এটি ঐতিহাসিক ক্ষণ আৰু অসমৰ নতুন ঔদ্যোগিক সূৰ্যোদয়
২০২৬ চনৰ ২০ ছেপ্টেম্বৰ দিনটো অসমৰ সামগ্ৰিক বিকাশ আৰু অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ ইতিহাসত এক যুগান্তকাৰী অধ্যায় হিচাপে চিহ্নিত হৈ ৰ’ব। ধুবুৰী জিলাৰ চাপৰৰ ঐতিহাসিক মাটিত আজি যি দৃশ্য দেখা গ’ল, সি কেৱল এটা চৰকাৰী কাৰ্যসূচী নাছিল, বৰঞ্চ সি আছিল অসমক এক নতুন ঔদ্যোগিক শিখৰলৈ লৈ যোৱাৰ এক শক্তিশালী সংকল্প। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু আদানি গ্ৰুপৰ সঞ্চালক জিৎ আদানিৰ উপস্থিতিত সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰি ৩,২০০ মেগাৱাট ক্ষমতাৰ মেগা থাৰ্মেল পৱাৰ প্ৰজেক্ট অৰ্থাৎ তাপ বিদ্যুৎ প্ৰকল্পৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচী অতি উলহ-মালহেৰে সম্পন্ন হয়।
প্ৰায় ৪৮,০০০ কোটি টকাৰ বিশাল ব্যয়সাপেক্ষ এই প্ৰকল্পটো অসমৰ মাটিত এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ একক ব্যক্তিগত পুঁজিৰ বিনিয়োগ। ই কেৱল ইটা-চিমেন্টেৰে গঢ়ি উঠিবলগীয়া এটা কাৰখানা নহয়; ই হ’ল অসমক শক্তিখণ্ডত পৰনিৰ্ভৰশীলতাৰ কৱলৰ পৰা মুক্ত কৰি নিজা ভৰিৰ ওপৰত থিয় কৰোৱাৰ এক সুদূৰপ্ৰসাৰী আঁচনি। এই ঐতিহাসিক উন্মোচনী অনুষ্ঠানৰ ক্ষণটোৰ পৰাই অসমে পুৰণি আন্দোলন আৰু স্থৱিৰতাৰ যুগ পিছ পেলাই এক নতুন ঔদ্যোগিক আৰু প্ৰযুক্তিগত যুগত আনুষ্ঠানিকভাৱে ভৰি দিলে।
প্ৰকল্পৰ কাৰিকৰী দিশ, ভৌগোলিক পৰিসীমা আৰু আন্তঃগাঁথনি
ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চাৰুৱাভাখৰা, চিৰাকুটা (১ আৰু ২) আৰু সন্তোষপুৰ গাঁৱৰ প্ৰায় ৫৮৫ হেক্টৰ অৰ্থাৎ প্ৰায় ৫,০০০ বিঘা বিস্তীৰ্ণ ভূমি সামৰি এই মেগা প্ৰকল্পটো গঢ়ি তোলা হ’ব। কাৰিকৰী দৃষ্টিকোণৰ পৰা চালে দেখা যায় যে ইয়াত ৮০০ মেগাৱাট ক্ষমতাৰ চাৰিটা অত্যাধুনিক গোট (4x800 MW) স্থাপন কৰা হ’ব। এই প্ৰকল্পটোৰ আটাইতকৈ ইতিবাচক দিশটো হ’ল ইয়াত ব্যৱহাৰ কৰিবলগীয়া প্ৰযুক্তি। আধুনিক বিশ্বৰ সৰ্বোচ্চ পৰিৱেশ অনুকূল আৰু উচ্চ কাৰ্যক্ষমতাসম্পন্ন 'আল্ট্ৰা-ছুপাৰক্ৰিটিকেল' (Ultra-Supercritical) প্ৰযুক্তিৰ সহায়ত ইয়াত বিদ্যুৎ উৎপাদন কৰা হ’ব, যাৰ ফলত কয়লাৰ ব্যৱহাৰ কম হ’ব আৰু কাৰ্বন ডাই অক্সাইডকে ধৰি অন্যান্য গেছৰ নিৰ্গমন বহু পৰিমাণে হ্ৰাস পাব।
কেৱল বিদ্যুৎ উৎপাদন কৰিলেই নহ’ব, তাক গ্ৰাহকৰ ঘৰলৈ বা উদ্যোগসমূহলৈ লৈ যাবৰ বাবে শক্তিশালী পৰিবহণ ব্যৱস্থাৰ প্ৰয়োজন। সেই উদ্দেশ্য আগত ৰাখি 'অসম বিদ্যুৎ গ্ৰীড নিগম লিমিটেড'-এ ইতিমধ্যে এক বৃহৎ কাম হাতত লৈছে। চাপৰৰ এই উৎপাদন কেন্দ্ৰৰ পৰা কামৰূপ জিলাৰ ৰঙিয়ালৈকে এটা ৪০০ কেভি (kV) ক্ষমতাৰ উচ্চ ভল্টেজসম্পন্ন বিদ্যুৎ পৰিবাহী লাইন আৰু তাৰ সৈতে সংগতি ৰাখি নতুন উপ-কেন্দ্ৰ বা ছাব-ষ্টেচন নিৰ্মাণৰ কাম দ্ৰুতগতিত আগবঢ়াই নিয়া হৈছে। চৰকাৰী আৰু প্ৰতিষ্ঠানিক লক্ষ্য অনুসৰি, ২০৩০ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত প্ৰকল্পটোৰ প্ৰথমটো গোটে ব্যৱসায়িক ভিত্তিত উৎপাদন আৰম্ভ কৰিব আৰু পৰ্যায়ক্ৰমে আন কেইটা গোটো কাৰ্যক্ষম হৈ উঠিব।
ভূমি অধিগ্ৰহণৰ সংঘাত আৰু চৰকাৰৰ সংবেদনশীল সমাধান
যিকোনো ডাঙৰ প্ৰকল্প বা উদ্যোগ গঢ়ি তুলিবলৈ হ’লে মাটিৰ প্ৰয়োজন অপৰিহাৰ্য। কিন্তু আমাৰ দেশত, বিশেষকৈ অসমত, ভূমি অধিগ্ৰহণৰ নামত বহু সময়ত দীৰ্ঘদিনীয়া সংঘাত আৰু ৰাজনীতি হোৱা দেখা যায়। চাপৰৰ এই প্ৰকল্পটোৰ ক্ষেত্ৰতো প্ৰথম অৱস্থাত স্থানীয় ৰাইজৰ মাজত এক তীব্র অসন্তুষ্টি আৰু আশংকাই গা কৰি উঠিছিল। যিহেতু প্ৰায় ৩,৫০০ বিঘা চৰকাৰী খাচ মাটিত কেইবাটাও প্ৰজন্ম ধৰি হাজাৰ হাজাৰ খিলঞ্জীয়া পৰিয়ালে বসবাস কৰি খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰি আছিল, সেয়ে তেওঁলোকে হঠাতে উচ্ছেদ হোৱাৰ ভয়ত প্ৰথমতে মাটি এৰি দিবলৈ মাস্তি হোৱা নাছিল। বিভিন্ন সংগঠন আৰু একাংশ ন্যস্তস্বাৰ্থলোভী চক্ৰই এই আৱেগক ব্যৱহাৰ কৰি প্ৰকল্পটো বন্ধ কৰাৰো ষড়যন্ত্ৰ ৰচনা কৰিছিল।
কিন্তু এইবাৰ চৰকাৰ আৰু স্থানীয় প্ৰশাসনে কোনো ধৰণৰ জোৰ-জুলুমৰ আশ্ৰয় নোলোৱাকৈ অতি সংবেদনশীলতা আৰু মানৱীয় দৃষ্টিভংগীৰে সমগ্ৰ সমস্যাটোৰ সমাধান সূত্ৰ উলিয়ালে। যিসকল লোকৰ হাতত বৈধ ভূমিৰ পট্টা আছিল (প্ৰায় ১৯৭ গৰাকী পট্টাদাৰ), তেওঁলোকক চৰকাৰী নিয়ম অনুসৰি উপযুক্ত বজাৰ মূল্য দি ক্ষতিপূৰ্ণ অথবা বিকল্প ভূমি প্ৰদানৰ ব্যৱস্থা কৰা হ’ল। আটাইতকৈ প্ৰশংসনীয় পদক্ষেপটো আছিল ভূমিহীন খিলঞ্জীয়া আৰু আশ্ৰিত বেদখলকাৰী পৰিয়ালসমূহৰ ক্ষেত্ৰত লোৱা নীতি। চৰকাৰে তেওঁলোকক শত্ৰু জ্ঞান নকৰি, উচ্ছেদিত হোৱা প্ৰতিটো পৰিয়ালৰে ঘৰ-দুৱাৰ বা গছ-গছনিৰ ক্ষয়-ক্ষতিৰ বাবদ ৫০,০০০ টকাকৈ এককালীন আৰ্থিক সাহায্য (Ex-gratia) আগবঢ়ায়। ইয়াৰ উপৰি তেওঁলোকৰ স্থায়ী বাসস্থানৰ বাবে 'বাইজাৰ আলগা' গাঁৱত প্ৰায় ৩০০ বিঘা মাটি আৱণ্টন কৰি এক সুন্দৰ পুনৰ্সংস্থাপন মডেল গঢ়ি তুলিলে। চৰকাৰৰ এই উদাৰ নীতি আৰু স্থানীয় লোকক প্ৰকল্পটোত অগ্ৰাধিকাৰ ভিত্তিত কৰ্মসংস্থাপন দিয়াৰ লিখিত প্ৰতিশ্ৰুতিৰ পিছত ৰাইজে নিজৰ ভুল বুজি পালে আৰু সন্মতি প্ৰদান কৰিলে।
অসমৰ বৰ্তমানৰ বিদ্যুৎ নাটনি আৰু ক্ৰয়ৰ ভয়াবহ বাস্তৱতা
আমি যদি অসমৰ বৰ্তমানৰ শক্তি খণ্ডৰ পৰিসংখ্যাত চকু ফুৰাওঁ, তেন্তে এক অতি ভয়াৱহ আৰু চিন্তাাজনক ছবি আমাৰ সমুখত ধৰা দিয়ে। বৰ্তমান গৰমৰ দিনবোৰত বা উৎসৱ-পাৰ্বনৰ সময়ত অসমত বিদ্যুতৰ সৰ্বোচ্চ চাহিদা প্ৰায় ৩,২৪০ মেগাৱাটলৈ বৃদ্ধি পায়। কিন্তু তাৰ বিপৰীতে আমাৰ নিজা উৎপাদন ক্ষমতা কিমান? 'অসম শক্তি উৎপাদন নিগম লিমিটেড' (APGCL) আৰু ৰাজ্যৰ বাকী থকা পুৰণি উৎসসমূহ (যেনে- নামৰূপ, লাকুৱা গেছ ভিত্তিক প্ৰকল্প আৰু কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প) মিলি সৰ্বমুঠ মাত্ৰ ৪৬৮ ৰ পৰা ৫০০ মেগাৱাট বিদ্যুৎহে উৎপাদন কৰিব পাৰে।
চাহিদা আৰু যোগানৰ মাজত থকা এই বিশাল ২,৭০০ মেগাৱাটতকৈ অধিক ঘাটি পূৰণ কৰিবলৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে (APDCL) প্ৰতিদিনে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰকল্পসমূহৰ পৰা বিদ্যুৎ লাভ কৰাৰ উপৰি মুকলি বজাৰ বা 'পাৱাৰ এক্সচেঞ্জ'ৰ পৰা অতি চৰা দামত বিদ্যুৎ ক্ৰয় কৰিবলগীয়া হয়। এইদৰে বাহিৰৰ পৰা বিদ্যুৎ ক্ৰয় কৰিবলৈ অসম চৰকাৰে প্ৰতিদিনে নিজৰ কোষাগাৰৰ পৰা প্ৰায় ১৯ কোটি টকা বহিঃৰাজ্যৰ কোম্পানীসমূহৰ হাতত তুলি দিবলগীয়া হৈছে। অৰ্থাৎ, আমাৰ তেজ-ঘামৰ পইছাৰে আমি অন্য ৰাজ্যক ধনী কৰি আছোঁ।
চাপৰৰ এই ৩,২০০ মেগাৱাট ক্ষমতাৰ প্ৰকল্পটোৱে এই সমগ্ৰ অৰ্থনৈতিক মোক্ষম আঘাতটোক একেকোবে বন্ধ কৰিব। চৰকাৰে হিচাপ কৰি উলিয়াইছে যে ২০৩০ চনমানলৈ অসমৰ বিদ্যুৎ চাহিদা বৃদ্ধি পাই ৪,৫০০ মেগাৱাট হ’বগৈ। সেই সময়ত চাপৰ প্ৰকল্পৰ ৩,২০০ মেগাৱাট আৰু অসমৰ নিজা পুৰণি উৎসৰ ৫০০ মেগাৱাট যোগ হ’লে অসমৰ হাতত নিজা ৪,০০০ মেগাৱাটৰ ওচৰা-উচৰি বিদ্যুৎ থাকিব। ফলত কেন্দ্ৰীয় চৰকাৰৰ ভাগ আৰু অন্যান্য সৌৰ প্ৰকল্পৰ সহায়ত অসমে নিজৰ চাহিদা ১০০ শতাংশ পূৰণ কৰি ওচৰ-চুবুৰীয়া ৰাজ্য বা বাংলাদেশ-ভূটানৰ দৰে ৰাষ্ট্ৰকো বিদ্যুৎ বিক্ৰী কৰিব পাৰিব। অসমে দৈনিক ১৯ কোটি টকা লোকচান ভৰাৰ বিপৰীতে নিজেই কোটি কোটি টকা ৰাজহ অৰ্জন কৰি এখন 'পাৱাৰ চাৰপ্লাছ' বা উদ্বৃত্ত বিদ্যুতৰ ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিব।
গ্ৰীড সুস্থিৰতা আৰু আদানিৰ পাম্পড ষ্ট’ৰেজ পৰিকল্পনা
কেৱল ধুবুৰীৰ তাপ বিদ্যুৎ প্ৰকল্পই নহয়, শক্তি খণ্ডত অসমক এক অভেদ্য দূৰ্গ হিচাপে গঢ়ি তুলিবলৈ আদানি গ্ৰুপৰ সহযোগী প্ৰতিষ্ঠান 'আদানী গ্ৰিন এনার্জি লিমিটেড'-এ অসমত আৰু ১৫,০০০ কোটি টকা বিনিয়োগেৰে ২,৭০০ মেগাৱাট ক্ষমতাৰ দুটা 'পাম্পড ষ্ট’ৰেজ প্ৰজেক্ট' বা জলবিদ্যুৎ সঞ্চয় প্ৰকল্প নিৰ্মাণৰ কাম হাতত লৈছে।
সাধাৰণতে সৌৰ শক্তি বা বায়ু শক্তিৰ দৰে নবীকৰণযোগ্য উৎসসমূহ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। দিনৰ ভাগত সূৰ্যৰ পোহৰ থাকিলে সৌৰ শক্তি পোৱা যায়, কিন্তু সন্ধিয়া হ’লেই বা ডাৱৰীয়া বতৰ হ’লে উৎপাদন শূন্য হৈ পৰে। ইয়াৰ ফলত মেইন গ্ৰীডত ভল্টেজৰ ব্যাপক উঠা-নমা হয় আৰু গ্ৰীড ট্ৰিপ কৰাৰ সম্ভাৱনা থাকে। এই সমস্যা দূৰ কৰিবলৈকে পাম্পড ষ্ট’ৰেজ প্ৰযুক্তি ব্যৱহাৰ কৰা হয়, যাক আধুনিক বিজ্ঞানত 'পানীৰ বেটাৰী' বুলি কোৱা হয়। দিনৰ ভাগত যেতিয়া বিদ্যুতৰ ব্যৱহাৰ কম থাকিব, তেতিয়া সেই অতিৰিক্ত শক্তিৰে তলৰ জলাশয়ৰ পৰা পানী পাম্প কৰি পাহাৰৰ ওপৰৰ জলাশয়লৈ তুলি ৰখা হ’ব। আকৌ সন্ধিয়া যেতিয়া সমগ্ৰ অসমত বিদ্যুতৰ চাহিদা চৰম পৰ্যায় পাব, তেতিয়া কেইমিনিটমানৰ ভিতৰতে ওপৰৰ পানী তললৈ এৰি দি অতি দ্ৰুতগতিৰে টাৰ্বাইন ঘূৰাই জলবিদ্যুৎ উৎপাদন কৰা হ’ব। এই ২,৭০০ মেগাৱাটৰ বেক-আপ ব্যৱস্থাই অসমৰ বিদ্যুৎ যোগান ব্যৱস্থাক চিৰদিনৰ বাবে সুস্থিৰ আৰু নিৰৱচ্ছিন্ন কৰি তুলিব।
সামাজিক দায়বদ্ধতাৰ এক অনন্য নিদৰ্শন
আজিৰ এই ঐতিহাসিক শুভ উন্মোচনী অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বক্তব্য ৰাখে। চৰকাৰীভাৱে যিসকল থলুৱা কৃষকে, খিলঞ্জীয়া পৰিয়ালে বা সাধাৰণ নাগৰিকে নিজৰ পৈতৃক ভূমি, ঘৰ-দুৱাৰ ৰাজ্যৰ ঔদ্যোগিক উন্নয়নৰ বাবে স্বইচ্ছাই ত্যাগ কৰিছে, তেওঁলোকৰ প্ৰতি চৰকাৰে কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিব। ত্যাগী পৰিয়ালসমূহৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আৰ্থিক সাহায্য, পেঞ্চনৰ দৰে বিশেষ সুবিধা আৰু তেওঁলোকৰ পৰৱৰ্তী প্ৰজন্মৰ বাবে সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব। ই প্ৰমাণ কৰে যে বৰ্তমানৰ চৰকাৰখনে কেৱল ডাঙৰ পুঁজিপতিৰ স্বাৰ্থতে কাম কৰা নাই, বৰঞ্চ ভূমিপুত্ৰসকলৰ আৱেগ আৰু ত্যাগকো সমান মৰ্যাদা দিছে।
একেদৰে, আদানি ফাউণ্ডেচনেও এই প্ৰকল্প এলেকাৰ ভিতৰত এখন অত্যাধুনিক 'আদানী বিদ্যা মন্দিৰ' বিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা কৰিছে। এই বিদ্যালয়খনত অঞ্চলটোৰ দৰিদ্ৰ আৰু আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ ল’ৰা-ছোৱালীক সম্পূৰ্ণ বিনামূলীয়াকৈ আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ চিবিএছই (CBSE) শিক্ষা, কিতাপ-পত্ৰ, ইউনিফৰ্ম আৰু দুপৰীয়াৰ আহাৰ যোগান ধৰা হ’ব। ইয়াৰ ফলত ধুবুৰী আৰু চাপৰ অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আহিব।
মোৰ দৃষ্টিভংগী: উদ্যোগৰ প্ৰয়োজনীয়তা আৰু একাংশৰ দুমুখীয়া মানসিকতা
এতিয়া আহোঁ এই সমগ্ৰ প্ৰক্ৰিয়াটোক লৈ মোৰ ব্যক্তিগত দৃষ্টিভংগী আৰু সমাজৰ এটা বিশেষ শ্ৰেণীৰ মানসিকতালৈ। আমাৰ অসমত এনে এটা বুদ্ধিজীৱী আৰু ৰাজনৈতিক ফৈদ আছে, যাৰ একমাত্ৰ কামেই হ’ল চৰকাৰে যিয়েই নকৰক কিয়, তাৰ মাজত কেৱল খুঁত উলিওৱা আৰু যিকোনো বৃহৎ উদ্যোগৰ নাম শুনিলেই জাঁপ মাৰি উঠি আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰা। টাটা গ্ৰুপে যেতিয়া জাগীৰোডত ছেমিকণ্ডাক্টৰ প্লাণ্ট পাতিবলৈ ল’লে, তেতিয়াও এইচামে চিঞৰিলে। এতিয়া আদানি গ্ৰুপে যেতিয়া ধুবুৰীত ৪৮,০০০ কোটি টকা বিনিয়োগ কৰি প্লাণ্ট পাতিব ওলাইছে, তেতিয়াও তেওঁলোকে ক’ব বিচাৰিছে যে আদানিক অসম বিক্ৰী কৰি দিয়া হৈছে।
কিন্তু এইসকল তথাকথিত সমাজ হিতৈষীক মই এটা প্ৰশ্ন কৰিব খোজোঁ—আজি আমাৰ অসমৰ লাখ লাখ শিক্ষিত, অৰ্ধ-শিক্ষিত নিবনুৱা যুৱকে জীৱিকাৰ সন্ধানত বহিঃৰাজ্যলৈ ঢাপলি মেলিবলগীয়া হোৱা নাইনে? গুজৰাটৰ মুন্দ্ৰা পোৰ্ট হওক, মহাৰাষ্ট্ৰৰ উদ্যোগ হওক বা ৰাজস্থানৰ শক্তি প্ৰকল্পই হওক—আমাৰ অসমৰ ল’ৰাই কিন্তু সেই একেই আদানি গ্ৰুপৰে বিভিন্ন কোম্পানীত অতি নিষ্ঠাৰে ছিকিউৰিটি গাৰ্ড, টেকনিচিয়ান বা ইঞ্জিনিয়াৰ হিচাপে কাম কৰি পেট পুহি আছে। তাত কাম কৰোঁতে কাৰো আত্মসন্মানত আঘাত নালাগে, কোনেও তাত আদানিক গালি নিদিয়ে। কিন্তু সেই একেটা কোম্পানীয়েই যেতিয়া অসম চৰকাৰৰ অনুৰোধত আমাৰ মাটিলৈ আহি উদ্যোগ পাতিব খুজিছে, আমাৰ নিবনুৱা যুৱকক নিজৰ ঘৰৰ ওচৰতে, নিজৰ মাটিত থাকি সন্মানসহকাৰে জীৱিকা অৰ্জনৰ সুযোগ দিব খুজিছে, তেতিয়া একাংশ তথাকথিত জাতীয়তাবাদীৰ গাত ফোঁহা উঠিছে কিয়?
উদ্যোগ অবিহনে কোনো এখন ৰাজ্য কেৱল চৰকাৰী চাকৰি আৰু ৫ কিলোগ্ৰাম বিনামূলীয়া চাউলেৰে কেতিয়াও উন্নত হ’ব নোৱাৰে। চৰকাৰী চাকৰিৰ এটা নিৰ্দিষ্ট সীমা থাকে, কিন্তু এটা উদ্যোগে হাজাৰ হাজাৰ পৰোক্ষ জীৱিকাৰ পথ মুকলি কৰে। ধুবুৰীৰ এই প্ৰকল্প নিৰ্মাণৰ সময়ত প্ৰায় ২৫,০০০ লোকৰ প্ৰত্যক্ষ নিয়োগ হ’ব। তাৰ পিছত যেতিয়া মূল প্লাণ্টটো চলিব, তেতিয়া ট্ৰাক চালক, মেকানিক, চাপ্লাইয়াৰ, সৰু-বৰ দোকান-পোহাৰ আদি মিলি সমগ্ৰ নামনি অসমৰ অৰ্থনীতি সলনি হৈ যাব। গতিকে অন্ধ আৰু সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থত আদানিক বিৰোধিতা কৰাটো কোনো কাৰণতে সুস্থ বা শুদ্ধ চিন্তা হ’ব নোৱাৰে। এইয়া হ’ল এক প্ৰকাৰৰ আত্মঘাতী মানসিকতা, যিয়ে অসমক পুনৰ আশী-নব্বৈৰ দশকৰ অন্ধকাৰ যুগলৈ ঠেলি দিব খোজে।
শেষত, ৰাজ্যখনক এইদৰে ঔদ্যোগিক আৰু অৰ্থনৈতিক প্ৰগতিৰ বাটেৰে আগবঢ়াই নিয়াৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্ব আৰু উন্নয়নমূলক দূৰদৰ্শিতাৰ শলাগ নলৈ নোৱাৰি। পূৰ্বৰ চৰকাৰবোৰৰ দিনত অসমলৈ কোনো পুঁজিপতি আহিবলৈ সাহস কৰা নাছিল। উগ্ৰবাদ, অপহৰণ আৰু চান্দা সংস্কৃতিৰ বাবে অসম ঔদ্যোগিক মৰুভূমিত পৰিণত হৈছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মাই শাসনভাৰ লোৱাৰ পিছত ৰাজ্যখনত যি স্থায়ী শান্তি আৰু উদ্যোগীবন্ধু পৰিৱেশ গঢ়ি তুলিলে, তাৰ বাবেই আজি বিশ্বৰ আগশাৰীৰ বহুজাতিক প্ৰতিষ্ঠানসমূহে অসমত হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে। অসম এতিয়া বন্ধ আৰু আন্দোলনৰ বাটেৰে নহয়, প্ৰগতি, প্ৰযুক্তি আৰু অৰ্থনৈতিক স্বাৱলম্বীতাৰ বাটেৰে আগবাঢ়িছে। এই নতুন যাত্ৰাক আমি সকলোৱে আদৰণি জনাব লাগে।
তথ্যৰ উৎস:
১. অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL) আৰু অসম শক্তি উৎপাদন নিগম লিমিটেড (APGCL) ৰ কাৰ্যবাহী সমিতিৰ বাৰ্ষিক বিত্তীয় প্ৰতিবেদন আৰু অসম চৰকাৰৰ শক্তি বিভাগৰ আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তি।
২. আদানি পাৱাৰ লিমিটেড (Adani Power Ltd.) আৰু আদানি গ্ৰিন এনার্জি লিমিটেডৰ কৌশলগত বিনিয়োগ নীতি আৰু ৰাজহুৱা অংশীদাৰিত্বৰ চৰকাৰী তথ্যপত্ৰ।

No comments: