধিকাৰ বনাম বাল্য বিবাহ আৰু বিয়াৰ বয়স

*নাৰীৰ সম অধিকাৰ বনাম বিয়াৰ বয়স*
বাল্য বিবাহক লৈ হৈ চৈ চলি থকাৰ মাজতে দেশৰ ভিতৰত আন এটা সমজাতীয় বিষয়ে চৰ্চা লাভ কৰি আছে । নাৰীক যদি সকলো খেত্ৰতে সম অধিকাৰ প্ৰদানৰ কথা কোৱা হৈছে তেনেহলে বিয়াৰ নিৰ্ধাৰিত নূন্যতম বয়সৰ ক্ষেত্ৰত ইয়াক কিয় গুৰুত্ব প্ৰদান কৰা হোৱা নাই ? পুৰুষৰ যদি ২১ বছৰ হয় নাৰীৰ কিয় ১৮ ? এই বিষয়ে অশ্বিনী উপাধ্যায় নামৰ এডভোকেট এগৰাকীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বাৰ্থজনিত এক আবেদন (Public Interest Littygation) খাৰিজ কৰি জাষ্টিছ পি. এম. নৰসিংহ, চিজিআই ডি. ওৱাই চন্দ্ৰচূৰ আৰু জাষ্টিছ পাদ্ৰীৱালাৰ দ্বাৰা গঠিত তিনিজনীয়া খণ্ড বিচাৰপীঠে কয়- "আইন প্ৰণয়ন কৰা কাম সংসদৰহে, ন্যায়ালয়ৰ নহয় ।" উল্লেখ্য যে আবেদনখনত ১৮ বছৰৰ সলনি ছোৱালীৰ বিয়াৰ নূন্যতম বয়সৰ সীমা পুৰুষৰ সমানে অৰ্থাৎ ২১ বছৰ কৰাৰ বাবে দাবী কৰা হৈছিল । বিয়াৰ বয়সৰ নূন্যতম সীমা নিৰ্ধাৰনৰ এক ইতিহাস আছে । আমি যদি উভতি চাওঁ তেন্তে দেখিম যে ব্ৰিটিছ আগমনৰ বহু পিছলৈকে অৰ্থাৎ ১৮৯১ চনলৈ তেনে কোনো বয়সৰ সীমা সম্পৰ্কীয় আইন নাছিল । ১৮৯১ চনত প্ৰথম বাৰৰ বাবে ছোৱালীৰ বিয়াৰ নূন্যতম বয়সৰ সীমা ১২ বছৰ নিৰ্ধাৰন কৰা হৈছিল । ইয়াৰ পিছত ১৯২৯ চনত "সাৰদা মেৰেইজ এক্ট" নামেৰে এক আইন বলবৎ কৰি ছোৱালীৰ বাবে ১৪ আৰু ল'ৰাৰ বাবে ১৮ নিৰ্ধাৰন কৰা হয় অৰু ই স্বাধীনতাৰ সময়লৈ চলি থাকে । তাৰ পিছত ছোৱালীৰ ক্ষেত্ৰত এবছৰ বঢ়াই ১৫ বছৰ কৰা হয় । এনেকৈয়ে স্বাধীনোত্তৰ কালত ১৯৭৮ চনলৈ এই সাৰদা মেৰেজ এক্ট বাহাল থাকে । ১৯৭৮ চনতে আইনখন সংশোধন কৰি পুৰুষৰ বাবে ২১ আৰু মহিলাৰ বাবে ১৮ নিৰ্ধাৰণ কৰা হয় যিটো আজিৰ সময়লৈ বাহাল আছে ।
২০০৬ চনত সাৰদা মেৰেজ এক্ট খন আঁতৰ কৰি "বাল্য বিবাহ নিষেধ আইন" নাম দিয়া হয় । বাল্য বিবাহ ৰোধ কৰাৰ বাই এই আইনখন নতুন নামেৰে জনাজাত হ'বলৈ ধৰে । কিন্তু তাৰ পিছৰ পৰ্যায়ত দাবী উঠিবলৈ ধৰে যে পুৰুষৰ সমানে আগবাঢ়িবলৈ মহিলাসকলকো সুবিধা দিয়া উচিত, আৰু সেয়ে বিবাহৰ ক্ষেত্ৰত মহিলাৰ নূন্যতম বয়সৰ সীমাও পুৰুষৰ সমানে অৰ্থাত ২১ বছৰ কৰা উচিত । মহিলা সৱলীকৰণ, উপযুক্ত শিক্ষা আহৰণ, আত্ম নিয়ন্ত্ৰণ আৰু আত্মসংস্থানৰ সুবিধা লাভৰ বাবে নাৰীকো পুৰুষৰ সমানে সুযোগ প্ৰদান কৰা উচিত । শেহতীয়াভাবে এই সম্পৰ্কে সংসদত চৰ্চা চলি গৈছে আৰু চৰকাৰৰ হৈ স্মৃতি ইৰাণীয়ে আগবঢ়োৱা প্ৰস্তাৱ লোকসভাত পাছো হয় । ২০২১ চনত নীতি নিৰ্ধাৰনৰ বাবে ইয়াক এক উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ ওচৰলৈ প্ৰেৰন কৰা হয় । এনে সময়তে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন লৈ উচ্চতম নযায়ালয়ৰ দ্বাৰস্ত হয় অশ্বিনী উপাধ্যায় । কথা হ'ল বিয়াৰ বয়সৰ সীমা বঢ়াই দিলেই বাল্যবিবাহ ৰোধ হ'ব নে ? "নেচনেল ফেমিলী হেল্থ চাৰ্ভিছৰ মতে ২০১৪ চনৰ পৰা ২০১৯ চনলৈ বাল্য বিবাহৰ হাৰ ৮ শতাংশ কমিছে । ই বহুত বেছি ব্যৱধান নিশ্চয় নহয় । বয়স বৃদ্ধি কৰিলেই নহ'ব যোগাত্মক পৰিণাম পাবলৈ সঠিকভাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিব । সেয়ে এক প্ৰস্থাৱযোগে লোকসভাত "প্ৰহিবিচন অফ চাইল্ড মেৰেইজ এক্ট" নামৰ বিলখন অনা হৈছিল যাৰ মূল উদ্দেশ্য আছিল Commn Empowerment ! এই বিল অনাৰ আগত চৰকাৰে "জয়া জেটলী সমিতি" নামেৰে এটা Task Force ও গঠন কৰি দিছিল । এই সমিতিয়ে চৰকাৰক বিয়াৰ বয়সৰ সীমা বঢ়োৱাৰ ক্ষেত্ৰত পদক্ষেপ লৈ সঠিকভাৱে কাৰ্যব্যৱস্থা হাতত লোৱাৰ বাবে পৰামৰ্শ দিছিল । লোকসভাৰ পৰা গৈ পৰ্যায়ক্ৰমে ৰাজ্যসভাত পাছ হ'লেই নাৰী-পুৰুষৰ বিয়াৰ বয়সৰ সীমা সমান (২১) হ'বগৈ যদিও ইয়াক ইমপ্লিমেন্ট কৰাৰ ক্ষেত্ৰত যে যথেষ্ট জটিলতা থাকিব সেয়া নিশ্চিত । বৰ্তমানৰ নিৰ্ধাৰিত বয়সৰ সীমা ভংগকাৰীসকলৰ ক্ষেত্ৰত আইনী ব্যৱস্থা হাতত লোৱাৰ পিছত আমাৰ অসমতে কি অৱস্থাৰ সৃষ্টি হৈছে সেয়া আমি সকলোৱে দেখি আছো । সমাজে স্বীকৃতি দি আকোৱালি লোৱা বহু বিবাহ অসাংবিধানিক হৈ পৰিছে । ভাৰতবৰ্ষৰ সৌন্দৰ্যৰ মূল আধাৰেই হৈছে বৈচিত্ৰৰ মাজত ঐক্য । বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত আছে সুকীয়া সুকীয়া বৈবাহিক পৰম্পৰা । তদুপৰি নাৰীৰ সম অধিকাৰ বা নাৰী সৱলীকৰনৰ দোহাই দি বিয়াৰ বয়সৰ সীমা বঢ়াই দিয়াৰ পিছত যদি শিক্ষা আদিৰ পৰা বঞ্চিত হৈ থাকিব লগা হয়গৈ তেতিয়া ই নিশ্চয় অৰ্থহীন হ'ব । কম বয়সত বিয়া হোৱাৰ অন্যতম কাৰণেই হৈছে দৰিদ্ৰতা । গতিকে বয়সৰ সীমা বঢ়োৱাৰ সমান্তৰালকৈ অন্য আনুষংগিক বিষয়বোৰতো সমানে গুৰুত্ব প্ৰদান কৰিব লাগিব । বিলখন যিহেতু বৰ্তমান উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ হাতত সেয়ে তেওঁলোকেহে জানিব পিছৰ সময়ত কি হয়গৈ । সমস্যা থাকিবই, বিৰোধো থাকিব বিভিন্নজনৰ । ১৮৯১ চনত প্ৰথমবাৰৰ বাবে ব্ৰিটিছ চৰকাৰে যতিয়া ছোৱালীৰ বিয়াৰ বয়স ১২ বছৰ নিৰ্ধাৰন কৰিছিল তেতিয়া বাল গংগাধৰ তিলকৰ দৰে ব্যক্তিয়েও তাৰ বিৰোধীতা কৰি "এয়া ভাৰতীয় পৰম্পৰা আৰু স্বকীয় বিচাৰৰ ওপৰত বিদেশী সত্ৰুৰ হস্তক্ষেপ" বুলি গৰজি উঠিছিল । অৱশ্যে পণ্ডিতা ৰামাবাঈ, আনন্দী গোপাল যোশী অদিৰ দৰে প্ৰগতিশীল লোকে ইয়াক সজোৰে সমৰ্থনো কৰিছিল । সকলোবোৰ বাধা নেওচা দি আগবাঢ়িব পৰাটো হ'ব চৰকাৰৰ বাবে প্ৰত্যাহ্বানস্বৰূপ ।

No comments:

Powered by Blogger.