মৰমৰ সুৰেশকালৈ একাজলি শ্ৰদ্ধাঞ্জলি
(যোৱা ৯ জুলাই ২০২১ তাৰিখে সাপ্তাহিক চিঞৰত প্ৰকাশিত)
পৰিয়ালৰ সদস্যবোৰৰ পিছতে জীৱনত যাক প্ৰথম লগৰীয়া হিচাপে পাইছিলো সিহঁত আছিল নবীন আৰু সুৰেশ৷ দুয়ো আছিল মোতকৈ এবছৰ/দুবছৰৰ ডাঙৰ৷ ইয়াৰে নবীন আজি চাৰি বছৰ আগতেই গুচি গ’ল ইহ সংসাৰৰ পৰা৷ আৰু আজি [১৮ জুন ২০২৩১] পুৱাতে শুনিলো সুৰেশকাও আৰু এই পৃথিৱীত নাই৷ মৃত্যুৱে হয়তো বয়সৰ হিচাপ নাৰাখে; সেয়ে দুয়োকে মোতকৈ বয়সত ডাঙৰ হোৱা সত্ত্বেও আগতীয়াকৈ আঁতৰাই লৈ গ’ল আমাৰ মাজৰ পৰা৷ এই মুহূৰ্তত মনত কি হেন্দোলনী অনুভৱ কৰিছো বুজাব নোৱাৰো৷ আজি বহু বছৰ ধৰি তাৰ লগত মোৰ কোনো প্ৰত্যক্ষ যোগাযোগ নাই অথচ খবৰটো শুনাৰ পিছত নিজকে বৰ অকলশৰীয়া অনুভৱ কৰিছো৷ সুৰেশকাৰ পিছত পাৰ হৈ অহা দিনবোৰত নিশ্চিতভাৱে অনেক মানুহৰ সৈতে গঢ়ি উঠিল বন্ধুত্ব, আত্মীয়তা৷ কিন্তু সেইসকলৰ কাৰো উপস্থিতিয়েই যেন মোক আস্বস্ত কৰিব পৰা নাই৷ এয়া যে শৈশৱৰ সেই লুকাভাকু খেল নহয়, জীৱনৰ লুকাভাকু খেলত সি কাহানিও বিচাৰি নোপোকৈ হেৰাই গ’ল কোনো গোপন স্থানত চিৰদিনৰ বাবে৷
গ্ৰাম্য জীৱনত অভ্যস্তসকলক গ্ৰাম্য জীৱনৰ শৈশৱ সম্পৰ্কে বহল ব্যাখ্যা নিষ্প্ৰয়োজন৷ হাঁহি বৰদেউতাৰ পদূলিত বকুল ফুল বোটলাৰ পৰা কঠাল পাতৰ চকৰি ঘূৰোৱালৈকে, তামোলৰ ঢকুৱাৰ গাড়ীত উঠাৰ পৰা হাউ খেল, চুৱা খেল, লুকা ভাকু, দৰা কইনা খেলালৈকে অসংখ্য অবিস্মৰণীয় ৰঙীণ স্মৃতিৰে আমাৰো শৈশৱ আজিও জীৱন্ত, আজিও সজীৱ৷ সকলোৰে থকাৰ দৰে আমাৰ শৈশৱৰ আকাশতো আছিল এজাক চিনাকি চৰাই, পথাৰ ভৰা জাকৰুৱা গৰু, আম, কঠাল, জামেৰে উভৈনদী গৰাকীবিহীন এৰাবাৰী৷ এইবোৰৰ লগতে আমাৰ শৈশৱক উপৰঞ্চিভাবে সমৃদ্ধ কৰিছিল কাষেৰে বৈ যোৱা চেঁচা নদীৰ অনাবিল সংগই৷ সাঁতুৰিছিলো, নাদুৰিছিলো, পাৰৰ ওখ গছৰ পৰা জঁপিয়াইছিলো, ভেল চলাইছিলো...৷ কিন্তু বিধিৰ কি পৰিহাস, সেই চেঁচা নদীৰ বুকুতেই আজি সুৰেশকাৰ সলিল সমাধি ঘটিল৷ .Digital Dream24...
মোক সাঁতুৰিবলৈ শিকাইছিল সুৰেশকা আৰু নৱীনকায়েই৷ মই যেতিয়া পাৰৰ পানী যুঁৱলিত এখন ভৰিৰে খোপনি পিতি আনখন ভৰিৰে ধপধপাই থাকো তেতিয়া দ’ পানীত অনায়াসে সাঁতুৰি থকা সিহঁত দুয়োৱে চিঞৰিছিল– ‘আনখন ভৰিও উঠাই দে..৷ ’ দুয়োখন ভৰিৰে ধপধপাবলৈ হ’লে মইচোন ডুবিয়ে যাম... মোৰ ভাৱ আছিল এই৷ পিছে যত্ন চলি থাকিছিল৷ আৰু তেনেকৈয়ে এটা সময়ত ময়ো লাহে লাহে সাঁতুৰিব পৰা হৈছিলো৷ কিন্তু আজি সেইজন সুৰেশকাই দুয়োখন ভৰিয়ে ব্যৱহাৰ কৰিবলৈ পাহৰিলে৷ ... সি ডুবি থাকিল৷
সকলোৰে সকলো কথাতে হয়ভৰ দিয়া প্ৰতিবাদহীন নমনীয় চৰিত্ৰটোৰ বাবেই তাক সকলোৱে ভাল পাইছিল৷ সৰুৰে পৰা এই চৰিত্ৰ গঢ়ি উঠিছিল তাৰ একমাত্ৰ দৰিদ্ৰতাৰ বাবে৷ হীনমন্যতা আছিল, সৰু সৰু ভাৱ এটা আছিল৷ তাক লগ নোপোৱাহেঁতেন দৰিদ্ৰতা কি, সেয়া হয়তো বহুত কমকৈ অনুভৱ কৰিব পাৰিলোহেঁতেন মই৷ আমাৰ ঘৰৰ পৰা দুঘৰ পাৰ হৈয়ে আছিল সিহঁতৰ ঘৰ৷ নিশা প্ৰায়ে মোৰ লগত শুবলৈ আহিছিল সি৷ সিহঁতৰ ৰাতিৰ সাঁজ ভাত খোৱাত প্ৰায়ে পলম হৈছিল৷ চুবুৰীটোত আনতকৈ ভাত খোৱাৰ সময় আমাৰ আছিল সুকিয়া৷ ৰাতিপুৱা ন টাৰ আগত মায়ে আটাইকে ৰান্ধি- বাঢ়ি খুৱাই বুৱাই স্কুল- কলেজ যিয়ে য’লৈ যায় ভাগে ভাগে পঠিয়াই আজৰি হৈছিল৷ পিতাও ওলাই গৈছিল কামলৈ৷ দুপৰীয়া ভাতৰ ব্যৱস্থা নাথাকিছিল৷ কনিষ্ঠ হিচাপে মোৰ বাবে অৱশ্যে সেই ব্যৱস্থা ৰাখিছিল মায়ে৷ যি নহওক পুৱা ন টাতে খোৱা হয় বাবে গধূলি আঠ বজাৰ আগত ৰাতিৰ সাঁজ খোৱা হৈ গৈছিল আমাৰ৷ কিন্তু সুৰেশকাহঁতৰ কেতিয়াবা দহ এঘাৰ বাজি গৈছিল আৰু মই তাক শুবলৈ আনিবলৈ গৈ বোন্দাপৰ দি থাকিবলগীয়া হৈছিল৷ গাৱঁৰ এঘাৰ বজা মানে পৃথিৱী নিঃপালি দিয়া৷ সিহঁতৰ ভাত খোৱাত পলম হোৱাৰ কাৰণ আছিল অতি বেদনাদায়ক৷ ..Digital Dream24
সুৰেশকাৰ পিতাক মধু খুৰা [মোৰ সৰু আতাৰ দ্বিতীয় পুত্ৰ] আছিল সহজ সৰল অতি নিমাখিত মানুহ৷ সুৰেশকালৈ নমনীয় চৰিত্ৰটো খুৰাৰ পৰাই আহিছিল৷ খুৰাই দিন হাজিৰা কৰিছিল৷ তেতিয়াৰ দিনত দিন হাজিৰা পোৱাটোও আছিল কঠিন কাম৷ পাৰিশ্ৰমিকো পৰিয়াল এটা চলিব পৰাকৈ সন্তোষজনক নাছিল৷ খুৰাই সেয়ে কাষৰ গাৱঁখনৰ কোনোবা শিক্ষক এজনৰ ঘৰত প্ৰায়ে খৰি ফলাৰ কাম কৰিছিল৷ ভগ্ন স্বাস্থ্য হোৱা বাবে সকলো মানুহে সকলো কামৰ বাবে মাতিবও বিচৰা নাছিল৷ শনিবৰীয়া আৰু বুধবৰীয়া বজাৰৰ চাহৰ দোকানত চুৱা বাচন ধোৱা মেলাৰো কাম কৰিছিল৷ দিনটো পৰিশ্ৰমৰ অন্তত যিকেইটা পাৰিশ্ৰমিক পায় তাৰে ৰাতিৰ চাউলকেইটা যোগাৰ হৈছিল কোনোমতে৷ খুৰীয়ে বাৰীৰ কচু-ঢেঁকীয়া গোটাই জলকীয়া সৰহকৈ দি ব্যঞ্জন এখন বনাই খুৰা অহালৈ বাট চাই ৰৈছিল৷ পদূলিত কাৰোবাৰ শব্দ শুনিলেই সুৰেশকাৰ লগতে বাকীবোৰেও শহাৰ দৰে কাণ ঠিয় কৰি উমান ল’বলৈ যত্ন কৰিছিল৷ খুৰায়ো নিশ্চয় বুজিছিল সেই কথা৷ সেয়ে ঘৰ পাবলৈ দুটা পদূলি বাকী থাকোঁতেই পোৱা ধনী মাষ্টৰ খুৰাৰ পদূলিতে এটা গলহেকাৰী মাৰি যেন এক মুহূৰ্ত আগত হলেও জনাই দিব বিচাৰিছিল তেওঁ অহাৰ কথা৷ এই আগজাননী পোৱাৰ পিছত সিহঁতৰ চকু মুখত ফুটি উঠা আনন্দ আৰু উল্লাসৰ সেই ছবি আজিও স্পষ্ট হৈ আছে মোৰ মানস পটত৷ ‘পিতাই আহিল, পিতাই আহিল...’ বুলি কিৰিলি পাৰি উঠা সিহঁতৰ এই উল্লাসৰ প্ৰায়ে সাক্ষী আছিলো মই৷ ক্ষন্তেক পিছতে ছাঁ পোহৰৰ মাজেৰে হাতত চাউলৰ সৰু টোপোলাটি লৈ ৰুগ্ন খোজেৰে সোমাই আহিছিল খুৰা৷ খুৰীয়ে সেইখিনি নি ৰান্ধিছিল৷ তাৰ পিছত পৰম তৃপ্তিৰে আটায়ে খোৱাত ব্যস্ত হৈ পৰিছিল৷ বাহিৰত বহি মই শুনি ৰৈছিলো সিহঁতৰ খোৱাৰ মজিয়াৰ পৰা ভাঁহি অহা কথোপকথনৰ টুকুৰাবোৰ, জিভাৰ শব্দবোৰ৷ পেটত ভোক নাথাকিলেও সিহঁতৰ খোৱাৰ মজিয়াৰ সেই সময়খিনিৰ সংগী হ’বলৈ ভীষণ তাড়না অনুভৱ কৰিছিলো মই৷ তেনে কিবা এটা বুজি পোৱাৰ পিছতো খুৰীয়ে মোক ভাত খোৱাৰ কথা ক’ব পৰা নাছিল৷ তাৰ পৰিৱৰ্তে তেওঁ কোৱা শুনিছিলো– ‘চাচি-চুচি সাং কৰি নাখাবি, পুৱা খাবলৈ কাহীৰ কাণতে অলপ অলপ থবি৷ ’...
অৰ্থনীতি বিজ্ঞানৰ জ্ঞান সমুলি নাই বাবেই নেকি কিছুমান কথা মই আজিও বুজি নাপাও৷ যিটো সময়ৰ কথা কৈ আছো সেইখিনি সময়ত মানুহবোৰৰ মাটি-বাৰীও বেছি আছিল, চনবাৰী- এৰাবাৰীবোৰত ফলমূলৰ অভাৱ নাছিল৷ কলডিলৰ দাম আজি গোটে দুকুৰি৷ আমি তেতিয়া কলডিলৰ গদা ঘূৰাই শেষ কৰিব পৰা নাছিলো৷ চজিনা আছিল আমাৰ বাবে জয়মতীক শাস্তী দিয়া চাওদাং বৰুৱাৰ চাবুক৷ বাৰী বস্তীবোৰ মুক্ত আছিল, আম জাম কঠাল, খৰি-খেৰ আদিৰ প্ৰতি গৰাকীবোৰেও আজিৰ দৰে নজৰ ৰখা নাছিল৷ খুৰাৰো নিজাকৈ তামোল- পাণ- বাঁহ-বেতে ভৰা এটা বাৰী আছিল৷ পদূলি মুখত সকলো অসমীয়া পৰিয়ালৰে থকাৰ দৰে এটা পুখুৰীও আছিল৷ খেতিৰ মাটিও আছিল এবিঘা নে দুবিঘা৷ তথাপি অভাৱ আছিল, ভাত- কাপোৰৰ অভাৱ৷ আজি একো নথকা মানুহেও তুলনামূলকভাবে বহুত সুখত থাকে৷ অন্ততঃ ভাতৰ অভাৱ আজি নাই৷ ...
মধু খুৰাৰ পিতৃ চেনি ৰাম আতা আছিল মোৰ সৰু আতা । মোৰ আতা বাতিৰাম আছিল বৃটিছৰ আমোলৰ প্ৰতাপী গাওঁবুঢ়া । কান্ধত বন্দুক লৈ ফুৰা গাওঁবুঢ়া । তাৰ পিছত সেই পদটো পাইছিল মোৰ বৰদেউতা নন্দ ৰাম দাসে । তাৰ পিছত তেওঁৰ ডাঙৰ পুত্ৰ প্ৰফুল্ল ককাইদৱে, এতিয়া প্ৰফুল্ল ককাইদেউৰ অকাল মৃত্যুৰ পিছত ভতিজা ল'ৰা জয়ন্তই পালে সেই পদ । যি নহওক, মধু খুৰা আছিল বাতিৰাম গাওঁবুঢ়াৰ সৰু ভায়েক চেনিৰামৰ পুত্ৰ । কোৱা শুনিছো গোটেই পৰিয়ালটিতে আছিল চেনিৰাম আতাৰ অবাধ প্ৰভূত্ব । সকলোতকৈ শিক্ষিত তেৱেই আছিল । দেশ কালৰ খবৰ ৰাখোতাও তেৱে আছিল । তেওঁৰ অনুমতি অবিহনে পৰিয়ালটোত কোনো কাম হোৱা নাছিল । অথচ তেওঁৰে পিছৰ প্ৰজন্মটোৰ পৰিণতি দেখিলে সেই কথা বিশ্বাস নহয় । স্থানান্তৰত তেওঁৰ বিষয়ে ইতিমধ্যে কিছু লিখা হৈছে ।
যদিও নবীন আৰু সুৰেশ মোতকৈ বয়সত ডাঙৰ আছিল, তথাপি একেলগেই আমি স্কুললৈ যোৱা আৰম্ভ কৰা মনত আছে৷ কিন্তু দুদিনমান গৈয়ে সিহঁতে যাবলৈ এৰিছিল৷ পঢ়া সম্পক¹য় এটা কথা মোৰ আজিও মনত আছে৷ মই যেতিয়া সিহঁতক এৰি তৃতীয় শ্ৰেণী পাওঁ তেতিয়া দুয়ো আলোচনা কৰি ঠিক কৰিলে যে সিহঁতে পুনৰ স্কুললৈ যাব৷ ভালকৈ পঢ়িব৷ ফলি, কিতাপ, পেন্সিল কিনিবলৈ সিহঁতে পথাৰত নৰা কাটি বেছিব৷ কথা মতেই নৰা কাটি সিহঁতে কাক বেচিলে মোৰ মনত নাই; কিন্তু সিহঁতে সঁচাকৈয়ে এদিন নতুন ফলি কিতাপ লৈ স্কুললৈ যোৱা আৰম্ভ কৰিলে৷ এনেকৈয়ে সিহঁতে চতুৰ্থ শ্ৰেণীলৈকে পঢ়িছিল৷ আজি ভাবি আচৰিত হও, যিটো বয়সত প্ৰাইভাগ সমনীয়াই স্কুলৰ বান্ধোনৰ পৰা মুক্ত হৈ থাকিব বিচাৰিছিল, স্কুল খতি কৰি অভিভাৱকৰ পিটন খাইছিল সেই সময়ত পেটত প্ৰচণ্ড ভোক লৈয়ো সিহঁত দুয়ো পঢ়াৰ কথা ভাবি নিজা ববীয়াকৈ স্কুললৈ যোৱাৰ সিদ্ধান্ত লৈছিল৷ কিহে প্ৰেৰিত কৰিছিল সিহঁতক সেই বয়সতে? কি সপোনে কুঁহি মেলিছিল সিহঁতৰ দৰিদ্ৰ দুচকুত?
মই পঢ়াৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব খুজিছিলো সিহঁতক৷ নবীনকাতকৈ সুৰেশকা কিছু দুৰ্বল আছিল পঢ়াত৷ মই প্ৰায়ে পঢ়াই দিছিলো৷ ভাত কাপোৰৰ বৰ বিশেষ অভাৱ নাথাকিলেও ন জনীয়া পৰিয়ালটো চলাওতে পিতাইৰো কষ্ট হৈছিল যথেষ্ট৷ কিতাপ কাগজৰ অভাৱ মোৰো আছিল৷ তাৰ পিছতো সম্ভৱ অনুযায়ী আনে গম নোপোৱাকৈ পেন্সিল কাগজ যোগান ধৰিবৰ যত্ন কৰিছিলো দুয়োকে৷ পিছে বয়স হৈ অহাৰ লগে লগে দুয়োৰে আন সমস্যা কিছুমানো আহিল৷ ঘৰ চলাবলৈ উপাৰ্জনৰ চিন্তা কৰিব লগীয়া হ’ল৷ পথাৰত বৰশী বাই পোৱা মাছ বিক্ৰী কৰি চাউল যোগাৰ কৰিব লগা হ’ল৷ ৰিজাৰ্বৰ খৰি-খেৰ বেচি কাপোৰৰ চিন্তা কৰিব লগা হ’ল৷ পঢ়ি শুনি ডাঙৰ মানুহ হোৱাৰ সপোনটো চতুৰ্থমানৰ পৰা আৰু আগুৱাব নোৱাৰিলে৷ ...Digital Dream24
বয়সত সৰু আছিলো বাবেই নহয়, এনেয়েও পঢ়াৰ বাহিৰে বাকি দিশবোৰত সিহঁত দুটাতকৈ মই যথেষ্ট পিছপৰা আছিলো৷ খেলা-ধূলাতে হওক বা আন কথাতে হওক৷ বৰশী বাবলৈ গৈ কাৱৈ, গৰৈ, টিঙৰাৰে সিহঁতৰ ‘হাল্ঙি’ ভৰি যোৱা সময়ত মই শুদা মুখে উভতিব লাগে ঘৰলৈ৷ অৱশ্যে মই আৰ্জি অনা মাছৰ বাবে ঘৰত কাৰো অপেক্ষাও নাথাকে৷ গছৰ ডালৰ পকা আমটোলৈ চাই সিহঁতে চিঞৰি উঠে, অথচ মই কেঁচা- পকাই চিনি নাপাও৷ হাইদৰৰ চনবাৰীৰ পৰা যিটো সময়ত সিহঁতে শিমলু আলু, জপ্ৰা আলু আদি অনায়াসে বিচাৰি আনি পুৰি খাব পাৰিছিল, সেইটো সময়ত মই সেইবোৰ গছৰ পাতকে চিনি পোৱা নাছিলো৷ টেকেলীয়া বৰল, সেন্দূৰীয়া বৰল আদি এটা বৰলৰো কামোৰ নোখোৱাকৈ সিহঁতে পাৰি আনিব জানিছিল৷ পেটৰ ভোকৰ তাড়নাই হয়তো এনেবোৰ কামত সিহঁতক পাকৈত কৰি তুলিছিল৷ হয়, বৰ ভয়ংকৰ এই পেটৰ ভোক৷ আকাশেৰে উৰি যোৱা এৰোপ্লেনখন দেখি যিটো সময়ত মই পাইলট হোৱাৰ সপোন দেখিছিলো, সেইটো সময়ত সিহঁতে সেইখন এৰোপ্লেনৰ পৰা এবস্তা চাউল সৰি পৰাৰ কামনা কৰিছিল৷ ....
পঢ়া এৰি দুবছৰমান এনেদৰে কটোৱাৰ পিছত সুৰেশকাৰ জীৱনে নতুন বাট লৈছিল৷ উজনিৰ ফালে থকা চুবুৰীৰে নৃপেন বোলা এজনে তাক তেজপুৰলৈ লৈ গৈছিল আৰু আৰম্ভ হৈছিল গোলামী জীৱন৷ তাৰ পিছত পাইছিলগৈ গোলাঘাটৰ গাওঁ এখন৷ ফোনৰ সুবিধা নাছিল৷ অহা যোৱা কৰি থকাও সম্ভৱপৰ নাছিল৷ সি নথকা এনে দিনবোৰত খুৰা আৰু খুৰীয়ে বৰ দুখেৰে মনত পেলাইছিল তাক৷ এবাৰ মোৰ ঠিকনাতে ইনলেণ্ড কাৰ্ডত চিঠি এখন আহিছিল৷ সি হেনো মহ চ’ৰাবলৈ যাওঁতে মহৰ পিঠিৰ পৰা পৰিল৷ সোঁহাতখন ভাঙিল৷ খবৰটো পোৱাৰ পিছত খুৰীয়ে মুখ বিকটাই উচুপি উঠা দৃশ্যটো এতিয়াও মানস পটত জিলিকি আছে মোৰ৷ ...
অতিক্ৰমী অহা দিনবোৰত বহু মানুহৰ সান্নিধ্য পালো, বহু মানুহৰ সংস্পৰ্শলৈ আহিলো৷ কোনোবা অভিজাত, কোনোবা মধ্যবিত্ত, কোনোবা প্ৰতাপী, কোনোবা নিমাখিত৷ .. সকলোৰে দুখ আছে৷ সকলোৱে কোনোবা নহয় কোনোবা প্ৰকাৰৰ দুখ বহন কৰি ফুৰে হৃদয়ত৷ কিন্তু আশৈশৱ লগ পাই অহা খুৰা-খুৰীৰ দুখ-দৈন্য স্বচক্ষে প্ৰত্যক্ষ কৰাৰ পিছত সেই সকলোবোৰ দুখৰ ধাৰণা যেন তুচ্ছ হৈ পৰে৷ খুৰী আছিল এগৰাকী অসহায় মাতৃ৷ বোৱাৰী জীৱনৰ আৰম্ভণিতে কল পুলিৰ দৰে গজলা হৈ বাঢ়ি অহা হৰেশ্বৰ নামৰ প্ৰথম সন্তানটিক যমে কাঢ়ি নিছিল৷ যমে নহয়, এতিয়া ভাবো আচলতে তেওঁক এজাক চিনাকি মানুহে লগ লাগি নিৰ্মমভাৱে হত্যা কৰিছিল৷ মাহঁতে কোৱা মতে মই তেতিয়া আঁঠুকাঢ়ি ফুৰা বয়সৰ৷ টাইফয়দ হৈছিল হেনো৷ মাই মোক কোঁচত লৈ চাব গৈছিল৷ টাইফয়দত ৰোগীয়ে প্ৰলাপ বকে৷ তেতিয়া সেই অজ্ঞ, অন্ধবিশ্বাসী সমাজখনে তাক চেঁচা নদীৰ ভূতে লম্ভা বুলি ধৰি লৈ ভূত খেদাৰ নামত নিৰ্মম অত্যাচাৰ চলাইছিল তাৰ শৰীৰত৷ অৱধাৰিতভাৱেই সি সকলোৰে চকুৰ আগতে সাৱতি লৈছিল কৰুণ মৃত্যু৷ ...
নৰেশ্বৰ আছিল খুৰীৰ দ্বিতীয় সন্তান৷ সৰুৰে পৰা ৰঙিয়াৰ মানুহ এঘৰত গোলামী কৰি যেতিয়া ওলাই আহে তেতিয়া সি এটা গেলা মদাহী৷ শৈশৱ-কৈশোৰ লোকৰ ঘৰত গেবাৰি খাটি সি যেন আৰ্জি আনিছিল এটা মযাৰ্দাহীন, সন্মানহীন কুকুৰধূলি জীৱন৷ নিশ্চিতভাৱেই কিছুবছৰ বাটে-ঘটে আৰ-তাৰ চৰ-লাঠি খাই এদিন সিয়ো ৰুগীয়া হৈ পৰিছিল আৰু খুৰীৰ বুকুত এসোপা দুখ ঢালি গুচি গৈছিল সিপুৰীলৈ৷ ...
নৰেশ্বৰ ঢুকোৱাৰ এবছৰ কি দুবছৰ আগত খুৰায়ো ইহ সংসাৰৰ মায়া এৰি আঁতৰি গৈছিল খুৰীক অকলে থৈ৷ খুৰা ঢ়ুকোৱাৰ এবছৰ আগত সুৰেশকাৰ প্ৰত্যাৱৰ্তন হৈছিল গোলাঘাটৰ পৰা৷ আহিয়ে সি বিয়াখনো পাতিছিল৷ সিয়ো লাহে লাহে নিচাসক্ত হ’ব ধৰিছিল৷ মৃত্যুৰ দিনাও সি নিচাতে ডুবি আছিল৷ তাৰ মৃত্যুৰ খবৰটো ‘চেঁচানৈত পৰি এজন নিচাসক্ত লোকৰ সলিল সমাধী’– এনেকৈ বিয়পিল৷ Digital Dream24
কিন্তু সুৰেশকাৰতো সেইদিনাই মৃত্যু হৈছিল, যিদিনা নৰা কাটি ফলি-কিতাপ কিনি চতুৰ্থমানলৈকে পঢ়াৰ পিছতো স্কুল এৰি চাউলৰ সন্ধান কৰিব লগা হৈছিল !..
ককাই, য’তেই আছা কুশলে থাকা৷ একেই বাটৰ বাটৰুৱা আমি৷ মাথোঁ দুদিনৰ আগ পিছ৷ ... ওম শান্তি৷
(কান্দিব পৰাকৈ খুৰীৰ চকুত চকুপানী বুলি অৱশিষ্ট কিবা আছেগৈ নে নাই নাজানো । ময়ো গৈ এবাৰ দেখা দিয়াৰ সাহস গোটাব পৰা নাই । কি বুলি সান্ত্বনা দিম মই তেওঁক । কি বুলি.....!)

Good
ReplyDelete