👉 উপবাসী যৌৱন, নিষিদ্ধ বাসনা — এটি মনস্তাত্ত্বিক গল্প

২০১২ চনত তেজপুৰৰ এগৰাকী সদ্যবিবাহিতা যুৱতীৰ জীৱনত সংঘটিত এক কৰুণ কাহিনীৰ আধাৰত এই গল্পটো লিখা হৈছিল। মানৱ মনৰ দুখ, দহন আৰু নিষিদ্ধ অনুভৱৰ জটিল বাস্তৱতাক স্পৰ্শ কৰা এই গল্পটো আজিও প্ৰাসংগিক। 
 ******************************************************************* 




 আনদিনা শোৱাৰ সময়ত গাৰুৰ কাষতে থাকে মোবাইল ফোনটো। আজি শ্বোকেছটোৰ ওপৰতে ৰ'ল। কথাটো মন কৰিলে পৰিণীতাই তেতিয়া, যেতিয়া মৃদু শব্দ এটা কৰি বাজি উঠিল চিনাকি ৰিংটনটো। নিৰুদ্বিগ্নভাবে বিছনাৰ পৰা উঠি আহিল পৰিণীতা। ওৱাল ঘড়ীটোলৈ চাই পঠিয়ালে তাই, ঘণ্টাৰ কাঁটাই বাৰৰ ঘৰ চোওঁ চোওঁ। সৰু চহৰখনৰ সকলো ধৰণৰ কোঢ়ালে এতিয়া নিমাওমাও দিছে। মাজে মাজে ষ্টেচনৰ ফালৰ পৰা দুই-এটা দীঘল ৰে'লৰ উকি ভাঁহি আহিছে। ঘৰৰ আন সদস্যবোৰো এতিয়া গভীৰ টোপনিত। মাথোঁ অখিলৰ কোঠাৰ পৰা ৰিণিকি ৰিণিকি ভাঁহি আহি তাইৰ কাণত পৰিছে কোনোবা দৰদী' গায়কৰ গীতৰ সুৰধ্বনি। সি সাৰে আছে নে শুই আছে ক'ব নোৱাৰি। কাৰণ প্রায় গোটেই নিশা তাৰ কোঠাত চলি থাকে এই সুৰৰ মূৰ্চ্ছনা- টোপনি গ'লেও, সাৰে থাকিলেও। 

 নিশ্চয় নিখিলৰ ফোন। পৰিণীতা একপ্ৰকাৰ নিশ্চিত হ'ল। বন্ধু এজনৰ বাৰ্থডেৰ পাৰ্টি বুলি সন্ধিয়াতে ওলাই গৈছিল সি। স্ক্রীনত চাই দেখিলে-হয়, নিখিলৰেই ফোন। কোনোধৰণৰ উৎসাহ বোধ নকৰাকৈয়ে ফোনটো ৰিচিভ কৰিলে তাই। বন্ধুজনৰ কোনোবা আত্মীয়ৰ এক্সিডেন্ট। পার্টি কেনচেল। নিখিল এতিয়া হস্পিটেলত বিজি। তালৈ ৰৈ থাকিব নালাগে পৰিণীতাই। কেতিয়া ঘৰলৈ ঘূৰে ঠিক নাই। তাই শুই থাকক।...ড'ন্ট মাইন্ড... লাভ ইউ... কিচ...! 

 কিছু পৰিমাণে সংকুচিত কণ্ঠ নিখিলৰ। পৰিণীতাই জানে, তাৰ এয়া সাধাৰণ অজুহাত এটা মাথোঁ। নিজৰ অক্ষমতাক ঢাকি ৰখাৰ নির্লজ্জ প্রচেষ্টা। পৰম বিতৃষ্ণাৰে ফোনটো দলিয়াই দিলে তাই বিছনাৰ এচুকলৈ। ক্ষণিকৰ বাবে হ'লেও ক্ষোভত নাকৰ পাহি দুটা ফুলি উঠিল পৰিণীতাৰ। কিন্তু পিছমুহূর্ততে কিবা এক নাম নজনা বিষাদে আবৰি ধৰিলে তাইৰ হৃদয়। অখিলৰ কোঠাৰ পৰা নীৰৱে বৈ থকা নিজৰাৰ কুলু কুলু ধ্বনিৰ দৰে নিৰৱধি ভাঁহি আহিব লাগিছে সুমধুৰ গীতৰ সুৰ। বাহিৰত জোনাক। পৰ্টিকৰ কাষতে আটোলটোলকৈ বাঢ়ি অহা শেৱালিজোপাৰ পৰাও উৰি আহিছে নিয়ৰসিক্ত পাহিবোৰৰ মতলীয়া গোন্ধ। দুৱাৰখন খুলি যেন বাহিৰলৈ ওলাই আহিব তাই আৰু জোনাকত বহি জোনৰ শীতল পোহৰত শাঁত পেলাব বুকুৰ ভিতৰৰ কোনোৱে নেদেখা নীলাভ উষ্ণতা, এনে এক ভাবনাই তাইৰ মনটোক ক্ষণিকৰ বাবে অশান্ত কৰি তুলিলে। পিছমুহূর্ততে অশান্ত মনটোক সংযত কৰি দুৱাৰৰ লকটো চেক কৰিলে আৰু নিজৰ অজ্ঞাতেই শ্বোকেছটোৰ স'তে সংলগ্ন লাইফচাইজৰ আইনাখনৰ সমুখত গৈ থিয় হ'ল। 

 পৰিণীতাৰ দেহৰ পৰা কইনা-কইনা গোন্ধ যোৱাই নাই এতিয়াও। ৰাতিৰ আইনাৰ অস্বচ্ছ প্রতিবিম্বত নিজকে ভালদৰে চাই পঠিয়ালে তাই। শোৱাৰ আগত সদায় খুলি থোৱাৰ দৰে হাতৰ-কাণৰ-ডিঙিৰ অলঙ্কাৰবোৰ এপদ এপদকৈ খুলি ড্ৰয়াৰত থ'লে। দেহত থাকিব লগা ন্যূনতম কাপোৰখিনিও খুলি উলঙ্গ হ'বৰ মন গ'ল পৰিণীতাৰ। প্ৰাণ ভৰি চাব তাই সংগোপনে সাঁচি ৰখা আপোন শৰীৰৰ অসূৰ্যস্পর্শা ঐশ্বর্য। খুঁটিয়াই খুঁটিয়াই চাব তাই এই ঐশ্বৰ্যৰ মাজত ক'ৰবাত কেনেবাকৈ ৰৈ গৈছে নেকি নিঃকিন ছিদ্র, যাৰ বাবে উদাসীন নিখিলৰ পুৰুষ শৰীৰ!...

 নিখিল সুন্দৰ, সুশীল। প্রতিষ্ঠিত ব্যবসায়ী, সুপুৰুষ, স্বাস্থ্যবান, সমাজত নিখিলৰ এক নির্দিষ্ট স্থান আছে। একালৰ কৃতী শিক্ষক হৰকান্ত কাকতি তাইৰ শহুৰ দেউতাক। ঘৰখন কোনোধৰণৰ অপায়-অমঙ্গল নোহোৱাকৈ চলি থকাৰ অন্তৰালত ভগৱানৰ অশেষ কৰুণা নিহিত থকা বুলি মনে-প্রাণে বিশ্বাস কৰা ধৰ্মভীৰু শাহু মনোমতী কাকতি এগৰাকী সমাজকর্মী। বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ বিষয়ববীয়াসকলে নিতৌ আহি নানা দিহা-পৰামৰ্শ লৈ যায়হি এতিয়াও। চৰিত্ৰবান দেওৰ অখিল এজন ডেকা সঙ্গীত শিল্পী। যুৱচামৰ হার্টথ্রব্‌ হ'বলৈ আগবাঢ়িছে সি। পৰিয়ালটোৰ এই সকলোৰে পৰা ন-বোৱাৰী হিচাপে পৰিণীতাই পাইছে অশেষ মৰম আৰু আশীষ । বন্ধু-বান্ধৱীসকলৰ আগত ঈর্ষণীয়ভাবে সুখী তাই। বিভিন্ন শুভেচ্ছা বাণীৰে এতিয়াও ভর্তি হৈ থাকে তাইৰ মোবাইলৰ ইনবক্স। কিন্তু দূৰৈৰ পৰা সেউজীয়া পাহাৰৰ বুকুৰ শিলাখণ্ডক অনুমান কৰিব নোৱাৰাৰ দৰে তাইৰ অন্তঃগহ্বৰত ফল্গুৰ দৰে বৈ থকা শূন্যতাৰ হুমুনিয়াহখিনিৰ উমান জানো কোনোবাই পায়? 

 এই নাম নজনা শূন্যতাৰ উৎস বিচাৰি আজিকালি প্রায়ে পৰিণীতাই বিচৰণ কৰি ফুৰে এৰি এহা দিনবোৰৰ অকোৱা পকোৱা আলি কেঁকুৰিয়ে আলি কেঁকুৰিয়ে। হাঁহি-আবদাৰেৰে ভৰা মধুৰ শৈশব, কৈশোৰৰ কুহেলিকাময় কৌতূহল, যৌৱনপ্রাপ্তিৰ স্বাভাৱিক উন্মাদনা... মুঠেই সেন্দুৰীয়া নাছিল তাইৰ এই যাত্রাপথ। মনগহনৰ পৰা উক দি আহিব খোজা উচ্ছ্বাসৰ খলকনিক কিহবাই যেন কাৰণে-অকাৰণে আচ্ছাদিত কৰি ৰাখিছিল সকলো সময়তে। হৃদয়ৰ স্বাভাবিক আহ্বানক আওকাণ কৰি যাপন কৰিব লগা হৈছিল এক অনাকাংক্ষিত একাকী জীবন। তাইৰ ভাল লগা-নলগাৰ তুলাচনীখন নিয়ন্ত্রণ কৰিছিল কোনো এক অদৃশ্য কাৰকে। কি আছিল এই অদৃশ্য কাৰক, যাৰ বাবে তাই হাঁহিব খুজিও হাঁহিব পৰা নাছিল? তলমূৰ কৰি আঁতৰি ফুৰিব লগা হৈছিল প্রেমপ্রত্যাশী বহু ডেকাৰ ওচৰৰ পৰা? কিহে তাইক সংকুচিত কৰি ৰাখিছিল লেৰেলি যোৱা লাজুকী বনৰ পাতৰ দৰে অনবৰতে? 

 এটাৰ পিছত এটাকৈ ধুমুহা পাৰ হৈ গৈছিল পৰিণীতাহঁতৰ মূৰৰ ওপৰেৰে। তাই ক্লাছ ছেভেনত থাকোঁতেই অনিতাই নিজৰ প্ৰেমাস্পদৰ স'তে ঘৰৰ অমতত পলাই শুচি গৈছিল শ্বিলঙলৈ। তাৰ পিছত ক্লাছ টেনত, প্রবেশিকা পৰীক্ষাৰ আগে আগে পুনৰাবৃত্তি ঘটিছিল একে ঘটনাৰ। বিনীতাই বাছি লৈছিল নিজৰ জীৱনসঙ্গী নিজৰ পছন্দমতে আৰু ঘৰৰ কাকোৱেই এবাৰো নোকোৱাকৈ গুচি গৈছিল স্বামীগৃহলৈ। মাক-দেউতাকৰ মূৰত যেন বজ্রপাত হৈছিল। দেউতাকৰ বুকুত যেন কাহানিও নিৰাময় নোহোৱা এডোখৰ ঘা লাগি গৈছিল। মাকৰ মাতৃ কোমল হাদয়ত বাহ লৈছিল বেদনাৰ নেজাল কীটে। 

 তথাপি বিশেষ একো যেন হোৱা নাছিল। দৃষ্টিকটু, শ্রুতিকটুভারে স্বেচ্ছাই আঁতৰি যোৱা জীয়ৰী দুজনীৰ পিছত তেতিয়াও আশা আছিল একমাত্ৰ ল'ৰা সমৰ আৰু সৰু জীয়ৰী পৰিণীতাৰ ওপৰত। কিন্তু...। আচল ঘটনাটো ঘটিছিল সিদিনা, যিদিনা সমৰেও বাছি লৈছিল একেই অবাঞ্ছিত পথ। কোনো আগজাননী নোহোৱাকৈ এদিন নিশা কোর্ট মেৰেইজ কৰি সমৰে ঘৰ সুমুৱাইছিল আন ধৰ্মৰ ছোৱালী ভায়োলেটক। আশাৰ পাহাৰে এদিন নিৰাশাৰ বোজা হৈ যেন হেঁচি ধৰিছিল পৰিণীতাৰ বৃদ্ধ মাক-দেউতাকক। পূৰ্ব ৰচিত নাট এখনৰ দৰে ধাৰাবাহিকভাবে ঘটিবলৈ ধৰা অবাঞ্ছিত আৰু অবিশ্বাস্য ঘটনাৰাজিয়ে ভিতৰি বিধ্বস্ত কৰি পেলাইছিল তেওঁলোকক। সমাজত বু-বা চলিছিল। কু-চর্চা, পৰনিন্দা কৰাৰ সুন্দৰ সুযোগ এটা পাইছিল যেন এচাম চুবুৰীয়াই। আশ্চর্যত হতবাক হৈছিল আপোন মানুহবোৰ। অৱশেষত সমৰেও...? সৰুজনীয়েবা কি কৰে! পৰিণীতালৈ বুলি যেন আটাইৰে সন্দেহ আৰু আশংকাৰ দৃষ্টি।

 সমৰৰ সেই অভাৱনীয় কার্যত মুঠেও কন্দা নাছিল বৃদ্ধ পিতৃ-মাতৃয়ে। হয়তো কান্দিবই পৰা নাছিল। মাথোঁ পৰিণীতাৰ কোঠালৈ আহি নীৰৱে বহি ৰৈছিল। কিবা এক অজান আতংকত আতংকগ্রস্ত মানুহৰ দৰে দুয়ো সংগোপনে চাই পঠিয়াইছিল তাইৰ ফালে। তায়ো যেন বুজা-নুবুজাকৈ বহুখিনি বুজি উঠিছিল তেওঁলোকৰ সেই আশাভৰা চাৱনিৰ অর্থ। 

সেয়া আছিল এইচ এছ ফার্স্ট ইয়েৰৰ কথা। এক ৰঙীন সময়ৰ হাত ধৰি জীৱনক উদ্যাপন কৰাৰ বয়স তেতিয়া পৰিণীতাৰ। সংযত হৈ পৰিছিল তাই। নিজৰ অজ্ঞাতেই সংকুচিত হৈ পৰিছিল মন। তাইৰ চৌপাশে তাইক আৱৰি যেন এটা খোলাৰ সৃষ্টি হৈছিল আৰু কাছৰ দৰে সেই খোলাৰ ভিতৰত সুমুৱাই ৰাখিব বিচাৰিছিল তাই নিজৰ প্রস্ফুটিত যৌৱন, বুকুৰ হেঁপাহ আৰু উন্মাদনাবোৰক। 

 এনে অস্বস্তিকৰ দিনবোৰতেই এটা-দুটাকৈ বহু প্রণয়প্রত্যাশীয়ে ভিৰ কৰিছিলহি মনৰ দুৱাৰডলিত। মধ্যস্থতাকাৰীবোৰে আহি কাণৰ পোক সৰুৱাইছিল। বুকুৰ আকুলতা ঢাকি লিখা এছ এম এছেৰে ভৰি পৰিছিল প্রতিদিনে তাইৰ মোবাইলৰ ইনবক্স। আঁতৰি ফুৰিছিল পৰিণীতাই এই সকলোৰে পৰা। এটা কাছ হ'বৰ যত্ন কৰিছিল তাই। স্পন্দন আছে, প্রাণ আছে, অথচ নির্জীব এটা শিলৰ দৰে পৰি ৰ'ব পাৰে যিয়ে পথৰ দাঁতিত। 

 এইবোৰৰ মাজৰে এজন আছিল একেটা ক্লাছতে পঢ়া অৰ্ণৱ। জপৰা চুলি, শিশুৰ দৰে দুটি সৰল চকুৰে লাজুক প্রকৃতিৰ অর্ণবে এদিন তাইক অকলশৰীয়াকৈ লগ ধৰি কৈ পেলাইছিল ৰোমাণ্টিক পৃথিৱীৰ সেই তিনিটা ৰোমাঞ্চকৰ শব্দ- আই লাভ ইউ পৰি...। 

 ক্লাছ নকৰাকৈয়ে কলেজৰ পৰা গুচি আহিছিল তাই। তাৰ পাছতো বেছ কিছুদিন যোৱা নাছিল কলেজলৈ। অদ্ভুত নাম নজনা ভয় এটাই সেইকেইদিন তাইক যেন আতঙ্কিত কৰি ৰাখিছিল। ভালকৈ কথা ক'ব পৰা নাছিল। খাব পৰা নাছিল। শুবও পৰা নাছিল নিশাবোৰত। নিজৰ তেনে অৱস্থাৰ কথা ঘৰৰ পৰা আঁৰ কৰিবলৈ অভিনয় কৰিব লগা হৈছিল যথেষ্ট। অর্ণৱেও8 হয়তো অনুশোচনাত ভুগিছিল। কলেজলৈ অহা নাছিল সিও। পিছত শুনিছিল পৰিণীতাই- সি সেই কলেজ এৰি ভৰ্তি হৈছিলগৈ অন্য এখন কলেজত। 

 কলেজ এৰিব পৰা নাছিল পৰিণীতাই। কিন্তু আগতকৈ অধিক সচেতন হ'বৰ যত্ন কৰিছিল। কোনোরে যাতে তাইৰ সহজ আচৰণৰ দ্বাৰা প্ৰৰোচিত হ'ব নোৱাৰে তাৰ বাবে তাই যথেষ্ট গহীন 'হৈ পৰিছিল। বয়সতকৈ বহু আগবাঢ়ি গৈছিল যেন তাই। ৰসহীন, ছন্দহীনভাৱে পাৰ হৈ গৈছিল কলেজীয়া জীবন। এনে নিৰস দিনবোৰৰ মাজতো প্রতিনিয়ত তাই যেন কঢ়িয়াই লৈ ফুৰিছিল এক বিশেষ ধৰণৰ গোপন উত্তেজনা। ক্লাছ ৰুমত, কলেজৰ বাৰাণ্ডাত, লাইব্ৰেৰীত, কেন্টিনত অথবা কলেজলৈ অহা-যোৱা কৰা বাছত- সকলোতে যেন তাইৰ চকু দুটাই সন্ধানী দৃষ্টিৰে কাৰোবাক বিচাৰি ফুৰিছিল অজানিতে। ঘৰে-বাহিৰে, য'তে-ত'তে তাইৰ স'তে ছাঁটোৰ দৰে ঘুৰি ফুৰিছিল যেন কোনোবা এজনৰ আকুল হৃদয় এখনে। সেইখন হৃদয় আছিল জপৰা চুলি, শিশুসুলভএযুৰি সৰল চকুৰে লাজুক প্রকৃতিৰ অৰ্ণৱৰ। 

 মহাবিদ্যালয়ৰ শেষ পৰীক্ষাটোৰ আগে আগে মাক-দেউতাকে আগ্ৰহেৰে পছন্দ কৰা নিখিলৰ স'তে মহা আয়োজনেৰে বৈবাহিক জীবন আৰম্ভ হৈ গৈছে পৰিণীতাৰ। এয়া মাথোঁ চাৰি মাহ আগৰ কথা। আশা আৰু নিৰাশাৰ মাজেৰে পাৰ কৰি অহা জীৱনটোৰ শূন্যতাখিনি বৈবাহিক জীৱনৰ মাধুৰিমাৰে পুৰাই তোলাৰ হেঁপাহত পৰিণীতা যেন বহু পৰিমাণে চঞ্চল হৈ পৰিছিল। ঘোৰ অমানিশাৰ পিছত জোনাকেৰে প্লাবিত হয় পৃথিবী। কালৰাত্ৰিৰ বুকুতে লুকাই থাকে প্রভাতী প্রত্যাশা। সুখৰ বাসনাবোৰ ফুল হৈ ফুলিব ধৰিছিল পৰিণীতাৰো দুখময় বুকুৰ বাগিচাত। ফুল ফুলিবলৈ লৈছিল মাক-দেউতাকৰ বুকুতো। তেওঁলোকৰ উজ্জ্বল হৈ পৰা চকুলৈ চাই ভিতৰি আনন্দিত হৈ পৰিছিল পৰিণীতা। তিনিটাকৈ সন্তানৰ অৱজ্ঞাই ভাঙি-মোহাৰি পেলোৱা বুকুৰ ভিতৰখন যেন পুনৰ থানথিত লাগিব ধৰিছিল। সজীব হৈ পৰিছিল শুকাই যাব ধৰা কলিজাৰ ধমনী। সুখী হৈছিল পৰিণীতা। কিন্তু ফুলিল নে নুফুলিল পৰিণীতাৰ দুখৰ সমাধিত গজা এইজুপি হেঁপাহৰ গোলাপ? 

 এটা শীতল চুমা যাচিয়েই লেবেজান হৈ শুই পৰা নিস্তেজ নিখিলে ফুলশয্যাৰ নিশাই পৰিচয় দিছিল নিজৰ ক্লীৱত্বৰ। তপ্ত মৰুৰ বিশাল প্ৰান্তৰ বাটকুৰি বাই আহি হঠাতে মৰুদ্যান বিচাৰি পোৱা বেদুইনৰ দৰে পৰিণীতায়ো গাভৰু জীৱনৰ সকলো বিষাদ-বিতৃষ্ণা পাহৰি নিখিলৰ বুকুতে ৰচি পেলাইছিল সপোনৰ কাৰেংঘৰ। কিন্তু ধাৰাবাহিকভাবে আহি থকা যুগ্ম জীৱনৰ পিছৰ নিশাবোৰতো অতি কৰুণভারে পৰিণীতাই আবিষ্কাৰ কৰিলে নিখিলৰ সুন্দৰ শৰীৰৰ আঁৰত লুকাই থকা অন্য এজন পুৰুষত্বহীন নিখিলক। আৰম্ভণিতেই যেন ধ্বংস হৈ গ'ল পৰিণীতাৰ অন্য এক স্বপ্ন। কেনেকৈ ক্ষমা কৰিব তাই নিখিলক। তাইৰ দৃষ্টিত সি চূড়ান্তভারে ভণ্ড এজন প্রতাৰক পুৰুষ। সমাজৰ দৃষ্টিত নিজৰ অক্ষমতাক ঢাকি ৰখাৰ স্বাৰ্থত ঢাল হিচাপে ব্যবহাৰ কৰিলে সি পৰিণীতাক। তিল তিলকৈ সাঁচি ৰখা তাইৰ দেহ-মন-যৌবনৰ প্রতি নিখিলৰ এয়া চূড়ান্ত বিদ্রূপ। চুড়ান্ত তাচ্ছিল্য ! কাকো ক'ব নোৱাৰা কথা এইবোৰ। কাকোৱেই কোৱা নাযায় এইবোৰ কথা। এনেকৈয়ে এজন প্ৰতাৰক পুৰুষৰ পৰিকল্পিত ষড়যন্ত্রক স্বীকাৰ কৰি নীৰৱে কটাব লাগিব তাই ওৰেটো জীবন। এনেকৈয়ে এদিন অনাঘ্রাতা হৈ মৰহি যাব তাইৰ প্রস্ফুটিত যৌৱন ফুলৰ সুৰভিময় পাহি। দুদিন পিছত সকলোৰে সন্দেহৰ আঙুলি উঠিব তাইৰ ফালেই। এটি ভ্রূণৰ বীজ ধাৰণ কৰিব নোৱাৰাৰ দোষত তাই দোষী হ'ব। অপৰাধীৰ কাঠগড়াত উঠি জবাবদিহি হ'ব লাগিব পৰিণীতাই। জবাবদিহি। 

 এনেকুৱা ভাবনাৰে দুৰ্বল হৈ পৰা মুহূৰ্তবোৰতেই অতি সংগোপনে হৃদয়ৰ সুৰুকীয়া আলিৰে সোমাই আহি জপনা মুখত ৰয়হি অর্ণব। জপৰা চুলি, শিশুসুলভ এযুৰি সৰল চকু। হাহাকাৰ কৰি উঠে পৰিণীতাৰ নিঃকিন হৃদয়। সুদূৰৰ পৰা যেন ৰিণিকি ৰিণিকি ভাঁহি আহি প্রতিধ্বনিত হয় তাইৰ কৰ্ণকুহৰত অৰ্ণৱৰ মুখৰ সেই আকুল কম্পিত কণ্ঠ- আই... লাভ... ইউ পৰি...। এইষাৰ কথাকে ক'বলৈ কিমান দিনৰ প্রস্তুতি লাগিছিল কিজানি তাক। কিমান সৰল আৰু পবিত্র আছিল তাৰ এই বুকুৰ ভাষা। অথচ কি অহমিকাৰে তাই আঁতৰি আহিছিল সিদিনা তাৰ কাষৰ পৰা। কলেজ এৰি গুচি গৈছিল সি। গুচি গৈছিল কলেজ এৰি। 

 সমুখৰ আইনাত ছায়ামূৰ্তিৰ দৰে থিয় হৈ থকা নিজৰেই যৌৱনপুষ্ট শৰীৰটোৰ প্ৰতি হঠাতে বিতৃষ্ণাৰে ভৰি পৰিল পৰিণীতাৰ মন। কিয় আহিছিল তাইৰ দুখময় জীৱনলৈ বাৰিষাৰ ধলৰ দৰে যৌৱনসমৃদ্ধ ঋতু ? কিহৰেইবা প্রয়োজন আছিল এখন অনুভূতিশীল হৃদয়ৰ? নিজৰ অজ্ঞাতেই পৰিণীতাই সন্তর্পণে দুৱাৰ খুলি ওলাই আহিল বাহিৰলৈ। বাহিৰত তেতিয়া ফটফটীয়া জোনাক। নিজম পৃথিবী, নীৰৱ সময়। পিৰালি চুকত থকা শেৱালিজোপা, সৰু ফুলনিখনৰ সৰু সৰু ফুলৰ জোপাবোৰ, আৰু পদুলিৰ ফালে পথৰ কাষে কাষে সমান্তৰালকৈ থিয় হৈ থকা দেবদাৰুকেইজোপা- এই আটাইবোৰ মিলি যেন নীৰৱে কাণ পাতি শুনি আছে অখিলৰ কোঠাৰ পৰা ভাঁহি অহা শুনি-কি নুশুনি সঙ্গীতৰ মুর্ছনা— না কজৰে কী ধাৰ... না মোতিয়ো কী হাৰ...। 

 হঠাতে কাৰোবাৰ সঁচা প্রশংসাৰ বাবে তীব্রভাবে উন্মুখ হৈ পৰিল পৰিণীতাৰ হৃদয়। কাৰোবাৰ নির্ভেজাল প্রশংসাৰে যেন ধন্য কৰি তুলিব তাই নিজক। কাৰোবাৰ বুকুৰ পৰা নিগৰি ওলাই অহা মৰমৰ জুইত মমৰ দৰে গলি যাব তাই। হয়, এই মুহূৰ্তত পৰিণীতাৰ আজন্ম পালিত বুকুৰ মৰমবোৰে বিচাৰে অকণমান আবদাৰ। তিল তিলকৈ সাঁচি ৰখা তপ্ত যৌবনে বিচাৰে অকণমান বাস্তর স্বীকৃতি। সর্বোপৰি প্ৰতিশোধ ল'ব তাই নিখিলৰ ওপৰত।

 সন্তর্পণে আগবাঢ়িল পৰিণীতা অখিলৰ কোঠালৈ। গীতৰ সমুদ্ৰত আকণ্ঠ মজি মন্ত্রমুগ্ধৰ দৰে বিছনাত পৰি আছিল অখিল। হয়তো চকু জাপ খাই আহিছিল তাৰ। কানিমুনিকৈ খোল খাই থকা দুৱাৰৰ ফাঁকেৰে সোমাই অহা পৰিণীতাৰ উপস্থিতি লক্ষ্য কৰি প্ৰথমে সি থতমত খালে। কোঠাৰ মুনিচুনি পোহৰত তাইৰ অকল্পনীয় ৰূপ প্রত্যক্ষ কৰি সি কিবা ক'ব খুজিলে। কিন্তু একো ক'বলৈ নাপালে সি। তাৰ আগতেই পৰিণীতাই অস্ফুটভাবে কৈ উঠিল- 'মোক অকণমান মৰম দিয়া অখিল, প্লীজ... অকণমান মৰম!'

 - কৈয়ে উত্তেজিত পৰিণীতাই এডাল পাণলতাৰ দৰে অখিলক সাবটি ধৰিলে। একমুহূৰ্ত তাইৰ তপত বাহুবন্ধনৰ মাজত ককবকাই থকাৰ পিছত জাগি উঠিল অখিলৰ উপবাসী পৌৰুষ। গ্রীক ভাস্কর্যৰ ষাঁড়টোৰ দৰেই কঠিন হৈ ফুলি উঠিল তাৰ পেশীবহুল শৰীৰ।... 

 কোঠাটোত ভাঁহি থাকিল সেই দৰদী কণ্ঠৰ আবেগভৰা সুৰৰ মূৰ্চ্ছনা- 

 "না কজৰে কী ধাৰ 
না মোতিয়ো কী হাৰ 
না কিয়া কোঈ শৃঙ্গাৰ 
ফিৰ ভী কিতনি সুন্দৰ হো..." 

 ********************************************
 📢 আপোনাৰ মতামত জনাবলৈ নাপাহৰিব। গল্পটো কেনে পালে? আপোনাৰ অভিজ্ঞতা বা অনুভৱ commentত শ্বেয়াৰ কৰিব পাৰে। 🙏 ধন্যবাদ। .

No comments:

Powered by Blogger.