সিন্ধু জল চুক্তি আৰু দক্ষিণ এছিয়াৰ ভূ-ৰাজনীতি: পানীৰ যুদ্ধ, সন্ত্ৰাসবাদ আৰু আঞ্চলিক নিৰাপত্তাৰ এক জটিল মেৰপাক
দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক প্ৰেক্ষাপটত পানী কেৱল এটা প্ৰাকৃতিক সম্পদেই নহয়, ই হ’ল এক শক্তিশালী ৰাজনৈতিক আৰু কূটনৈতিক অস্ত্ৰ। শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা তীব্ৰ উত্তেজনাই এই কথা পুনৰ প্ৰমাণ কৰিছে। ১৯৬০ চনত স্বাক্ষৰিত হোৱা ঐতিহাসিক ‘সিন্ধু জল চুক্তি’ (Indus Waters Treaty - IWT) বৰ্তমান সময়ত এক অভূতপূৰ্ব সংকটৰ সন্মুখীন হৈছে। পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ইছাক ডাৰে ভাৰতক সঁকীয়াই দি কৈছে যে যদি এই চুক্তিৰ অধীনত পাকিস্তানে পাবলগীয়া পানী বন্ধ কৰাৰ চেষ্টা কৰা হয়, তেন্তে ইয়াৰ ফলত আঞ্চলিক শান্তি আৰু নিৰাপত্তা গুৰুতৰভাৱে বিঘ্নিত হ’ব। এই বিষয়টোৱে এতিয়া কেৱল দুয়োখন চুবুৰীয়া দেশৰ মাজতেই সীমাৱদ্ধ হৈ থকা নাই, বৰঞ্চ ই আন্তঃৰাষ্ট্ৰীয় আইন আৰু গোলকীয় কূটনীতিৰ এক মুখ্য চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
ইতিহাসৰ আইনাত সিন্ধু জল চুক্তি
সিন্ধু জল চুক্তিৰ জটিলতা বুজিবলৈ হ’লে আমি ইতিহাসৰ কিছু পিছলৈ যাব লাগিব। ১৯৪৭ চনত ব্ৰিটিছ ভাৰত বিভাজনৰ সময়ত কেৱল মাটিৰে ভাগ হোৱা নাছিল, বৰঞ্চ নদী আৰু পানীৰ উৎসসমূহৰো এক জটিল বিভাজন ঘটিছিল। সিন্ধু নদী উপত্যকাৰ প্ৰধান নদীসমূহৰ উৎস বা গতিপথ ভাৰতৰ নিয়ন্ত্ৰণাধীন অঞ্চলৰ মাজেৰে পাৰ হৈ পাকিস্তানলৈ বৈ গৈছিল। ইয়াৰ ফলত দুয়োখন দেশৰ মাজত পানীৰ অধিকাৰক লৈ সংঘাত আৰম্ভ হয়।
অৱশেষত, দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত ১৯৬০ চনৰ ১৯ ছেপ্টেম্বৰত কৰাচীত ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানে এই চুক্তিত স্বাক্ষৰ কৰে। এই ঐতিহাসিক চুক্তিত বিশ্ব বেংকে মধ্যস্থতাকাৰী হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
পানীৰ ভাগ-বতৰা কেনেকৈ হৈছিল?
এই চুক্তি অনুসৰি সিন্ধু নদী তন্ত্ৰৰ ছয়খন নদীক দুটা ভাগত বিভক্ত কৰা হৈছিল:
পূবৰ নদীসমূহ (Eastern Rivers): ৰবি, বিয়াছ আৰু সুতলেজ নদীৰ পানীৰ ওপৰত ভাৰতক একচেত্ৰীয়া ব্যৱহাৰৰ অধিকাৰ দিয়া হৈছিল।
পশ্চিমৰ নদীসমূহ (Western Rivers): সিন্ধু, ঝিলাম আৰু চনাব নদীৰ পানীৰ ব্যৱহাৰৰ অধিকাৰ প্ৰধানকৈ পাকিস্তানক দিয়া হৈছিল। অৱশ্যে, ভাৰতক এই নদীসমূহৰ ওপৰত কৃষি, ঘৰুৱা ব্যৱহাৰ আৰু ‘ৰান-অৱ-দ্য-ৰিভাৰ’ (Run-of-the-river) প্ৰকল্পৰ জৰিয়তে পানী নোৰখাকৈ জলবিদ্যুৎ উৎপাদন কৰাৰ সীমিত অধিকাৰ দিয়া হৈছিল।
বিগত ছটা দশকত ভাৰত আৰু পাকিস্তানৰ মাজত তিনিখনকৈ ডাঙৰ যুদ্ধ আৰু কাৰ্গিল সংঘাতৰ দৰে পৰিস্থিতি সৃষ্টি হোৱাৰ পিছতো এই চুক্তি অক্ষুণ্ণ আছিল। ইয়াক বিশ্বৰ আটাইতকৈ সফল আৰু স্থায়ী পানী চুক্তিসমূহৰ অন্যতম বুলি গণ্য কৰা হৈছিল। কিন্তু বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিয়ে এই ধাৰণাক সম্পূৰ্ণ সলনি কৰি পেলাইছে।
বৰ্তমানৰ সংকটৰ কাৰণ: সন্ত্ৰাসবাদ বনাম পানী
সিন্ধু জল চুক্তিৰ শেহতীয়া সংকটৰ মূল কাৰণ কেৱল পানীৰ নাটনি নহয়, ইয়াৰ আঁৰত আছে সীমাৰ সিপাৰৰ পৰা চলোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপ। ২০২৫ চনৰ এপ্ৰিল মাহত জম্মু-কাশ্মীৰৰ পহলগামত এক ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়, য’ত ভাৰতীয় সুৰক্ষা বাহিনী আৰু সাধাৰণ নাগৰিকৰ প্ৰাণহানি ঘটে। ভাৰতীয় চোৰাংচোৱা সংস্থাৰ মতে, এই আক্ৰমণৰ আৰঁত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনৰ হাত আছিল।
এই ঘটনাৰ পিছতেই ভাৰত চৰকাৰে এক কঠোৰ আৰু ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। নতুন দিল্লীয়ে স্পষ্টকৈ ঘোষণা কৰে যে— "ৰক্ত আৰু পানী একেলগে বৈ যাব নোৱাৰে।" ভাৰতে সিন্ধু জল চুক্তিক সাময়িকভাৱে স্থগিত ৰখাৰ (In abeyance) সিদ্ধান্ত লয়। ভাৰতৰ স্থিতি অতি স্পষ্ট: পাকিস্তানে যেতিয়ালৈকে নিজৰ মাটিত থকা সন্ত্ৰাসবাদী ঘাটিসমূহ সম্পূৰ্ণৰূপে ধ্বংস নকৰে আৰু ক্ৰছ-বৰ্ডাৰ সন্ত্ৰাসবাদ বন্ধ নকৰে, তেতিয়ালৈকে ভাৰতে পানীৰ চুক্তিৰ চৰ্তসমূহ পালন কৰিবলৈ বাধ্য নহয়।
তথ্য শ্বেয়াৰিং বন্ধ আৰু ইয়াৰ প্ৰভাৱ
চুক্তি স্থগিত কৰাৰ লগে লগে ভাৰতে পাকিস্তানৰ সৈতে পানীৰ গুৰুত্বপূৰ্ণ তথ্য বা ডাটা শ্বেয়াৰ কৰা সম্পূৰ্ণ বন্ধ কৰি দিছে। সিন্ধু জল চুক্তিৰ অধীনত ভাৰতে বাৰিষা কালত নদীসমূহৰ পানীৰ স্তৰ, ধল বা অতিৰিক্ত পানী এৰি দিয়াৰ আগজাননী পাকিস্তানক নিয়মীয়াকৈ যোগান ধৰিব লাগিছিল। এই তথ্যসমূহ পাকিস্তানৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল, কিয়নো ইয়াৰ সহায়ত তেওঁলোকে সম্ভাব্য বানপানীৰ মোকাবিলা কৰিব পাৰিছিল। এতিয়া ভাৰতে তথ্য যোগান বন্ধ কৰাৰ ফলত পাকিস্তানত অপ্ৰত্যাশিত বানপানী আৰু খৰাং— দুয়োটাৰে আশংকাই ভয়াবহ ৰূপ ধাৰণ কৰিছে।
পাকিস্তানৰ সকীয়নি আৰু কূটনৈতিক হাহাকাৰ
ভাৰতৰ এই কঠোৰ স্থিতিৰ পিছত পাকিস্তান কূটনৈতিকভাৱে এক গভীৰ সংকটত পৰিছে। ৱাশ্বিংটনত থকা পাকিস্তান দূতাৱাসে আয়োজন কৰা এক বিশেষ আলোচনা চক্ৰত অংশগ্ৰহণ কৰি পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছাক ডাৰে আন্তঃৰাষ্ট্ৰীয় মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে।
ডাৰে নিজৰ ভাষণত কয় যে পানী কোনো ৰাজনৈতিক কন্দলৰ অস্ত্ৰ হ’ব নোৱাৰে। তেওঁ যুক্তি দৰ্শায় যে কোনো দেশে একপক্ষীয়ভাৱে আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ দায়বদ্ধতাৰ পৰা আঁতৰি আহিব নোৱাৰে। যদি ভাৰতে পশ্চিমীয়া নদীসমূহৰ পানী অৱৰোধ কৰে বা ইয়াক ডাইভাৰ্ট কৰাৰ চেষ্টা কৰে, তেন্তে ই কেৱল পাকিস্তানৰে ক্ষতি নকৰে, বৰঞ্চ ইয়াৰ প্ৰতিক্ৰিয়া সমগ্ৰ দক্ষিণ এছিয়াতে পৰিব। ইয়াৰ ফলত আঞ্চলিক শান্তি বিঘ্নিত হ’ব আৰু এক সামৰিক সংঘাতৰো সূচনা হ’ব পাৰে।
পাকিস্তানৰ বাবে সিন্ধু নদী কিয় জীৱনৰেখা?
পাকিস্তানৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ এই উদ্বেগৰ আঁৰত এক গভীৰ অৰ্থনৈতিক আৰু সামাজিক সত্য লুকাই আছে। পাকিস্তান মূলতঃ এটা মৰুভূমিপ্ৰায় আৰু অৰ্ধ-শুকান অঞ্চলৰ দেশ। দেশখনৰ প্ৰায় ২৫ কোটিতকৈও অধিক জনসংখ্যা সম্পূৰ্ণৰূপে সিন্ধু নদী তন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল।
১. কৃষি খণ্ডৰ মেৰুদণ্ড: পাকিস্তানৰ পঞ্জাৱ আৰু সিন্ধ প্ৰদেশক দেশৰ ‘খাদ্যৰ ভঁৰাল’ বুলি কোৱা হয়। এই সমগ্ৰ অঞ্চলটোৰ জলসিঞ্চন ব্যৱস্থা সিন্ধু, ঝিলাম আৰু চনাব নদীৰ পানীৰ ওপৰত প্ৰতিষ্ঠিত। পানীৰ নাটনি হ’লে পাকিস্তানত ভয়াৱহ খাদ্য সংকট বা আকালৰ সৃষ্টি হ’ব।২. বিদ্যুৎ উৎপাদন: পাকিস্তানৰ কেইবাটাও ডাঙৰ জলবিদ্যুৎ প্ৰকল্প (যেনে তৰবেলা বান্ধ) সিন্ধু নদীৰ ওপৰত নিৰ্মিত। ইতিমধ্যে তীব্ৰ শক্তি সংকটত ভুগি থকা পাকিস্তানৰ বাবে পানীৰ অভাৱে উদ্যোগ আৰু ঘৰুৱা বিদ্যুৎ সৰবৰাহ সম্পূৰ্ণ স্তব্ধ কৰি পেলাব পাৰে।৩. জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ: গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হিমালয়ৰ হিমবাহসমূহ দ্ৰুতগতিত গলিবলৈ ধৰিছে। ইয়াৰ ফলত পাকিস্তান ইতিমধ্যে জলসংকট আৰু খৰাঙৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত ভাৰতৰ পানী স্থগিতকৰণৰ সিদ্ধান্তই পাকিস্তানৰ বাবে ‘মৰাৰ ওপৰত খৰাৰ নোণ’ সদৃশ হৈ পৰিছে।
আন্তঃৰাষ্ট্ৰীয় আইন আৰু গোলকীয় শক্তিৰ ভূমিকা
ইছাক ডাৰে তেওঁৰ বক্তব্যত বাৰে বাৰে উল্লেখ কৰিছে যে এই বিষয়টো কেৱল ভাৰত আৰু পাকিস্তানৰ মাজৰ নহয়, ই আন্তঃৰাষ্ট্ৰীয় আইন আৰু চুক্তিসমূহৰ বিশ্বাসযোগ্যতাৰ সৈতেও জড়িত। পাকিস্তানে এই বিষয়টো বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় আদালতলৈ (International Court of Arbitration) লৈ যোৱাৰ পূৰ্ণ প্ৰয়াস কৰিছে। তেওঁলোকৰ মতে, ভাৰতে ‘ভিয়েনা কনভেনশ্বন অন দি ল অব ট্ৰিটীজ’ (Vienna Convention on the Law of Treaties) উলংঘা কৰিছে।
অৱশ্যে, ভাৰতৰো এই ক্ষেত্ৰত আইনী যুক্তি অতি শক্তিশালী। আন্তঃৰাষ্ট্ৰীয় আইনৰ ‘Essential Change of Circumstances’ (পৰিস্থিতিৰ মৌলিক পৰিৱৰ্তন) বা ‘State of Necessity’ ধাৰাৰ অধীনত, যদি কোনো এখন দেশে অন্য এখন দেশৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ প্ৰতি ধাৰাবাহিকভাৱে ভাবুকি সৃষ্টি কৰে (যেনে সন্ত্ৰাসবাদ), তেন্তে ভুক্তভোগী দেশে দ্বিপাক্ষিক চুক্তি স্থগিত ৰখাৰ অধিকাৰ লাভ কৰে।
আমেৰিকা আৰু চীনৰ স্থিতি
দক্ষিণ এছিয়াৰ এই পানীৰ যুদ্ধৰ ওপৰত বিশ্বৰ মহাশক্তিৰো চকু আছে:
আমেৰিকা যুক্তৰাষ্ট্ৰ: ৱাশ্বিংটনত পাকিস্তানৰ এই কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পিছতো আমেৰিকাই এই ক্ষেত্ৰত এক নিৰপেক্ষ স্থিতি গ্ৰহণ কৰিছে। আমেৰিকাই বিচাৰে যে দুয়োখন দেশে দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে বিষয়টোৰ সমাধান কৰক, কিন্তু একে সময়তে আমেৰিকাই পাকিস্তানক নিজৰ মাটিৰ পৰা সন্ত্ৰাসবাদ উৎখাত কৰিবলৈও চাপ দি আহিছে।
চীন: পাকিস্তানৰ চিৰদিনীয়া মিত্ৰ চীনে এই বিষয়ত পাকিস্তানক পৰোক্ষ সমৰ্থন আগবঢ়াই আহিছে। মন কৰিবলগীয়া যে সিন্ধু আৰু ব্ৰহ্মপুত্ৰৰ দৰে ডাঙৰ নদীসমূহৰ উৎস অঞ্চল তিব্বত (চীনৰ নিয়ন্ত্ৰণত) অৱস্থিত। গতিকে চীনে ভাৰতৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ পানীৰ কাৰ্ড ব্যৱহাৰ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
ভাৰতৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?
ভাৰতে বৰ্তমান লৈকে পানী সম্পূৰ্ণ বন্ধ কৰা নাই, বৰঞ্চ কেৱল চুক্তিখন স্থগিত ৰাখিছে আৰু তথ্য শ্বেয়াৰিং বন্ধ কৰিছে। কিন্তু বিশেষজ্ঞসকলৰ মতে, ভাৰতে এতিয়া জল-কূটনীতিৰ (Water Diplomacy) জৰিয়তে পাকিস্তানক এক দীৰ্ঘম্যাদী শিক্ষা দিয়াৰ পৰিকল্পনা কৰিছে।
১. বান্ধ আৰু প্ৰকল্পৰ দ্ৰুত নিৰ্মাণ: ভাৰতে পূবৰ নদীসমূহৰ (ৰবি, বিয়াছ, সুতলেজ) পানীৰ শেষ টোপালটোলৈকে ব্যৱহাৰ কৰিবলৈ ‘শ্বাহপুৰ কান্দি বান্ধ প্ৰকল্প’ৰ দৰে কামসমূহ ক্ষিপ্ৰতৰ কৰি তুলিছে। ইয়াৰ উপৰিও পশ্চিমীয়া নদীসমূহৰ ওপৰতো অনুমোদিত ব্যৱহাৰৰ পৰিসীমাৰ ভিতৰত থাকি বৃহৎ জলাধাৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে।
২. আইনী পৰিৱৰ্তনৰ দাবী: ভাৰতে ইতিমধ্যে ২০২৩ চনৰ পৰাই সিন্ধু জল চুক্তিৰ সংশোধন (Modification) দাবী কৰি পাকিস্তানলৈ জাননী প্ৰেৰণ কৰি আহিছে। ভাৰতে বিচাৰে যে বিগত ৬০ বছৰত সলনি হোৱা জনসংখ্যা, জলবায়ু আৰু নিৰাপত্তাৰ প্ৰেক্ষাপটক লক্ষ্য ৰাখি চুক্তিখনৰ নতুনকৈ মূল্যায়ন হওক।
ΘΘΘ
সিন্ধু জল চুক্তিক লৈ সৃষ্টি হোৱা এই সংঘাত কেৱল নদীৰ সোঁত বা পানীৰ কিউবেক জোখৰ বিষয় নহয়। ই হ’ল দক্ষিণ এছিয়াৰ দুখন পাৰমাণৱিক শক্তিধৰ দেশৰ মাজত চলি থকা এক গভীৰ মনস্তাত্বিক আৰু কূটনৈতিক যুদ্ধৰ প্ৰতিফলন। পাকিস্তানৰ সকীয়নিয়ে এই কথাই প্ৰমাণ কৰে যে ভাৰতৰ জল-কূটনীতিয়ে ইছলামাবাদত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে।
যদি পাকিস্তানে সঁচাকৈয়ে আঞ্চলিক শান্তি আৰু নিজৰ দেশৰ ২৫ কোটি জনসাধাৰণৰ ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰে, তেন্তে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় মঞ্চত কান্দোন জুৰিলে কাম নহ’ব। ইয়াৰ একমাত্ৰ স্থায়ী সমাধান হ’ল— পাকিস্তানে নিজৰ মাটিত থকা ক্ৰছ-বৰ্ডাৰ সন্ত্ৰাসবাদৰ উদ্যোগটো চিৰদিনৰ বাবে বন্ধ কৰিব লাগিব। কিয়নো নতুন দিল্লীয়ে স্পষ্ট কৰি দিছে যে সন্ত্ৰাসবাদৰ ছাঁয়াত শান্তিৰ পানী কেতিয়াও বৈ যাব নোৱাৰে।
✍️ ৰাতুল দাস শৰণীয়া

No comments: